দেশৰ আগশাৰীৰ সংবাদ সংস্থা ইণ্ডিয়া টুডে গ্ৰুপে আগবঢ়োৱা 'আজটক সাহিত্য জাগৃতি উদ্যমন প্ৰতিভা সন্মান’ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে আদিবাসী কবি তথা সাংবাদিক জেচিন্তা কেৰকেট্টাই। হিন্দী কবিতা সংকলন 'ঈশ্বৰ ঔৰ বাজাৰ’ৰ বাবে আদিবাসী মহিলা কবিগৰাকীলৈ ইণ্ডিয়া টুডে গ্ৰুপে আগবঢ়াইছিল এই সন্মান। 'Newslaundry’ত প্ৰকাশিত বাতৰি অনুযায়ী আদিবাসী লোকসকলৰ সমস্যা সম্পৰ্কে মূলসুঁতিৰ সংবাদ মাধ্যমসমূহে নীৰৱ ভূমিকা গ্ৰহণ কৰাৰ প্ৰতিবাদস্বৰূপে উক্ত সন্মান গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে কবিগৰাকীয়ে।

উল্লেখ্য যে, ২০২২ চনত ৰাজকমল প্ৰকাশনে প্ৰকাশ কৰিছিল আদিবাসী কবি তথা সাংবাদিক জেচিন্তা কেৰকেট্টাৰ এই কাব্য সংকলনখন। ভাৰতৰ খিলঞ্জীয়া জনজাতীয় লোকসকলে যুগ যুগ ধৰি সন্মুখীন হৈ অহা সভ্যতামূলক প্ৰত্যাহ্বান আৰু ক্ষমতাৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিটো খোজতে কৰিবলগীয়া হোৱা সংগ্ৰামৰ এখন নিৰ্মম অথচ বাস্তৱ ছবি শব্দৰ জৰিয়তে এই কাব্য সংকলনখনৰ মাধ্যমেৰে দেশবাসীৰ সন্মুখত দাঙি ধৰিছিল জেচিন্তা কেৰকেট্টাই।

১৯৮৩ চনত ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাৰ খুড়াপোছ গাঁৱত ওৰাওন আদিবাসী সম্প্ৰদায়ত জন্মলাভ কৰিছিল জেচিন্তা কেৰকেট্টাই। সাহিত্য আৰু সাংবাদিকতাৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা জেচিন্তা কেৰকেট্টাক ২০২২ চনত বিশ্ববিখ্যাত ফৰ্বছ আলোচনীয়ে ভাৰতৰ শীৰ্ষ ২২ গৰাকী স্ব-নিয়োজিত মহিলাৰ ভিতৰত অন্যতম বুলি অভিহিত কৰে। 

শব্দৰ জৰিয়তে আদিবাসী সম্প্ৰদায়ৰ দুৰ্দশাৰ কাহিনী দেশবাসীক শুনাই অহা কেৰকেট্টাৰ শেহতীয়া কাব্য সংকলন 'ঈশ্বৰ ঔৰ বাজাৰ’ প্ৰকাশ পাইছিল ২০২২ চনৰ ২১ নৱেম্বৰত। এই কবিতা সংকলনখন 'আজটক সাহিত্য জাগৃতি উদ্যমন প্ৰতিভা সন্মান’ৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰ ফোন কল আৰু মেছেজৰ জৰিয়তে লাভ কৰিছিল লেখক, কবি তথা সাংবাদিকগৰাকীয়ে। 

এই সন্দৰ্ভত স্বতন্ত্ৰ নিউজ ৱেবচাইট Newslaundryৰ এক সাক্ষাৎকাৰত কেৰকেট্টাই কয় যে যদি কোনো কিতাপ সমাজৰ বিষয়ে লিখা হয়, তেন্তে সেই কিতাপখন গুৰুত্বপূৰ্ণ হৈ পৰে। কিন্তু মানুহৰ বিষয়ে লিখিলে কিতাপ এখনে গুৰুত্ব লাভ কৰিবলৈ সক্ষম নহয়। তেওঁ কয়, ''কিন্তু আমাৰ দৃষ্টিভংগী এনে নহয়। আমি আমাৰ কামক সামূহিকভাৱে উদযাপন কৰিব বিচাৰো। এগৰাকী লেখক বা কবিয়ে কেৱল নিজৰ সন্মানৰ বাবে কি কৰা উচিত? এনেবোৰ কথাৰ বাবেই মই এই সন্মান গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছো।’’

লগতে মূলসুঁতিৰ সংবাদ মাধ্যমক লৈ অসন্তুষ্টি ব্যক্ত কৰি কবি, লেখক তথা সাংবাদিক জেচিন্তা কেৰকেট্টাই কয় যে আদিবাসীসকলৰ দুৰ্দশা পোহৰলৈ আনিবলৈ মূলসুঁতিৰ সংবাদ মাধ্যমসমূহে চেষ্টা কৰা নাই। তেওঁ কয়, "এয়া কেৱল এটা মিডিয়া হাউছৰ কথা নহয়, কিন্তু দেশৰ তথাকথিত মূলসুঁতিৰ সংবাদ মাধ্যমে প্ৰান্তীয় লোকৰ প্ৰতি কেনেদৰে নিজৰ ভূমিকা পালন কৰে তাৰ প্ৰভাৱ মোৰ সিদ্ধান্তৰ ওপৰতো পৰিব।"

মণিপুৰত অব্যাহত থকা হিংসাৰ দাবানলৰ মাজত ৰাজ্যখনৰ অন্যতম জনজাতি কুকি-জোমিসকলৰ দুৰ্দশাক লৈও উদ্বেগ ব্যক্ত কৰে কবিগৰাকীয়ে। তেওঁ কয় যে এই বঁটাৰ খবৰ লাভ কৰি তেওঁ সুখী নহয়। নিউজ ৱেবছাইটৰ আগত কেৰকেটাই কয় যে মণিপুৰৰ আদিবাসীসকলৰ জীৱনৰ প্ৰতি থকা সন্মান ক্ষয়িষ্ণু হৈ পৰা সময়তে তেওঁক সন্মানিত কৰিব বিচৰা হৈছে।

কেৰকেট্টাই কয়, “আমি যেতিয়া কিতাপ লিখোঁ, তেতিয়া কিতাপখন সমাজৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰে, কিন্তু জনসাধাৰণৰ বাবে নহয়। এয়া আমাৰ কথাবোৰ চোৱাৰ ধৰণ নহয়। আমি আমাৰ কামক সামূহিকভাৱে উদযাপন কৰিব বিচাৰো... কেৱল নিজৰ সন্মানৰ বাবে লেখক বা কবিয়ে কি কৰা উচিত? এনেবোৰ কথাৰ বাবেই মই এই সন্মান গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছোঁ।’’

উল্লেখ্য যে, যোৱা ৩ মে’ৰ পৰাই জ্বলি আছে মণিপুৰ! ৰাজ্যখনৰ সংখ্যাগৰিষ্ঠ মেইটেই আৰু জনজাতীয় কুকিসকলৰ মাজত অব্যাহত থকা জাতিগত সংঘাতে ইতিমধ্যে প্ৰাণ কাঢ়ি নিছে দুই শতাধিকৰো অধিক লোকৰ। বিগত প্ৰায় ৬ মাহ ধৰি অশান্ত হৈ থকা মণিপুৰ এৰি ৬০ হাজাৰৰো অধিক লোকে এতিয়া আশ্ৰয় ল’বলগীয়া হৈছে চুবুৰীয়া ৰাজ্যত। ৰাজ্যখনৰ পৰা পোহৰলৈ অহা হিংসাৰ ভয়াবহ দৃশ্যই শিঁহৰিত কৰি তুলিছে প্ৰতিগৰাকী হৃদয়বান লোকক। 

News Next One হৈছে 'Crowdfunding’ৰ জৰিয়তে পৰিচালিত নিউজ ৱেবছাইট। প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!

ৰাজ্যখনৰ জনজাতীয় লোকসকললৈ নামি অহা এনে সংকটৰ ধুমুহাৰ মাজতে জানজাতীয় লোকৰ হকে আজীৱন কাম কৰি অহা সাংবাদিক তথা কবি জেচিন্তা কেৰকেট্টাক তেওঁৰ শেহতীয়া কাব্য সংকলনৰ বাবে সন্মানিত কৰিব বিচাৰিছিল দেশৰ আগশাৰীৰ সংবাদ সংস্থা ইণ্ডিয়া টুডে গ্ৰুপে। কিন্তু এই সন্মান গ্ৰহণ কৰিবলৈ জেচিন্তা কেৰকেট্টাই অস্বীকাৰ কৰাৰ পিছতে সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ।

প্ৰণিধানযোগ্য যে, ভাৰতীয় ভাষা সাহিত্যৰ কৃতিত্বক সন্মান জনাই প্ৰতি বছৰে সাহিত্য আজটক বঁটা প্ৰদান কৰা হয়। আজিৰ পৰা তিনিদিনীয়াকৈ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় খেলপথাৰত অনুষ্ঠিত হ’ব বঁটা প্ৰদান অনুষ্ঠান। এই বঁটাত প্ৰশস্তি পত্ৰৰ লগতে আগবঢ়োৱা হয় ৫০ হাজাৰ টকা নগদ ধনো।

News Next Oneৰ পঢ়ুৱৈসকলৰ বাবে আদিবাসী কবি জেচিন্তা কেৰকেট্টাৰ কবিতা 'পৰৱাহ'ৰ অসমীয়া অনুবাদ আগবঢ়োৱা হ'ল:

ইমান চিন্তা

আই শুনিছনে?
এসাজৰ খৰিৰ বাবে তই কিয়নো 
গোটেই দিনটো হাবিখন ঘুৰ্মুটিয়াই
পাহাৰখন বগাই বগাই
এই সন্ধ্যবেলাহে ঘৰ সোমাৱহি?

আইয়ে কয়...
গোটেই দিনটো
হাবিখন ঘুৰ্মুটিয়াই
পাহাৰ বগাই বগাই
কেৱল শুকান খৰিৰ বাবে
ঘূৰি ফুৰো অ’।

জীয়া গছ কাটিব নোৱাৰো বাছা!