কোকৰাঝাৰঃ পৃথক বডোলেণ্ড গঠন, বিটিএডি এলেকাৰ বাহিৰত বসবাস কৰা বড়োসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা, বড়ো বিদ্ৰোহী সংগঠনসমুহৰ সৈতে শীঘ্ৰে অালোচনা অনুষ্ঠিত কৰাৰ দাবীকে ধৰি অান কেবাটাও দাবীৰ সমৰ্থনত অাজি এবছুৱে সোণকোষৰ পৰা শদিয়ালৈ সৰ্বমুঠ ২০০খন সভা অনুষ্ঠিত কৰি পুনৰাই পৃথক বডোলেণ্ড দাবী গঠনৰ অান্দোলন তীব্ৰতৰ কৰি তোলাাৰ হুংকাৰ প্ৰদান কৰিছে।

১০ মাৰ্চৰ পৰা এবছুৰ অনিৰ্দিষ্টকালীন অনশন। সোণকোষৰ পৰা শদিয়ালৈ পৃথক বডোলেণ্ডৰ দাবীত এবছুৰ উদ্যোগত অনুষ্ঠিত ২০০ খন সভা।

এবছুৰ প্ৰায় প্ৰতিখন আঞ্চলিক সমিতিৰ উদ্যোগত গাওেঁ-ভূঞে অনুষ্ঠিত হোৱা বডোলেণ্ড দাবীৰ সভাত চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি বডোলেণ্ড দাবী গঠনৰ অান্দোলন তীব্ৰতৰ কৰি তোলাৰ বাবে অংগীকাৰবদ্ধ হয়। সেই অনুসৰি পৃথক বডোলেণ্ড গঠনৰ দাবীত অহা ১০ মাৰ্চৰ পৰা ৰাজহুৱা অনিদিষ্টকালিন অামৰণ অনশন, মাৰ্চৰ অন্তিম সপ্তাহত ৰাষ্ট্ৰীয় ঘাইপথ অাৰু ৰে'লপথ অৱৰোধ, এপ্ৰিলত জে'ল ভৰো কাৰ্যসূচী আৰু মে' মাহত ৰাজ্য চৰকাৰৰ সতে অসহযোগ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰিছে এবছুৰ সভাপতি প্ৰমোদ বড়ো অাৰু সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে।

বাগছা জিলাৰ কোকিলাবাৰীত পৃথক বডোলেণ্ডৰ দাবীকে ধৰি অান কেবাটাও দাবীৰ সমৰ্থনত অনুষ্ঠিত হোৱা এক জনসভাত ভাষণ দি এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে কয় যে ১৯৮৭ চনৰ ২ মাৰ্চৰ দিনটোতে এবছুৰ তদানীন্তন সভাপতি উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বতে পৃথক বডোলেণ্ডৰ দাবীত ঐতিহাসিক আন্দোলন অাৰম্ভ কৰিছিল। পৃথক বডোলেণ্ডৰ দাবী অান্দোলনে ৩০ বছৰ অতিক্ৰম কৰিলে যদিও ভাৰত চৰকাৰে বিষয়টো অদ্যপি নিষ্পত্তি কৰা নাই বুলি মন্তব্য কৰি বড়োসকলৰ ন্যায্য অধিকাৰৰ ক্ষেত্ৰত চৰকাৰে দেখুৱাই অহা উদাসীনতাক কঠোৰ ভাষাৰে নিন্দা কৰে এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে।

নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ তেতিয়াৰ সভাপতি ৰাজনাথ সিঙে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লেই পৃথক বডোলেণ্ডৰ সমস্যা স্থায়ীভাৱে সমাধান কৰা হব বুলি মৌখিক আৰু লিখিত প্ৰতিশ্ৰুতি দিয়াৰ উপৰিও মঙলদৈ আৰু বঙাইগাঁওৰ নিৰ্বাচনী সভাত নৰেন্দ্ৰ মোডীয়েও প্ৰতিশ্ৰুতি দিছিল বুলি ইছলাৰীয়ে উল্লেখ কৰি চৰকাৰ গঠনৰ পিছতে বিজেপিয়ে বিষয়টো সমাধান নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

তদুপৰি যোৱা ৯ জানুৱাৰীত গুৱাহাটীত ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ উপস্থিতিত গৃহ বিভাগৰ যুটীয়া সচিব সতেন্দ্ৰ গাৰ্গৰ সতে হোৱা আলোচনাকালত ১৫ ফেব্ৰুৱাৰীৰ পূৰ্বেই পৃথক বডোলেণ্ডকে ধৰি অান সমস্যাসমুহৰ সমাধানৰ বাবে পুনৰাই অালোচনা অনুষ্ঠিত কৰা হব বুলি সদৰি কৰা হৈছিল যদিও সেয়াও ফুটুকাৰ ফেনত পৰিণত হৈছে বুলি তেওঁ কয়। চৰকাৰৰ এনে অমনোযোগিতাৰ প্ৰতিবাদত এবছুৱে স্থগিত অান্দোলন পুনৰাই ব্যাপকভাৱে অাৰম্ভ কৰিবলৈ বাধ্য হৈছে বুলি সদৰী কৰি লৰেঞ্চ ইছলাৰীয়ে নাৰ্য প্ৰাপ্তি নোপোৱালৈকে এবছু থমকি নৰয় বুলি স্পষ্ট কৰি দিয়ে।