অভয়াপুৰীঃ দিছপুৰৰ পৰা গাঁও পঞ্চায়তলৈ এতিয়া ক্ষমতা সৰ্বোচ্চ ৰাজনীতিৰ পিছত দৌৰিছে একাংশ লোক৷ কেৱল নিজৰ হাতত ক্ষমতা ধৰি ৰখাৰ প্ৰতিযোগিততা নামি পৰিছে এতিয়া একাংশ ৰাজনৈতিক দলৰ নেতা-পালিনেতা৷ কেৱল ক্ষমতা আহৰণৰ বাবে ৰাইজৰ স্বাৰ্থক জলাঞ্জলি দি ব্যক্তিগত স্বাৰ্থক প্ৰাধন্য দি নিৰ্লজ্জ ভাৱে এতিয়া ক্ষমতাৰ খকত বলিয়া হৈ পৰিছে৷

দৰিদ্ৰ, খাতিখোৱা, শ্ৰমিকৰ কথা চিন্তা কৰাৰ আহৰি নাথাকে তেনে লোকসকলৰ৷ নামনি অসমৰ ঐতিহ্যমণ্ডিত তথা ৰাজনৈতিক ভাৱে সচেলন লোকৰ ঠাই বুলি নাম থকা বঙাইগাঁও জিলাৰ অভয়াপুৰী নগৰ সমিতিতো এতিয়া ক্ষমতা সৰ্বোচ্চ ৰাজনীতিয়ে ধুৱলি-কুৱলী পৰিৱেশৰ সৃষ্টি কৰিছে৷ অভয়াপুৰী নগৰ সমিতি খনত যোৱা কেইবাটাও মাহ ধৰি খোৱা-কামোৰা, অভিযোগ-প্ৰতিভিযোগত স্তব্ধ হৈ পৰিছে নগৰখনৰ উন্নয়ন সকলো কাম।

বিজেপি নেতৃত্বাধীন অভয়াপুৰী নগৰ সমিতিৰ উন্নয়ন মূলক কাম-কাজ কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপ নহৈ অহাৰ মাজতে সমিতি খনৰ চাৰিজন সদস্যৰ তিনিজন সদস্যই সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ পিছতেই পুনৰ অচলা অৱস্থা হৈছে সমিতি খনত৷ নগৰ সমিতি খনৰ সভানেত্ৰী বিমলা দাসৰ বিৰুদ্ধে নিজ দলৰেই প্ৰবীন দাস, সুশান্ত পোদ্দাৰ আৰু ৰীতা দাসে অনা অনাস্থা প্ৰস্তাৱ উত্থাপন কৰি সদস্যসকলক বিশ্বাসত নলৈ নিজ ইচ্ছামতে কাম কৰাৰ অভিযোগ উত্থাপন কৰে।

সভানেত্ৰীগৰাকীয়ে নগৰ সমিতি খনৰ মাহিলি সভা অনুষ্ঠিত নকৰাৰ অভিযোগ উত্থাপন কৰে৷ মাহিলি সভা অনুষ্ঠিত নকৰাৰ বাবে উন্নয়নমূলক কাৰ্যৰ প্ৰস্তাৱ গ্ৰহণ কৰিব পৰা নাই বুলি উল্লেখ কৰি অনাস্থা পত্ৰ দাখিল কৰে৷ সভানেত্ৰীগৰাকীৰ এনে কাৰ্যৰ ফলত নগৰখনৰ উন্নয়ন স্থবিৰ হৈ পৰা বুলি উল্লেখ কৰি সদস্যকেইজনে নগৰবাসীৰ স্বাৰ্থত আৰু মতামতৰ ভিত্তিত এনে কঠোৰ সিদ্ধান্ত লব লগা হোৱা বুলি ব্যক্ত কৰিছে।

আগন্তুক ১৫দিনৰ ভিতৰত নগৰ সমিতিৰ সভা আহ্বান কৰাৰ বাবে সভানেত্ৰীক দাবী উত্থাপন কৰি অন্যথাই আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সদস্য কেইজনে সকীয়াই দিয়ে। আনপিনে, নগৰ সমিতিৰ সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰকাশ কৰা সদস্য কেইগৰাকীয়ে ব্যাপক অনিয়মৰ মাজেৰে কাম-কাজ কৰা আৰু এনে কাৰ্যকলাপক সভানেত্ৰীগৰাকীয়ে বাধা দিয়াৰ ফলতে সদস্য কেইগৰাকীয়ে উদ্দেশ্যেপ্ৰনোদিত ভাবে তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰা বুলি সভানেত্ৰীগৰাকীয়ে ওলোটাই অভিযোগ উত্থাপন কৰে।

উল্লেখ্য যে, নগৰ সমিতি খনৰ আটাইকেইগৰাকী প্ৰতিনিধি একেটা ৰাজনৈতিক দলৰ সদস্য হোৱা স্বত্তেও পাৰস্পৰিক সহযোগিতাৰ অভাৱ আৰু ব্যক্তিগত ক্ষমতাৰ মোহত বন্দী হোৱাৰ ফলত নগৰখনৰ সামগ্ৰিক উন্নয়ন স্তব্ধ হৈ পৰা বুলি অঞ্চলটোত চৰ্চা হৈছে৷