ডিফু/লালুক/জাগীৰোডঃ ৰাজ্যৰ ৰাজ পথত যোৱা ৩০ ঘন্টাত কেইবাটাও ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে৷ পথ দুৰ্ঘটনা সংঘটিত হৈ কেইবাগাৰকী লোকৰ মৃত্যু হয়৷ ৰাজ পথৰ জৰাজীৰ্ণ অৱস্থা তথা আৰক্ষীৰ পহৰা নথকাৰ বাবেই এনেদৰে দুৰ্ঘটনা সংঘটিত হৈ বহু লোকৰ মৃত্যু হয় বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ একাংশ লোকে নীতি-নিয়ম মানি নচলাৰ বাবেও বহু দুৰ্ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হয়৷ ৰাজ্যৰ ৰাজ পথত এতিয়া মৃত্যুৰ কিৰিলি শুনা যায়৷

প্ৰতিদিনে ৰাজ পথত পথ দুৰ্ঘটনা সংঘটিত হৈ বহু লোকৰ মৃত্যু হৈ আহিছে৷ চৰকাৰ তথা প্ৰশাসনে এই কথাত গুৰুত্ব সহকাৰে লোৱা দেখা নাযায়৷ ঘন কুঁৱলি তথা পথৰ দুৰৱস্থাৰ বাবে প্ৰতিদিনে ইটোৰ পিছত সিটো দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত চৰকাৰে চালকক সজাগ কৰিবলৈ যেনে ধৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল তেনে ধৰণে পদক্ষেপ লোৱা দেখা নাযায়৷ যাৰ ফলত অইন দিনৰ দৰেই যোৱা ৩০ ঘন্টাত ৰাজ্যত ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈ ৪গৰাকী লোকৰ মৃত্যু হয়৷ মৰিগাঁৱৰ মায়ং ব্লকৰ সন্মুখত সোমবাৰে আবেলি ২.৩০ বজাত এক ভয়াবহ পথ দূৰ্ঘটনা সংঘটিত হয়।

ৰৈ থকা এখন টাটা ডি আইত পিছফালৰ পৰা তীব্ৰ বেগেৰ খুন্দা মৰাত এজন যুৱক থিতাতে নিহত হয়। নিহত যুৱকজন মৰিগাঁৱৰ সিধাবাৰীৰ ৰূপজ্যোতি বৰদলৈ (১৮) বুলি জানিব পৰা যায়৷ নিহত যুৱকজনৰ লগত একেখন বাইকত আছিল এগৰাকী যুৱতী। মৰিগাঁৱৰ মৰিবুৰাগাঁৱৰ পুষ্পাঞ্জলি ঠাকুৰীয়া (২১) নামৰ যুৱতীগৰাকীক সংকটজনক অৱস্থাত মৰিগাঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে একাংশ লোকে। জাগীৰোডৰ পৰা মৰিগাঁও অভিমুখে গৈ থকা সময়ত মায়ং ব্লকৰ সন্মুখত ৰৈ থকা AS-01-EC-9934 নম্বৰৰ টাটা ডি আই খনত পিছফালৰ পৰা খুন্দা মাৰিছিল যুৱক-যুৱতীহালে। যুৱক-যুৱতীহাল AS-21-F-5911 নম্বৰৰ বাইকত খনত মৰিগাঁও অভিমুুখে গৈ আছিল।

আনহাতে মঙলবাৰে লখিমপুৰ জিলাৰ লালুকৰ ডুবিত ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈ তিনিগৰাকী লোকৰ থিতাতে মৃত্যু হয়৷ পশ্চিম লালুকৰ কুমুদ পাচনী, নাওবৈছা বালিটিকাৰ ফাৰুক আহমেদ আৰু আজ হজৰত আলী বুলি চিনাক্ত কৰা হৈছে মৃত্যু হোৱা লোককেইজনক৷ নিহত কুমুদ আৰু ফাৰুক অৰুণাচলত বি ফাৰ্মৰ ছাত্ৰ আছিল৷ ঘটনা সংঘটিত কৰা বলে’ৰ খন অৰুণাচলৰ চেপাৰ জিলা দণ্ডাধীশৰ বুলি জানিব পৰা গৈছে৷ একেটা দিনতে অৰ্থাৎ মঙলবাৰে ডিফুত বাছ আৰু ৰেণল্ড কুইটৰ মুখামুখি সংঘৰ্ষত এজন লোক গুৰতৰ বাবে আহত হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷

জানিব পৰা মতে, এন-এল-০৭-এইছ ৬৮১৬ ৰেণল্ড কুইল্ট গাড়ী খন ডিমাপুৰ অভিমূখে গৈ থকা অৱস্থাত ৩৬নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাছা ষ্টেডিয়ামৰ সমীপত ডিফু অভিমূখে আহি থকা এএছ-০৯-এচি-০৫২২ নম্বৰৰ যাত্ৰীবাহী বাছত খুন্দা মাৰে৷ যাত্ৰী নমাই থকা অৱস্থাত ৰেণল্ড কুইট গাড়ীয়ে নিজৰ গতি পথৰ পৰা ফালৰি কাটি ৰৈ থকাবাছ খনত খুন্দা মৰাৰ ফলত ৰেণল্ড কুইট খনৰ চালক কিশোৰ যাদৱ (৪৫) গুৰুতৰ ভাবে আহত হয়৷ চালক জনক চিকিৎসাৰ বাবে ডিফু অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে৷