মোৰাঝাৰঃ ৰাজ্য খনৰ বিভিন্ন মাধ্যমত কাম কৰি থকা সাংবাদিকসকলৰ বিভিন্ন সমস্যাৰ হকে মাত মাতি অহা সদৌ অসম সাংবাদিক সন্থাই গ্ৰাম্য অঞ্চলৰ সাংবাদিকৰ সমস্যা সমাধান কৰাৰ বাবে কাম কৰিব ৷ মফচলীয় সাংবাদিকসকলৰ সংগঠন সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুই সাংবাদিকৰ সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব ৷

হোজাই জিলা সমিতি গঠনৰ উদ্দেশ্যে হোজাইৰ ডবকাৰ আব্দুল জেলিল চৌধুৰী (ৰঃ) স্মাৰক প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত এই কথা প্ৰকাশ কৰে সংগঠনটোৱে৷ হোজাই জিলাৰ মফচলীয় সাংবাদিকৰ ক্ষেত্ৰখনত অনন্য মাত্ৰা প্ৰদান কৰা সাংবাদিক তুষেশ্বৰ তামুলী ফুকনৰ সভাপতিত্ব অনুষ্ঠিত সভাত জ্যেষ্ঠ সাংবাদিক তথা ডবকা প্ৰেছক্লাবৰ সভাপতি আব্দুল হান্নান তালুকদাৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে৷

আজুৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি পংকজ কুমাৰ নাথ আৰু নগাওঁ জিলা সাংবাদিক সন্থাৰ সভাপতি ফাইজুৰ ৰহমান আৰু চন্দনজ্যোতি বৰা কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে ৷ জিলাখনৰ নবীন প্ৰবীন প্ৰায় দুকুৰিৰো অধিক সাংবাদিকে অংশ গ্ৰহণ কৰা এই সভাতে হোজাই, ডবকা, যমুনামুখ,নীলবাগান, মোৰাঝাৰ, লংকা আৰু লামডিঙৰ সাংবাদিক সকলক সাঙুৰি ২১ জনীয়া সদস্যৰে সৈতে এক শক্তিশালী কাৰ্যনিৰ্বাহক কমিটি গঠন কৰা হয়৷

তুষেশ্বৰ তামুলী ফুকনক মুখ্য উপদেষ্টা, মুকুল গোস্বামীক উপদেষ্টা, সুব্ৰত সৰকাৰক সভাপতি, প্ৰণৱ শৰ্মাক সধাৰণ সম্পাাদক, পল্লবী কলিতা, আব্দুল হেকিমক উপসভাপতি, বাবুল তালুকদাৰক মুখ্য সাংগঠনিক সম্পাদক,হিফজুৰ ৰহমানৰ সাংগঠনিক সম্পাদক, প্ৰবীন কুৰ্মীক সহঃসম্পাদক, ইছমাইল আলীক আলোচনী সম্পাদক,ফাৰহান আহমেদক কাৰ্যালয় সম্পাদক হিচাপে লৈ এখন পুৰ্ণাঙ্গ কমিটি গঠন কৰা হয়৷

ইফালে সঞ্জিব দে, আব্দুল হান্নান তালুকদাৰ, ছাদিকুজ জামানক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হিচাপে দায়িত্ব অৰ্পণ কৰা হয়৷ উল্লেখ্য যে হোজাই জিলা সমিতিখন পোন প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় নেতৃত্বই গঠন কৰি দিয়ে ফলত সাংবাদিক মহল আজি উৎফুল্লিত হোৱা পৰিলক্ষিত হয়৷

আজিৰ সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতি  পংকজ কুমাৰ নাথে ভাষন প্ৰসংগত সংগঠনৰ কাম কাজ আৰু দুষ্ট চক্ৰৰ দুষ্টামী সম্পৰ্কে আলোকপাত কৰি, নিজৰ ভাষাত মফচলীয়া সাংবাদিকৰ সমস্যা সমাধানৰ বাবে আজু সদায় দায়বদ্ধ থাকিব বুলি কৈ সকলো সাংবাদিকে সময়ত আজুক গ্ৰহণ কৰিব বুলিও কয়৷