তেজপুৰ টাউনঃ চিলাপথাৰ কাণ্ড, নগাঁও কাণ্ড, জুৰীয়া কাণ্ডৰ পিছতেই অসমীয়াৰ আবেগ, অনুভূতিক ভৰিৰে মোহাৰি সন্দেহজনক লোকে এইবাৰ ধুবুৰীৰ গৌৰীপুৰত আছুৰ কাৰ্যালয় জ্বলাই দিয়ে৷ বুধবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই জ্বলাই দিয়ে গৌৰীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত।

কেৱল কাৰ্যালয় জ্বলাই দিয়াতে ক্ষান্ত নাথাকি দুৰ্বৃত্তৰ দলটোৱে কাৰ্যালয়টোৰ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰৰ ক্ষতিসাধন কৰে। এই ঘটনাৰ প্ৰতিবাদত শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে৷ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই তেজপুৰতো কেইবাশতাধিক লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

ৰাজপথত চৰকাৰ বিৰোধি শ্ল’গানেৰে উত্তাল কৰি জোঁৰ সমদল উলিয়াই তেজপুৰ চহৰৰ পৰিবেশ উত্তাল কৰি তোলে। হাতে হাতে জোৰ লৈ তেজপুৰ আছুৰ কাৰ্যালয়ৰ পৰা উলিওৱা বৃহৎ সমদলটোৱে তেজপুৰ চহৰৰ কপাই তোলে৷ ধুবুৰী জিলাৰ গৌৰীপুৰৰ আছুৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰাৰ ঘটনাৰ সৈতে জৰিত দুৰ্বৃত্তক আটক কৰাৰ দাবী জনায় সংগঠনটোৱে৷