প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ ভয়ংকৰ কুটঘাটৰ পৰিকল্পনাত ব্যস্ত হৈ পৰিছে সন্ত্ৰাসবাদী৷ এনে পৰিকল্পনাৰ এক অংশ হিচাবে উগ্ৰপন্থীয়ে জমা কৰিছে সক্ৰিয় বোমা৷

পশ্চিমবংগৰ বিৰভুম জিলাত আৰক্ষীয়ে এখন গাৱঁৰ পৰা উদ্ধাৰ কৰে ৭০ টা সক্ৰিয় বোমা৷ এটা ড্ৰামৰ পৰা উদ্ধাৰ কৰা হয় বোমাকেইটা৷ অঞ্চলটোত কুটঘাট সংঘটিত কৰাৰ বোমাকেইটা ৰখা হৈছিল বুলি সন্দেহ ব্যক্ত কৰিছে আৰক্ষীয়ে৷

আনহাতে এই ঘটনাৰ পিছতে ভীতিগ্ৰস্ত হৈ পৰিছে গাওঁবাসী৷ উল্লেখযোগ্য যে বিগত দিনসমুহত মাওবাদীৰ কুটঘাটমুলক কাৰ্যকলাপ বৃদ্ধি হৈছে পশ্চিমবংগত৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে৷ ইফালে ছত্তীশগড়ত সেনা-আৰক্ষীৰ যুটীয়া অভিযানত ৭২ জন মাওবাদীক আটক হৈছে।