ডিজিটেল ডেস্কঃ ৰাজস্থানৰ চিত্তগড় জিলাৰ ঘাইপথত পথ দুৰ্ঘটনাত পতিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেন৷ দুৰ্ঘটনাটোত যশোদাবেনে মূৰত আঘাত পোৱাৰ লগতে এগৰাকী ব্যক্তিৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ জিলা খনৰ কাতুণ্ডাত পুৱা ১০ বজাত দুৰ্ঘটনাটো সংঘটিত হয়৷

ৰাজস্থানৰ বাৰণ জিলাৰ এখন বিবাহৰ কাৰ্যসূচীত অংশ লৈ গুজৰাট অভিমুখে অহাৰ পিছতেই দুৰ্ঘটনাত পতিত হয়৷ জানিব পৰা মতে, এখন ট্ৰাকে খুন্দা মাৰে তেওলোকে আহি থকা বাহন খনত৷ ইতিমধ্যে ট্ৰাকখনৰ চালকক আটৰ কৰে আৰক্ষীয়ে৷

আহত যশোদাবেনক লগে লগে আৰক্ষীয়ে চিত্তৌৰৰ এখন হাস্পতালত ভৰ্তি কৰে৷ বৰ্তমানে যশোদাবেন সম্পূৰ্ণ সুস্থ বুলি জানিব পৰা গৈছে৷ যশোদাবেন প্ৰধানমন্ত্ৰীৰ পত্নী যদিও শিক্ষকতা কৰিহে  জীৱন নিৰ্বাহ কৰিছিল৷ এবছৰ পূৰ্বে এনডি টিভিৰ জৰিয়তে মই নৰেন্দ্ৰ মোডীৰ পত্নী, মোক অধিকাৰ লাগে বুলি কৈছিল যশোদাবেনে৷

উল্লেখ্য যে, তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এগৰাকী লোকে বিবাহ সমন্ধিত প্ৰশ্ন কৰাৰ পিছতেই যশোদাবেন মোডীৰ পত্নী বুলি চৰ্চালৈ আহিছিল৷ ইয়াৰ পাছৰ বছৰত যশোদাবেনৰ পাচপোৰ্ট সমন্ধীয় আবেদন খাৰিজ কৰি দিয়া হয়৷ কাৰণ যশোদাবেনে বিবাহৰ আবেদন পত্ৰৰ লগত নৰেন্দ্ৰ মোডীৰ সৈতে বিবাহ হোৱাৰ কোনো প্ৰমাণ পত্ৰ বা শপতনামা দাখিল কৰা নাছিল৷