কোকৰাঝাৰঃ পৃথক বড়োলেণ্ডক লৈ অাজি এবছু, এনডিএফবি(প্ৰ) আৰু পিজেএচিবিএমৰ প্ৰতিনিধিৰ লগত নতুন দিল্লীত ৰাজ্য অাৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ সৈতে এক  ত্ৰিপাক্ষিক ৰাজনৈতিক অালোচনা অনুষ্ঠিত হয়। গৃহ মন্ত্ৰণালয়ৰ বিশেষ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উক্ত অালোচনাকালত গৃহমন্ত্ৰী ৰাজনাথ সিঙে বড়োলেণ্ড সমস্যাটো সমাধানৰ বাবে ত্ৰিপাক্ষিক অালোচনা অব্যাহত থাকিব বুলি মন্তব্য কৰে।

উক্ত ত্ৰিপাক্ষিক বৈঠকত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰাজ্যৰ মুখ্য সচিব উপস্থিত অাছিল যদিও মুখ্যমন্ত্ৰীয়ে বিশেষ কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে।  উক্ত বৈঠকতে এবছু, এনডিএফবি(প্ৰ) অাৰু পিজেএচিবিএমে যৌথভাৱে তিনিদফীয়া দাবীৰ সমৰ্থনত গৃহমন্ত্ৰী ৰাজনাথ সিঙক এক স্মাৰকপত্ৰও প্ৰদান কৰে।

স্মাৰকপত্ৰ অনুসৰি ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে অৰ্থাৎ সোণকোষৰ পৰা শদিয়া লৈ শীঘ্ৰে পৃথক বড়োলেণ্ড গঠন কৰা , প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসৱাস কৰা বড়োসকলৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰা, কাৰ্বিঅাংলং অাৰু ডিমাহাছাও জিলাত বসৱাস কৰা বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্যদা প্ৰদান কৰিবলৈ স্মাৰকপত্ৰযোগে দাবী উত্থাপন কৰিছে। গৃহমন্ত্ৰীয়ে সংগঠন তিনিটাৰ বক্তব্য শুনাৰ পিছত গৃহমন্ত্ৰনালয়ৰ তলতীয়া বিষয়া সকলক সংগঠন তিনিটাৰ সৈতে অালোচনা অাগবঢ়াই নিবলৈ নিৰ্দেশনা দিয়ে অাৰু সেইমৰ্মে নৰ্থ ব্লকৰ ১১৯ নম্বৰ ৰুমত গৃহ বিভাগৰ উত্তৰ পূৱৰ সচিব সত্যেন্দ্ৰ গাৰ্গৰ অধ্যক্ষতাত অান এক বৈঠক অনুষ্ঠিত হয়।

আলোচনাকালত বড়ো সমস্যা সমাধানৰ বাবে সময়ে সময়ে অালোচনা অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ত্ৰিপাক্ষিক বৈঠকৰ পিছতে এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে অালোচনাক লৈ তেওঁলোক অাশাবাদী বুলি মন্তব্য কৰে। দীৰ্ঘদিনীয়া বড়ো সমস্যা সমাধানাৰ্থে অাৰু দীৰ্ঘদিন অপেক্ষা কৰাৰ তেওঁলোক পক্ষপাতি নহয় বুলি মন্তব্যৰে লৰেঞ্চ ইছলাৰীয়ে অতি সোনকালে সমস্যাৰ সমাধান কৰিবলৈ গৃহমন্ত্ৰীকো অাহ্বান জনাইছে বুলি সদৰি কৰিছে।

অাজিৰ ত্ৰিপাক্ষিক বৈঠকত এবছুৰ সভাপতি প্ৰমোদ বড়ো, সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰী, এনডিএফবি(প্ৰ)ৰ সভাপতি ধীৰেন বড়ো, সাধাৰণ সম্পাদক গোৱিন্দ বসুমতাৰী, পিজেএচিবিএমৰ মুখ্য অাহ্বায়ক ৰাকেশ বড়ো, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্ম, লোকসভাৰ প্ৰাক্তন সাংসদ চানচুমা খুংগুৰ বিছমুথিয়াৰীকে ধৰি ১৭ জনীয়া প্ৰতিনিধিৰ দল এটাই অংশগ্ৰহণ কৰিছিল ।