ৰঙিয়াঃ অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ এগৰাকী নেতাক সংগঠনৰ পৰা বহিস্কাৰৰ পৰ্স্তাৱ লোৱাত ৰঙিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দলটোৰ ৰঙিয়াত সাংগঠনিক ভেটি দুৰ্বল যদিও আজিও খোৱা কামোৰা অব্যাহত থকাৰ অভিযোগ উত্থাপন হৈছে৷

জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো নথকাৰ পাছৰে পৰা ৰঙিয়াত অভিভাৱকহীন হৈ পৰা দলটোৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অৰ্ণৱ ভৰালীক বহিষ্কাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে ৰঙিয়া জিলা সমিতিয়ে। ৰঙিয়া অগপ কাৰ্যালয়ত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাত কেন্দ্ৰীয় সমিতিৰ সম্পাদকগৰাকীৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰা বুলি সংগঠনটোৰ জিলা সমিতিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

ইতিমধ্যে উক্ত প্ৰস্তাৱটো কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। অসম যুৱ পৰিষদৰ ৰঙিয়া জিলা সমিতিৰ সভাপতি আৰু সম্পদকে স্বাক্ষৰ কৰা বিবৃতিৰ জৰিয়তে সম্পাদক অৰ্ণৱ ভৰালীয়ে সংগঠন বিৰোধী কামত জড়িত হৈ পৰাৰ বাবে জিলা সমিতিয়ে এনে সিদ্ধান্ত ল'ব লগা হ'ল বুলি কয়।

শেহতীয়াভাৱে সম্পাদকগৰাকীয়ে ব্যক্তিগত খৰচৰ বাবে দলৰ নামত চান্দা সংগ্ৰহ কৰা, জিলা পৰ্যায়ৰ নেতাক অভদ্ৰ আচৰণ কৰা, আন দলৰ লগত মিতিৰালি কৰা আদিকে কৰি আন কেইবাটাও অভিযোগৰ ভিত্তিত দলটো শক্তিশালী কৰাৰ স্বাৰ্থত এনে সিদ্ধান্ত লোৱা বুলি জিলা সমিতিয়ে জানিবলৈ দিয়ে।

ইফালে ৰঙিয়া জিলা যুৱ পৰিষদে অৰ্ণৱ ভৰালীৰ বিৰুদ্ধে এনে কঠোৰ সিদ্ধান্ত লৈ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগে বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অগপৰ ৰঙিয়া সমষ্টি সমিতিয়ে। সমষ্টি সমিতিৰ সম্পাদক লীলাধৰ শালৈয়ে অৰ্ণৱ ভৰালী যিহেতু যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক তথা ৰঙিয়া সমষ্টি সমিতিৰ এজন উপ-সভাপতি তেনেস্থলত সমষ্টি সমিতিয়ে ভৰালীৰ বিৰুদ্ধে কেনেকৈ প্ৰাথমিক সদস্যৰ পৰা বহিস্কাৰৰ দৰে গুৰুত্বপূৰ্ণ প্ৰস্তাৱ এটা গ্ৰহণ কৰিলে বুলি পতিক্ৰিয়া প্ৰকাশ কৰে।