গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰৰ বেঙেনাহাটীত  আজি দিনৰ প্ৰায় ২.১৫ বজাত এখন যাত্ৰীবাহী বাছ দুর্ঘটনাত পতিত হয়। গুৱাহাটীৰ পৰা গোৰেশ্বৰ  অভিমুখে আহি থকা AS 12E 2614 নম্বৰৰ ববী নামৰ যাত্ৰীবাহী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই বেঙেনাহাটীত এটা খাৱৈত বাগৰি পৰে। দুর্ঘটনাটোত প্ৰায় ৪০ জন যাত্ৰী আহত হয়।

দুর্ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰে বাছ খনৰ চালকে। ইপিনে দুর্ঘটনা সংঘটিত হোৱাৰ পিছতে যাত্ৰী সকলৰ মাজত হুৱাদুৱা লাগে আৰু ১০৮ নতুবা ১০২ কোনো এম্বুলেঞ্চ সময় মতে আহি নোপোৱাত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়। গোৰেশ্বৰ আৰক্ষী, সেনা আৰু ঘটনাস্থলীত উপস্থিত হয় যদিও কোনো এম্বুলেঞ্চই উপস্থিত নহ'ল ঘটনাস্থলীত ।

স্থানীয় ৰাইজৰ সহযোগত আহত সকলক গোৰেশ্বৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, পুষ্পাঞ্জলি পলিক্লিনিক আদিত ভৰ্ত্তি কৰোৱা হয়। ব্যক্তিগত খণ্ডৰ হোৱাৰ পিছতো পুষ্পাঞ্জলী পলিক্লিনিকত আহতসকলক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হয়।

কেবাজনো আহতক গোৰেশ্বৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও যদিও পৰ্যাপ্ত চিকিৎসক নথকাত বহুতকে জি এম চি এইচলৈ প্ৰেৰণ কৰা হয়। জানিব পৰা মতে ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখনত  ২১ জন আৰু পুষ্পাঞ্জলীত মুঠ ১৪ জনক ভৰ্ত্তি কৰোৱা হয়। বৰ্তমানলৈ গুৰুতৰ ভাবে আহত দহ জনক জি এম চি এইচলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গেছে।