গুৱাহাটীঃ বিদেশীক বৰপীৰা পাৰি আদৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নাগৰিকত্ব আইন সংশোধনৰ তীব্ৰ বিৰোধীতা কৰি আজি আকৌ গৰজি উঠিল সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ২৯ টা জাতি-জনগোষ্ঠীয় সংগঠন।

অবৈধ হিন্দু বাংলাদেশীৰ বোজা অসমৰ ওপৰত জাপি দিয়াৰ এই অসমীয়া জাতিবিৰোধী সংশোধনী বিধেয়কখন কোনো কাৰণতে গৃহীত হ’বলৈ দিয়া নহ’ব বুলি চৰকাৰক সকিয়াই দিয়ে বিভিন্ন জাতীয়তাবাদী দল-সংগঠনবোৰে। অসম চুক্তি ৰূপায়নেৰে অসমৰ জলন্ত বিদেশী নাগৰিকৰ স্থায়ী সমাধান আৰু চিলাপথাৰ কাণ্ডৰ অভিযুক্তসকলৰ কঠোৰ শাস্তিৰ দাবীৰে আজি উত্তাল হৈ পৰে গুৱাহাটীৰ ৰাজপথ।

হিন্দুৱে হওক বা মুছলমানে হওক, কোনো অবৈধ বাংলাদেশীকে অসম দেশত স্থান দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই। ১৯৭১ লৈ অসমে বহুত বোজা ল’লে, সেয়ে তাৰ পিছত নতুনকৈ বোজা লোৱাৰ কোনো যুক্তি নাই বুলি কয় ভট্টাচাৰ্যই। ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমত প্ৰৱেশ কৰা অবৈধ বাংলাদেশীৰ চিনাক্তকৰণ আৰু প্ৰত্যাৰ্পণ নকৰালৈকে ক্ষান্ত নাথাকো বুলিও স্থিতি স্পষ্ট কৰি দিয়ে ভট্টাচাৰ্যই। 

অসমীয়া জাতিৰ অস্বিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬ৰ যোগেদি লাখ লাখ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ জাতিধ্বংসী ষড়যন্ত্ৰ সফল হ’বলৈ নিদিও বুলি একমুখে হুংকাৰ দিয়ে সকলোৱে। অসম তথা ভাৰত চৰকাৰক সকীয়নি দি লতাশিলৰপৰা চানমাৰি অভিমুখে এক বিশাাল সমদল উলিয়ায় আছুৰ লগতে ২৯ টা সংগঠনে।   

লতাশিলত একত্ৰিত হোৱা বিশাল সমদলক সম্বোধন কৰি এনে জাতিধ্বংসী সিদ্ধান্ত পৰিহাৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক পুনৰ সকীয়াই দিয়ে আছুৱে৷ ঐতিহাসিক লতাশিল খেলপথাৰত একত্ৰিত হোৱা হাজাৰ হাজাৰ প্ৰতিবাদকাৰীক সম্বোধন কৰি আছুৰ সভাপতি দীপাংক নাথে কয় যে অসমে আৰু বোজা বহন কৰিব নোৱাৰে। অসম চুক্তি উলংঘা কৰি অসমীয়াক অৱমাননা কৰা হৈছে বুলি আছুৰ নেতাগৰাকীয়ে মন্তব্য কৰে। 

এই সংশোধনীয়ে অসমৰ খিলঞ্জীয়া ৰাইজৰ ভাষা-সংস্কৃতি ৰক্ষাৰ্থে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি আছুৰ উপদেষ্টাগৰাকীয়ে সকলোকে আশ্বাস দিয়ে। কেন্দ্ৰৰ এই অসমীয়া জাতিবিৰোধী সিদ্ধান্ত যিকোনো মূল্যৰ বিনিময়ত প্ৰতিহত কৰা হ’ব বুলিও নেতাগৰাকীয়ে দৃঢ়তাৰে কয়। আছুৰ ধেমাজি জিলাৰ কাৰ্যালয়ৰ উদ্ভাণ্ডলিৰ উচিত বিচাৰ হ’ব লাগিব বুলিও দল-সংগঠনে মতপ্ৰকাশ কৰে। 

এই প্ৰতিবাদী গণসমাৱেশত ভাগ লয় সদৌ অসম ট্ৰাইবেল সংঘ, সদৌ অসম ট্ৰাইবেল যুৱ লীগ, মিচিং মিমাগ কেবাং, সদৌ মিচিং ছাত্ৰ সন্থা, সদৌ তিৱা ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ ডিমাচা ছাত্ৰ সন্থা, অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ অসম মৰাণ ছাত্ৰ সন্থা, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা, সদৌ টাই আহোম ছাত্ৰ সন্থা, নিখিল ৰাভা ছাত্ৰ সন্থা, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সদৌ অসম দেউৰী ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা, সদৌ অসম মদাহী ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, এনচি হিলচ ইমডিজিনিয়াছ ষ্টুডেণ্টচ্ ফ’ৰাম, সদৌ অসম কাৰ্বি ছাত্ৰ সন্থা, মেছ কছাৰী জাতীয় পৰিষদ, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, সদৌ অসম হাজং ছাত্ৰ সন্থাকে ধৰি মুঠ ২৯ টা সংগঠনে।