কোকৰাঝাৰঃ শুকুৰবাৰে বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ সমীপৰ ভোটগাঁৱত পথ মেৰামতিৰ দাবীত আক্ৰাছু আৰু এবিএমছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ কোকৰাঝাৰ চহৰৰ পৰা মাথো ৫ কিলোমিটাৰ নিলগত পথ মেৰামতিৰ দাবীত সংগঠন দুটাই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে।

ভোটগাঁও বজাৰ মুল পথ অৱৰোধ কাৰ্যসূচীত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে অংশগ্ৰহন কৰি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

মডেল বিটিচিৰ সপোন দেখুৱাই তথা পৰিৱৰ্তনৰ শ্ল’গান দি শাসনৰ গাদী দখল কৰা বিপিএফ আৰু বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি এবিএমছু আৰু আক্ৰাছুৱে এসপ্তাহৰ ভিতৰতে পথ মেৰামতি নকৰিলে পুনৰ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ দিয়ে।

উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰাই কোকৰাঝাৰ-ফুটকিবাৰী ৰাজ্যিক পথটোৰ অৱস্থা শোচনীয় হৈ পৰাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে। কোকৰাঝাৰ চহৰৰ পৰা ধুবুৰী সংযোগী তথা ফুটকিবাৰীলৈ যোৱা বিধ্বস্ত পথটো এসপ্তাহৰ ভিতৰতে মেৰামতি কৰাৰ দাবীত পুৱা ১০ বজাৰ পৰা আক্ৰাছু আৰু এবিএমছুৱে কেইবাসহস্ৰাধিক ৰাইজ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে ভোটগাঁৱত পথ অৱৰোধ কৰি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰে।

প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফেষ্টুন, প্লেকাৰ্ড লৈ হাগ্ৰামা মহিলাৰী গ' বেক, প্ৰমীলা ৰাণী ব্ৰহ্ম গ' বেক, মন্ত্ৰী পৰিমল শুক্লবৈদ্য গ'বেক , এমচি এল এ আব্দুল আলী মণ্ডল গ' বেক, গড়কাপ্তানি বিভাগ মুৰ্দাবাদ, বি জে পি চৰকাৰ হায় হায় আদি শ্ল’গানেৰে ভোটগাঁৱৰ আকাশ বতাহ কপাই তোলে। পুৱা ১০ বজাৰ ১২ বজালৈ পথ অৱৰোধ কাৰ্যসূচীৰ ৰূপায়ণ কৰাৰ ফলত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে।

পথ অৱৰোধৰ অন্তত এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জাইদুল ইছলাম আৰু আক্ৰাছুৰ ভোটগাঁও আঞ্চলিক আক্ৰাছুৰ উপদেষ্টা গিৰেন ৰায়ে কোকৰাঝাৰ-ফুটকিবাৰী পথ বছৰ বছৰ ধৰি জৰাজীৰ্ণ হৈ থকাৰ বাবে সাধাৰণ জনতা, ছাত্ৰ-ছাত্ৰী, প্ৰসূতিক চিকিৎসালয় লৈ নিয়াত ব্যাপক অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে যাতায়তৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হোৱাৰ কথা সদৰি কৰি এসপ্তাহৰ ভিতৰতে পথটো মেৰামতি কৰাৰ দাবী উত্থাপন কৰে।

তদুপৰি বিপিএফ আৰু বিজেপি চৰকাৰকো কঠোৰ ভাষাৰে সমালোচনা কৰি সংগঠন দুটাৰ নেৰ্তৃবৰ্গই কয় যে, পৰিৱৰ্তনৰ শ্ল’গান দিয়া বিজেপি আৰু মডেল বিটিচিৰ সপোন দেখুওৱা বিপিএফে অকল কোকৰাঝাৰ সদৰ চহৰতে উন্নয়ন সীমাবদ্ধ ৰাখিলে ন’হব বুলি কটাক্ষ কৰে৷ কোকৰাঝাৰ চহৰৰ দাতি কাষৰীয়া অঞ্চলসমূহকো সমানে গুৰুত্ব দিয়াৰ আহ্বান জনাই নেতাদ্বয়ে শীঘ্ৰে কাৰ্যব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনায়।

পথ অৱৰোধৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক কোকৰাঝাৰ ফুটকিবাৰী পথ এসপ্তাহৰ ভিতৰতে মেৰামতি কৰাৰ লগতে বহল কৰা আৰু ভোটগাঁও বজাৰত স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলোৰ সুৰক্ষাৰ্থে গতিৰোধক নিৰ্মান কৰাৰ দাবী উত্থাপন কৰি স্মাৰক পত্ৰ প্ৰদান কৰে আক্ৰাছু-এবিএমছুৱে।