আজাৰাঃ মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ এখন আজৱ বিদ্যালয়। এই বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰীয়ে ইচ্ছা গ'লেই আহে আৰু ইচ্ছ নগ'লেই নাহে। ইচ্ছা মতেই বন্ধ দিব পাৰে বিদ্যালয়খন। 

এই আজৱ বিদ্যালয়খন হৈছে অসম-মেঘালয় সীমান্তৱৰ্তী ৰাণীৰ আল্লিৱাৰী প্ৰাথমিক বিদ্যালয়। চৰকাৰে শিক্ষা বিভাগৰ আমূল পৰিৱৰ্তন হোৱা বুলি দাবী কৰি অহাৰ সময়তে বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ এনে কৰ্ম-কাণ্ডত অতিষ্ঠ হৈ পৰিছে ৰাইজ।

শতাধিক ছাত্ৰ-ছাত্ৰী থকা ৰাণী শিক্ষাখণ্ডৰ অন্তৰ্গত এই বিদ্যালয়খনৰ শিক্ষয়িত্ৰী চুমি পাটগিৰি আৰু ক্ষীৰোদা মালীয়ে চৰকাৰী নীতি-নিয়ম উলংঘা কৰি নিজ ইচ্ছামতে বিদ্যালয় চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

উত্থাপিত অভিযোগ অনুযায়ী বিদ্যালয়খনৰ শিক্ষয়িত্ৰী দুগৰাকীয়ে মন গ'লে বিদ্যালয়লৈ আহে আৰু মন নগ'লেই নাহে। ইচ্ছা গ'লেই কোনো পাঠদান নকৰাকৈ বিভিন্ন অজুহাত দেখুৱাই ছাত্ৰ-ছাত্ৰীক ঘৰলৈ ওভতাই ছুটী দি দিয়ে।

এই সন্দৰ্ভত একাধিকবাৰ স্থানীয় লোকে ৰাণীস্থিত শিক্ষাখণ্ডক বিদ্যালয় কৰ্তৃপক্ষৰ এনে মইমতালিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ দি আহিছে যদিও কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। ফলত উপায়ন্তৰ হৈ পৰিছে বিদ্যালয়খনত অধ্যায়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকল।

ৰাজ্যৰ শিক্ষাৰ মান উন্নত কৰিবলৈ গুজৰাটৰ আৰ্হিত গুণোৎসৱ আয়োজন কৰা চৰকাৰে এনেধৰণৰ আন্তঃগাথনি তথা বিদ্যায়তনিক পৰিৱেশ নথকা বিদ্যালয়সমূহৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া প্ৰত্যক্ষ কৰিবলৈ বাট চাই ৰৈছে অঞ্চলটোৰ ৰাইজে।