কোকৰাঝাৰঃ পৃথক বড়োলেণ্ড ৰাজ্য গঠন অাৰু প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়োসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ দাবীত কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক অাৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত এবছু, এনডিএফবি(প্ৰ’) অাৰু পিজেএচিবিএমৰ যৌথ উদ্যোগত অাৰম্ভ হোৱা অামৰণ অনশনৰ কাৰ্যসূচী অৱশেষত আজি ষষ্ঠ দিনৰ অন্তত প্ৰত্যাহাৰ কৰে সংগঠনৰ নেতৃবৰ্গই৷

  • ষষ্ঠ দিনৰ অন্তত এবছুৰ আমৰন অনশন প্ৰত্যাহাৰ
  • অনশনকাৰীক ফলৰ ৰস খুৱাই অানুষ্ঠানিকভাৱে অনশন ভঙ্গ কৰালে বডোলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত কুমাৰ ভৰালীয়ে

উল্লেখ্য যে কালি বিয়লি ৰাজ্য চৰকাৰৰ গৃহ অাৰু ৰাজনৈতিক বিভাগৰ সচিব এম হাজৰিকা স্বাক্ষৰিত এক পত্ৰ সংগঠনৰ নেতৃবৰ্গই লাভ কৰাৰ পিছতেই অাজি অনশন কাৰ্যসূচী অানুষ্ঠনিকভাৱে প্ৰত্যাহাৰ কৰে। উল্লেখ্য যে কোকৰাঝাৰ জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰী আৰু অাৰক্ষী অধীক্ষক ৰাজেন সিঙে ৰাজ্য চৰকাৰৰ পৰা প্ৰেৰিত পত্ৰ কালিয়েই এবছুৰ সভাপতি প্ৰমোদ বড়োৰ হাতত অৰ্পন কৰিছিল ৷

ৰাজ্য চৰকাৰৰ গৃহ অাৰু ৰাজনৈতিক বিভাগে পত্ৰখনত অহা ১৪ এপ্ৰিলৰ পূৰ্বে ত্ৰিপাক্ষিক অালোচনা অনুষ্ঠিত কৰা হব বুলি উল্লেখ কৰি অামৰণ অনশন কাৰ্যসূচী প্ৰত্যাহাৰ কৰাৰ অাহ্বান জনাইছিল। সেই অনুসৰি সংগঠনৰ নেতৃবৰ্গই অাজি অালোচনা মৰ্মে ৰাতিপুৱা ৮ বজাত আমৰন অনশন কাৰ্যসূচী প্ৰত্যাহাৰ কৰে।

অাজি ৰাতিপুৱা ৮ বজাত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত কুমাৰ ভৰালী, জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰী, আৰক্ষী অধীক্ষক ৰাজেন সিঙে অনশনস্থলীত উপস্থিত হৈ অনশনকাৰী নেতাসকলক ফলৰ ৰস খুৱাই অানুষ্ঠানিকভাৱে অনশন ভংগ কৰায়।

এবছুৰ সভাপতি প্ৰমোদ বড়োই অনশন ভঙ্গৰ পিছত সংবাদমাধ্যমৰ অাগত বড়োলেণ্ড সমস্যা সমাধানৰ দাবীত ইতিপূৰ্বে ঘোষিত অান্দোলনসমুহ প্ৰত্যাহাৰ কৰা নহয় বুলি সদৰি কৰি বড়োলেণ্ড সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ ধনাত্মক ভূমিকা কামনা কৰে।