নতুন দিল্লীঃ নতুন বছৰত নতুন নিয়ম। আকৌ সাজু হওক শাৰী পাতিবলৈ। এইবাৰ বেংক বা গেছ এজেন্সীত নহয়, শাৰী পাতিবলগীয়া হ’ব পাৰে ডিটিঅ’ কাৰ্যালয়ত। কিয়নো অতি শীঘ্ৰে ড্ৰাইভিং লাইচেন্সৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাতো বাধ্যতামূলক হৈ পৰিব। 

'শীঘ্ৰে ড্ৰাইভিং লাইচেন্সৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাতো বাধ্যতামূলক হ’ব। এই সম্পৰ্কীয় আইন প্ৰণয়নৰ বাবে আমাৰ চৰকাৰে ইতিমধ্যে প্ৰায় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।’-বিষয়টো সন্দৰ্ভত এইদৰে কয় কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে। 

♦ চৰকাৰে DL আৰু আধাৰ কাৰ্ড কিয় লিংক কৰিব বিচাৰিছে?

ড্ৰাইভিং লাইচেন্সৰ সৈতে আধাৰ কাৰ্ডক সংযুক্ত কৰাৰ সপক্ষে চৰকাৰৰ যুক্তি এয়া যে এতিয়াৰ নিয়ম অনুযায়ী অতি সহজে ভুৱা ড্ৰাইভিং লাইচেন্স লাভ কৰিব পৰা যায়। ফলত দুৰ্ঘটনা সংঘটিত কৰা লোকেও ভুৱা ড্ৰাইভিং লাইচেন্সৰ জৰিয়তে আইনৰ চকুত ধূলি দি আহিছে। 

আধাৰৰ সৈতে লিংক কৰাতো বাধ্যতামূলক হ’লে ভুৱা ড্ৰাইভিং লাইচেন্স উলিওৱাতো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব বুলি দাবী কৰিছে চৰকাৰে। চৰকাৰৰ মতে আধাৰ কাৰ্ড লিংক কৰাৰ ফলত কোনো লোকে নিজৰ নামত দুখন ড্ৰাইভিং লাইচেন্স উলিয়াব নোৱাৰিব।  

♦ কেতিয়াৰ পৰা বাস্তৱ ৰূপ পাব চৰকাৰৰ এই পৰিকল্পনা? 

২০১৮ বৰ্ষৰ শেষৰ ফালে চৰকাৰে ঘোষণা কৰিছিল যে এতিয়াৰে পৰা গাড়ী চলাবলৈ লগত ড্ৰাইভিং লাইচেন্স আৰু অন্যান্য তথ্য লগত ৰখাতো প্ৰয়োজনীয় নহয়। ইয়াৰ পৰিৱৰ্তে পৰিবহণ বিভাগৰ এপৰ জৰিয়তে প্ৰয়োজনত তেনে তথ্য ডিজিটেলি দেখুৱাব পৰা ব্যৱস্থাৰ কথা ঘোষণা কৰিছিল চৰকাৰে। 

উল্লেখ্য যে, বিদায়ী বৰ্ষৰ ২৬ ছেপ্তেম্বৰত সৰ্বোচ্চ ন্যায়ালয়ে বেংক একাউণ্ট, মোবাইল নম্বৰসহ একাধিক ক্ষেত্ৰত আধাৰ বাধ্যতামূলক নহয় বুলি ৰায় প্ৰদান কৰিছিল। এনে পৰিপ্ৰেক্ষিতত কেন্দ্ৰই শেহতীয়াকৈ হাতত লোৱা উক্ত পদক্ষেপ প্ৰকৃতাৰ্থত কাৰ্যকৰী হয় নে নহয় সেয়া সময়েহে ক’ব।

আনহাতে, দেশৰ কেবাখনো ৰাজ্যত এতিয়াও আধাৰ কাৰ্ড প্ৰতিজন নাগৰিকে লাভ নকৰালৈ চাই চৰকাৰৰ সমগ্ৰ পৰিকল্পনাই বাস্তৱ ৰূপ পাবলৈ আৰু অধিক দিনৰ প্ৰয়োজন হোৱাৰ সম্ভাৱনাও প্ৰায় স্পষ্ট হৈ পৰিছে।