কোকৰাঝাৰঃ একালৰ ছাত্ৰ নেতা আছুৰ শ্বহীদ নাছিৰ হুছেইনৰ স্মৃতি সজীৱ কৰাৰ ৰখাৰ স্বাৰ্থত প্ৰতিবছৰে অনুষ্ঠিত কৰি অহা ভলীবল প্ৰতিযোগিতা এইবেলি বিটিএডিৰ সদৰ কোকৰাঝাৰ জিলাত অনুষ্ঠিত হ’ব৷ সদৌ অসম ছাত্ৰ সন্থাই অনুষ্ঠিত কৰি অহা ছাত্ৰ নেতা নাছিৰ হুছেইন সোঁৱৰণী আন্তঃজিলা আছু স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতা বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰত অনুষ্ঠিত হ’ব।

কোকৰাঝাৰ জিলা আছুৰ উদ্যোগত আৰু বালাজান তিনালী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত কোকৰাঝাৰ বালাজান তিনালীৰ সমীপৰ গৌৰাং হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ’ব আছুৰ স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতা৷ ছাত্ৰ নেতা নাছিৰ হুছেইন সোঁৱৰণী আন্তঃজিলা আছু স্বৰ্ণ কাপ ভলীবল প্ৰতিযোগিতাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি মুদৈ হাজোৱাৰী আৰু সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়ে সদৰি কৰা মতে ইতিমধ্যে ২৪টা দলে অংশগ্ৰহণ নিশ্চিত হৈছে।

কাৰ্যসূচী অনুসৰি বুধবাৰে পুৱা ১০ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব আছুৰ সভাপতি দীপাংক নাথে আৰু শ্বহীদ তৰ্পন কৰিব আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। ইয়াৰোপৰি ১০.৪৫ নাছিৰ হুছেইনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিব প্ৰয়াত হুছেইনৰ সহধৰ্মিনী নাৰ্জি হুছেইন চৌধুৰীয়ে৷ ১১.০০বজাত গৌৰাং নামৰ স্মৰণিকা উন্মোচন কৰিব আছুৰ মুখ্য উপদেষ্ঠা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷

১১.৩০ বজাত বিভিন্ন জনগোষ্ঠীয় কলা কৃষ্টি প্ৰদৰ্শন আৰু দুপৰীয়া ১২.০০ বজাত ভাৰতীয় ৰাষ্ট্ৰীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যই আছুৰ আন্তঃজিলা স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰিব। অনুষ্ঠানত মুখ্য অতিথি হিচাপে বড়োলেণ্ড বিশ্বাবিদ্যালয়ৰ উপাচাৰ্য হেমন্ত বৰুৱা, বিশিষ্ট অতিথি হিচাপে এবছুৰ সভাপতি প্ৰমোদ বড়ো উপস্থিত থকাৰ লগতে বিশিষ্ট ক্ৰীড়া সংগঠক চিমছন মুছাহাৰী আৰু প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ মানিক চন্দ্ৰ ৰায়ক আছুৱে সম্বৰ্ধনা যাচিব৷

আনহাতে আছুৰ স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতাৰ দ্বিতীয়দিনটোত অৰ্থাৎ ৮ ফেব্ৰুৱাৰীৰ বিয়লি ৫.০০বজাত চূড়ান্ত খেল অনুষ্ঠিত হ’ব। উক্ত অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় নেৰ্তৃবৰ্গ উপস্থিত থকাৰ লগতে এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰী, সদৌ অসম আদিৱাসী ছাত্ৰ সন্থাৰ সভাপতি ষ্টিফেন লাক্ৰা, সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথ, আক্ৰাছুৰ সম্পাদক গোকুল বৰ্মণকে ধৰি বহু বিশিষ্ট লোকে অংশগ্ৰহন কৰাৰ লগতে প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল ক্ৰমে মানিক বৰ্মন আৰু সাজেন্দ্ৰ বসুমতাৰীক আছুৱে সম্বৰ্ধনা জ্ঞাপন কৰিব। উল্লেখ্যে যে আছুৰ আন্তঃজিলা স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতা উপলক্ষে গৌৰাং হাইস্কুল খেলপথাৰ ইতিমধ্যে আটকধুনীয়াকৈ সজাই তোলা হৈছে আৰু বাঁহেৰে নিৰ্মিত আদৰণী তোৰণখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।