anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ কাশ্মীৰৰ অনন্ত নাগত পুনৰ সন্ত্ৰাসবাদীয়ে ভয়াবহ আক্ৰমণ সংঘটিত কৰিছে৷ নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰাত ২ চিআৰপিএফৰ জোৱানৰ মৃত্যু হৈছে৷ জানিব পৰা মতে, কাশ্মীৰৰ অনন্তনাগৰ আচৱাল চ’কত শুকুৰবাৰে পহৰা দি থকা চিআৰপিএফৰ জোৱানক অতৰ্কিতে আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে৷ 

ফলত দুই জোৱান শ্বহীদ হোৱাৰ লগতে এজন জোৱান আৰু এজন সাধাৰণ নাগৰিক আহত হয়৷ ইতিমধ্যে সেনা, অৰ্ধসামৰিক বাহিনীয়ে প্ৰত্যুত্তৰ দি অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে৷ চিআৰপিএপৰ উপ-পৰিদৰ্শক মীনা আৰু কনিষ্টবল সন্দীপৰ মৃত্যু হয়৷ সন্ত্ৰাসবাদীৰ দলক বিচাৰি সমগ্ৰ এলেকা ঘেৰি লৈ অভিযান চলাই থকা হৈছে৷