চিলাপথাৰঃ হিন্দু বাংলাদেশীক অসমত বৰপীৰা পাৰি দিবলৈ চৰকাৰে যো-জা চলাই থকাৰ সময়তে ৰাজ্যখনৰ অন্যতম জাতীয় সংগঠন আছুৰ কাৰ্যালয়ত আক্ৰমণ চলালে বাংলাভাষীয়ে। ধেমাজিৰ চিলাপথাৰস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আজি সন্ধিয়া প্ৰায় ৫ বজাত সংঘটিত হয় এই ভয়াৱহ আক্ৰমণ। 

আৰক্ষীৰ শূন্যলৈ গুলী, আটাছু কৰ্মী আহত। বাঙালী সমদলকাৰীয়ে জ্বলাই দিলে বাহন।অঞ্চলজুৰি অব্যাহত আছে উত্তেজনা। হিন্দু বাঙালীক সুৰক্ষা প্ৰদানৰ দাবীত সমদল উলিয়াইছিল সংগঠনটোৱে।

প্ৰাপ্ত বাতৰি মতে আজি জনজাতি স্কুল প্ৰাংগনত নিখিল ভাৰত বাঙালী উদ্বাস্তু সমন্বয় সমিতিৰ উদ্যোগত এখন বিশাল জনসভা অনুষ্ঠিত হৈছিল। এই জনসভাৰ পিছতে চিলাপথাৰ নগৰত হিন্দু বাঙালীক সংস্থাপন, সুৰক্ষা প্ৰদান, ডি ভোটাৰ বাতিলকৰণকে আদি কৰি একাধিক দাবীৰ সমৰ্থন এক বৃহৎ সমদল উলিয়ায় সন্মিলনটোৰ কৰ্ম-কৰ্তাসকলে।

সমদল চলি থকাৰ মাজতে সমদলকাৰী দলটোৰ একাংশই আছুৰ কাৰ্যালয়ৰ সমুখ পোৱাত উক্ত কাৰ্যালয়টোৰ ছাইনব'ৰ্ডলৈ শিলগুটি নিক্ষেপ কৰে। সেই সময়ত কাৰ্যালয়টোত উপস্থিত থকা আছু কৰ্মীয়ে শিল দলিওৱা কাৰ্যৰ প্ৰতিবাদ জনোৱাত প্ৰথমে দুয়ো পক্ষৰ মাজত বাক-বিতণ্ডা লাগে।

বাক-বিতণ্ডা চলি থকাৰ মাজতে বাঙালী সংগঠনটোৰ একাংশ উত্তেজিত সদস্যাই আছু কৰ্মীকেইজনক আক্ৰমণৰ চেষ্টা চলায়। ইয়াৰ পিছতেই সমদলকাৰীৰ সৈতে আৰম্ভ হয় আছু কৰ্মীৰ ৰণ। কিন্তু আছু কৰ্মীৰ তুলনাত তেতিয়া বাঙালী সন্মিলনৰ সদস্যৰ সংখ্যা অধিক হোৱাত উত্তেজিত সমদলকাৰীসকলে আছুৰ কাৰ্যালয়টো ভাঙি চূৰমাৰ কৰাৰ লগতে শ্বহীদ বেদীটোও খণ্ড-বিখণ্ড কৰে।

ইমানতে ক্ষান্ত নাথাকি সমদলকাৰী দলটোৱে আছুৰ কাৰ্যালয় চৌহদত ৰখাই থোৱা কুৰিখনকৈ বাইকৰো ক্ষতি-সাধন কৰে। সমদলকাৰীয়ে দুখনকৈ বাইক জ্বলাই দিয়াৰ লগতে ধেমাজিৰ পৰা চিলাপথাৰলৈ অহা এ এছ-২২ ডি-৪৮৫৭ নম্বৰৰ ৱেগনাৰ আৰু এ এছ-০৩ এ চি-৮৮২৪ নম্বৰৰ টাটা ম'বাইল বাহন দুখন ভাঙি ক্ষতিগ্ৰস্ত কৰে।

কিছু পলমকৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় যদিও বাঙালী সংগঠনটোৰ সদস্যসকল অধিক উত্তেজিতহে হৈ পৰে। সমদলকাৰীসকলে আৰক্ষীলৈকো শিলগুটি নিক্ষেপ কৰে।সমদলকাৰীৰ শিলাবৰ্ষণত কৰ্তব্যৰত ডি এছ পি ৰ'জি তালুকদাৰো কিছু পৰিমাণে আহত হয়।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত আৰক্ষীয়ে বাধ্য হৈ শূন্যলৈ গুলীচালনা কৰাৰ লগতে কন্দুৱা গেছো প্ৰয়োগ কৰে। ফলত ধনটি হাজৰিকা নামৰ এজন আটাছু কৰ্মীৰ মূৰত গুলী লাগে। গুলীবিদ্ধ আটাছু কৰ্মীজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনাটোক লৈ বৰ্তমানো সমগ্ৰ ধেমাজিত অব্যাহত আছে চেপা উত্তেজনা।

হিন্দু বাংলাদেশীৰ ক্ষেত্ৰত ৰহস্যজনক মৌনতা অৱলম্বন কৰি অহাৰ সময়তে জাতীয় সংগঠনটোৰ কাৰ্যালয়লৈ শিলগুটি নিক্ষেপ কৰি বাঙালী  সংগঠনে সংঘটিত  কৰা এনে আক্ৰমণৰ ঘটনাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে ৰাজ্যবাসী।