ওদালগুৰিঃ চিলাপথাৰ কাণ্ডৰ পাৰ্ট-৪ ইতিমধ্যে সংঘটিত হ’ল ৰাজ্যত৷ এইবাৰ নামনি অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰত সংঘটিত হ’ল চিলাপথাৰ কাণ্ডৰ পাৰ্ট-৪ কাণ্ড৷ দুৰ্বৃত্তই আক্ৰমণ কৰি জ্বলাই দিয়ে গৌৰীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়। কেৱল কাৰ্যালয় জ্বলাই দিয়াতে ক্ষান্ত নাথাকি দুৰ্বৃত্তই সৰস্বতী পূজাৰ মৃণ্ময় মূৰ্তিৰ লগতে কাৰ্যালয়টোৰ বহু গুৰুত্বপূৰ্ণ নথি পত্ৰৰ লণ্ড-ভণ্ড কৰে। গৌৰীপুৰ কাণ্ডৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অসমবাসী৷

ইয়াৰ পূৰ্বে তিনিটাকৈ কাণ্ড সংঘটিত কৰি অসমীয়াৰ স্বাভিমানত আঘাত হানিছে একাংশ লোকে৷ যোৱা ৬ মাৰ্চৰ সন্ধিয়া প্ৰায় ৫ বজাত প্ৰথমটো ভয়াৱহ আক্ৰমণ সংঘটিত হৈছিল। হিন্দু বাংলাদেশী সংস্থাপন, এন আৰ চি উন্নীতকৰণ, বৃহৎ নদীবান্ধ নিৰ্মাণ সন্দৰ্ভতপ্ৰতিবাদ কৰি অহা সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বাংলাভাষী লোকে আক্ৰমণ কৰি শ্বহীদ বেদী ভাঙি পেলেৱাৰ লগতে কাৰ্যালয়ৰ আচবাব, সুধাকন্ঠ ড০ ভুপেন হাজৰিকাৰ ছবি দলিয়াই দিয়াৰ লগতে মটৰচাইকেল ভাঙি চুৰমাৰ কৰিছিল ধেমাজি জিলাৰ চিলাপথাৰত।

যোৱা মাৰ্চ মাহৰ এই ঘটনাক অসমীয়াই আজিও পাহৰিব পৰা নাই৷ চিলাপথাৰ কাণ্ডৰ ছেকেণ্ড পাৰ্ট-২ আছিল নগাঁও কাণ্ড৷ নগাঁও কাণ্ডত ধন দাবী কৰিবলৈ যোৱা বুলি মিছা অভিযোগ দি কেইবাজনো লোকে গুৰুলা-গুৰুল কৈ প্ৰহাৰ কৰি ডিঙিত বেল্টেৰে ছেপি ধৰি মুন বৰা নামৰ প্ৰাক্তন আলফাগৰাকীক হত্যাৰ চেষ্টা চলাইছিল৷ থাৰ্ট পাৰ্ট সংঘটিত কৰিছিল গামোচা জ্বলাই নগাঁৱৰ জুৰীয়াত৷ গামোচা জ্বলোৱা কাৰ্য অসমীয়াৰ স্বাভিমানত আঘাত হনা বুলি চৰ্চা হোৱাত পুনৰ তেজ গৰম হৈছিল থলুৱা অসমীয়াৰ৷

দল-সংগঠনে চিলাপথাৰ কাণ্ড, জুৰিয়া কাণ্ডৰ, নগাওঁ কাণ্ডৰ বিৰুদ্ধে ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তুলিছিল সমগ্ৰ ৰাজ্য৷ একাংশ লোকে ৰাজ্যত ক্ৰমান্বয়ে এটি জাতীয়তাবাদ বিৰোধি চক্ৰই অসমীয়াক আক্ৰমণ, শ্বহীদবেদী, সুধাকন্ঠৰ প্ৰতিচ্ছবি দলিওৱাৰ লগতে গামোচা জ্বলাই অসমত দপদপনি বঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিছে বুলি চৰ্চা হৈ অহাৰ সময়তে পুনৰ আক্ৰমণ হ’ল জাতীয় সংগঠন আছুৰ কাৰ্যালয়ত৷

ধেমাজি জিলাৰ চিলাপথাৰত নিখিল ভাৰত বাঙালী উদ্বাস্তু সমিতিয়ে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান, হিন্দু বাংলাদেশীক ক্ষমতা প্ৰদান, ডি ভোটাৰ বাতিলকৰণ, বিদেশীৰ নামত হিন্দু বাঙালীৰ ওপৰত অত্যাচাৰ বন্ধ কৰা, ডিটেনশ্যন কেম্পত আৱদ্ধ হিন্দু বাঙালীক বিনাচৰ্তে মুক্তি দিয়াকে আদি কৰি একাধিক দাবীৰ সমৰ্থনত অনুষ্ঠিত বিশাল জনসভাৰ অন্তত সংগঠনটোৱে এটি সমদল উলিয়ায়। সমদল কৰি গৈ থাকোতে চিলাপথাৰ চ'ক বজাৰত থকা চিলাপথাৰ আছুৰ কাৰ্যালয়ত আক্ৰমণ কৰিছিল।

দল-সংগঠন ৰাজ পথলৈ ওলাই আহে৷ সেই ঘটনাই তিনি মাহ পাৰ হৈ যোৱাৰ পাছত পুনৰ একাংশ সন্দেহজনক লোকে নগাঁৱত আক্ৰমণ কৰিছিল থলুৱাক৷ নগাঁৱত আক্ৰমণ কৰে প্ৰাক্তন আলফাৰ এটি দলক৷ বান সাহায্য বিছাৰি যোৱা প্ৰাক্তন আলফাক ব্যৱসায়ীয়ে হত্যাৰ চেষ্টা কৰা ঘটনাই উত্তাল কৰিছিল ৰাজ্য৷ ধন দাবী কৰিবলৈ যোৱা বুলি মিছা অভিযোগ দি কেইবাজনো লোকে গুৰুলা-গুৰুল কৈ প্ৰহাৰ কৰি ডিঙিত বেল্টেৰে ছেপি ধৰি মুন বৰা নামৰ প্ৰাক্তন আলফাগৰাকীক হত্যাৰ চেষ্টা চলাইছিল৷

প্ৰথমে ঘটনাক একাংশ লোকে আন ফালে নিব বিছাৰিছিল যদিও চিচিটিভিৰ ফুটেজে স্পষ্ট কৰি দিছিল সেয়া আছিল অসমীয়াৰ ওপৰত আক্ৰমণ৷ জাতি-মাটি-ভেটিক সুৰক্ষা দিব বুলি দাবী কৰা দল শাসনৰ গাদীত থকাৰ সময়তে চিলাপথাৰ কাণ্ডৰ পিছত বাৰ বাৰ আছুৰ কাৰ্যালয়ত সংঘটিত কৰিছে আক্ৰমণ৷ চিলাপথাৰ, নগাওঁ কাণ্ড, জুৰীয়া কাণ্ডৰ পিছতেই অসমীয়াৰ আবেগ, অনুভূতিক ভৰিৰে মোহাৰি সন্দেহজনক লোকে এইবাৰ ধুবুৰীৰ গৌৰীপুৰত আছুৰ কাৰ্যালয় জ্বলাই দিয়ে৷

বুধবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰি জ্বলাই দিয়ে গৌৰীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়। কেৱল কাৰ্যালয় জ্বলাই দিয়াতে ক্ষান্ত নাথাকি দুৰ্বৃত্তৰ দলটোৱে কাৰ্যালয়টোৰ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰৰ ক্ষতিসাধন কৰে। এই ঘটনাৰ প্ৰতিবাদত শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে৷ ওদালগুৰি জিলা ছাত্ৰ সন্থাই বৃহৎ জোঁৰ লৈ সমদল উলিয়াই ঘটনাৰ প্ৰতিবাদ জনায় দোষীক শাস্তি বিহাৰ দাবী জনায়।

বিভিন্ন আঞ্চলিক সমিতিৰ পৰা অহা কেইবা শতাধিক ছাত্ৰ কৰ্মীয়ে সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক, এনে কাৰ্য সহ্য কৰা নহব, আহ ঐ আহ-ওলাই আহ আদি শ্ল’গান প্ৰদান কৰি উত্তাল প্ৰৰিবেশৰ সৃষ্টি কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্যই ৰাজ্যত কিছুমান লোকে অহৰহ শান্তি-সম্প্ৰীতি বিনস্ত কৰাৰ বাবে চেষ্টা কৰি আহিছে বুলি কয়। এনেবোৰ কাৰ্যক সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও প্ৰশ্ৰয় নিদিয়ে।

চিলাপথাৰ কাণ্ড, নগাঁও কাণ্ড, জুৰীয়া কাণ্ডৰ দৰেই এইবাৰৰ কাণ্ডকো আছুই কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে উপযুক্ত দোষীক শীঘ্ৰে আটক কৰি ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক দিনত আছুৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিতোপন দাস, জিলা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক প্ৰাঞ্জল পাটোৱাৰী, ছাইফুল হকৰ লগতে বিভিন্ন আঞ্চলিকৰ পৰা অহা কেইবাশতাধিক আছু কৰ্মীয়ে।