ডিজিটেল ডেস্কঃ জন্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণত মৃত্যু হয় পিডিপি নেতা আব্দুল গণিৰ৷ ৰাজ্যখনৰ পোলৱানা জিলাত সংঘটিত হয় এই আক্ৰমণ৷ নেতাজনক শ্ৰীনগৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে নেতাগৰাকীক৷

ঘটনাস্থলীত উপস্থিত থকা সংবাদকৰ্মীয়ে জনোৱা অনুসৰি নেতাগৰাকীৰ লগত দুজন আৰক্ষীও আছিল৷ কিন্তু আক্ৰমণৰপৰা বচোৱাত ব্যৰ্থ হয় আৰক্ষী৷

নেতাগৰাকীৰ বুকুতে গুলিবৰ্ষণ কৰে আততায়ীয়ে৷ ২০১৪ ত পিডিপি দলত যোগদান কৰিছিল আব্দুল গণি৷ ইয়াৰ পুৰ্বে কংগ্ৰেছ দলৰ সৈতে জড়িত আছিল নেতাগৰাকী৷