মঙলদৈঃ বিদ্ৰোহী সংগঠন আলফাৰ নেতা-কেডাৰক বিচৰাৰ নামত সহজ-সৰল অসমীয়াক হাৰাশাস্তি কৰাটো নতুন কথা নহয়৷ জকাইচুকৰ আবাল-বৃদ্ধ-বনিতা-ডেকাই বন্দুকৰ কুণ্ডাৰ কোব খাই জীৱন ঘূণীয়া কৰাৰ অসমত অলেখ উদাহৰণ আছে৷ অসমৰ জীয়ৰীক আলফা বিচৰাৰ নামত ধৰ্ষণ কৰাৰো উদাহৰণ অসমত আছে৷

বহু মাতৃয়ে পুত্ৰ হেৰুৱাই বুকু উদং কৰিছে, বহু অসমীয়া নাৰীয়ে কপালৰ ফোঁট মচিবলগীয়া হৈছে আলফাৰ তথাকথিত সংগ্ৰামৰ বাবে৷ অসমৰ বহু পৰিয়ালক আজিও বছৰেকত নতুবা মাহেকত এবাৰ হ’লেও সেনা-আৰক্ষীয়ে শাৰীৰিক-মানসিক অত্যাচাৰ কৰাৰ উদাহৰণ আছে যদিও প্ৰাণৰ সংশয়ত যেন সকলো সহি যায় সহজ-সৰল এই পৰিয়ালবোৰে৷

পৰিয়ালবোৰৰ বৃদ্ধ মাতৃ-পিতৃ-ভগ্নী-ভাতৃ কোনেও যেন সাৰি নাযায় এই নিৰ্যাতনৰ পৰা৷ ইয়াৰ মাজতে এনে এটা পৰিয়াল আছে যিটো পৰিয়ালে ১৯৯২ চনৰ পৰাই আজিলৈ এনে শাৰীৰিক-মানসিক আতিশয্যৰ বলি হৈ আহিছে৷ এই পৰিয়ালটো হৈছে দৰং জিলাৰ ন-হাউলীৰ দুৰ্ভগীয়া শুক্লেশ্বৰ ডেকাৰ পৰিয়াল৷

শুক্লেশ্বৰ ডেকা আলফা হোৱাটোৱে যেন পৰিয়ালৰ সকলোৰে বাবে অপৰাধ হ’ল৷ এই পৰিয়ালটোক আলফা বিচৰাৰ নামত বছৰৰ পিছত বছৰ ধৰি আৰক্ষী আৰু সেনাবাহিনীয়ে হাৰাশাস্তি কৰি অহা বুলি অভিযোগ উত্থাপিত হৈছে। 

১৯৯২ চনতে সেনাবাহিনীৰ হাতত মৃত্যু হৈছিল আলফাৰ লগত জড়িত শুক্লেশ্বৰ ডেকাৰ।

নিহত আলফা নেতা শুক্লেশ্বৰ ডেকাৰ পৰিয়ালে আৰু যেন সহিব নোৱাৰে অভিশাপ সদৃশ এই আতিশয্য৷ নিহত শুক্লেশ্বৰ ডেকাৰ ভ্ৰাতৃ গোলোক ডেকাৰ বিৰুদ্ধে প্ৰশাসনে পাঁচোটাকৈ গুৰুতৰ ধাৰা আৰোপ কৰি গোচৰ ৰুজু কৰি ৰাখিছে। 

সেই কোন-কাহানিবাতেই সেনাৰ গুলীত নিহত আলফা সদস্যজনৰ পৰিয়ালৰ লোকে প্ৰশাসনৰ আতিশয্য-হাৰাশাস্তিৰ সকলো সীমা অতিক্ৰম কৰাৰ অন্তত এতিয়া আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত ল'বলৈ বাধ্য হৈ পৰিছে।শনিবাৰে এই সন্দৰ্ভত newsnextone.comৰ আগত পৰিয়ালৰ সদস্যসকলে ভয়ে ভয়ে জনাই যে তেওঁলোকে এতিয়া জীয়াই থকাৰ কোনো অৰ্থই বিচাৰি পোৱা নাই।

'মৰি মৰি জীয়াই থকাৰ কোনো অৰ্থ থাকিব নোৱাৰে। আমি দিন হাজিৰা কৰি খোৱা মানুহ। আলফা-ছালফাৰ কথা ভাবিবলৈ সময়েই বা ক'ত। সেই কাহানিবাতে এজনে কিবা কাৰণত আলফা হৈছিল। তাকে লৈ আজিও আমাৰ ওপৰত নিৰ্যাতন চলিছে। এনেদৰে মিছা অপযশ সহি থকাতকৈ আমি মৰি যোৱাটোৱে শ্ৰেয়।'- এইদৰে কয় দুৰ্ভগীয়া পৰিয়ালটোৰ এজন সদস্যই।

শেহতীয়াকৈ যোৱা ফেব্ৰুৱাৰী মাহত ওদালগুৰি জিলাৰ কলাইগাঁৱত কোনো অচিনাক্ত দুৰ্বৃত্তই ঘৰৰ ভিতৰতে স্বামী-স্ত্ৰীক জ্বলাই হত্যা কৰাৰ পিছৰে পৰা সেনা-আৰক্ষীয়ে দিনে-নিশাই সোধ-পোছৰ নামত পূৰ্বতকৈ অধিক হাৰাশাস্তি কৰিবলৈ লোৱা বুলিও newsnextone.comক জানিবলৈ দিয়ে পৰিয়ালটোৰ সদস্যসকলে।