নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ এখন ভিতৰুৱা গাঁও ৰূপতলী। নামটোৰ দৰেই ৰূপোৱালী এই গাঁওখন। মুখ্যমন্ত্ৰী শৰত চন্দ্ৰ সিংহৰ দিনতে আদৰ্শ গাঁও হিচাপে স্বীকৃতিপ্ৰাপ্ত এই গাঁওখন পিছে সেই স্বীকৃতিতেই ক্ষান্ত থাকিল।

এই পৰ্যন্ত কোনো চৰকাৰী আঁচনিৰ প্ৰভাৱ নপৰিল গাঁওখনত। তথাপি প্ৰায় ৬০ ঘৰতকৈ অধিক মানুহেৰে পূৰ্ণ গাঁওখনৰ প্ৰত্যেকজন লোক ব্যস্ত নিজৰ নিজৰ কৰ্মত। প্ৰত্যেকঘৰ মানুহৰে আছে বিঘা বিঘা কেৰেলা খেতিৰ লগতে মীনপালনৰ বৃহৎ পুখুৰী।

বাৰিষা বানে গৰকা এলেকাটোত কেৰালা খেতিৰ বাদে অন্য খেতি কৰাত অসুবিধা হয় গাঁওবাসীৰ। সেয়েহে উপাৰ্জনৰ আহিলা হিচাপে বাছি লৈছে কেৰেলা খেতিৰ লগতে মীনপালন। গাঁৱৰ কণমানিটোৰ পৰা বুঢ়াজনলৈকে এই সময়ত ব্যস্ত নিজৰ নিজৰ কৃষিভূমিত।

এনেধৰণৰ খেতিৰেই স্বাৱলম্বী অঞ্চলটোৰ প্ৰত্যেকজন। তাতোকৈ উল্লেখযোগ্য কথাটো হ'ল, বহুকেইজন টেট উত্তীৰ্ণ যুৱকেও এই ধৰণৰ খেতিকেই উপাৰ্জনৰ পথ হিচাপে বাছি লৈছে। চাকৰিৰ পৰা বঞ্চিত এই যুৱকসকলৰ পিছে এতিয়া চাকৰিৰ প্ৰতি আকৰ্ষণো হেৰাই গৈছে।

কেৰেলা খেতি, মীনপালনৰ জৰিয়তেই বিচাৰি লৈছে নিজৰ ঘৰখন চলোৱাৰ দায়িত্ব। ১৯৭৩ চনতে আদৰ্শ গাঁও হিচাপে স্বীকৃতিপ্ৰাপ্ত গাঁওখনত এই পৰ্যন্তও এটা সুচল পথৰ ব্যৱস্থা নকৰিলে চৰকাৰে। বাৰিষা বোকা-পানীৰে অচল হৈ পৰে যাতায়াত ব্যৱস্থা। জলসিঞ্চনৰ লগতে কোনোধৰণৰ চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হোৱাত ক্ষোভ উজাৰিছে গাঁওবাসীয়ে।