newsnextone.com।নগাঁওঃ নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙৰ একান্ত প্ৰষ্টেচাত আজি ৰহা নতুন বজাৰ চাৰিআলি স্থিত চক্ৰ বিষয়া কাৰ্যালয়ৰ সমীপত দীৰ্ঘ দিন ধৰি ৰহা অঞ্চলত অনাই বনাই ঘুৰি ফুৰা মানসিক বিকাৰগ্ৰস্ত  মহিলা লিনা বনিয়া (৩৮) ক জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ এটি সজাতি দলে উদ্ধাৰ কৰি নতুন জীৱন দিয়ে ৷ প্ৰথমে উদ্ধাৰ কৰা মানসিক বিকাৰগ্ৰস্ত মহিলাগৰাকীক  নগাঁৱৰ মূখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱাই , তাৰ পিছত নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক  হাস্পতালত প্ৰাৰ্থমিক চিকিৎসাৰ বাবে ভৰ্ত্তি কৰোৱা হয় |
জানিব পৰা মতে,নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা সম্পাদিকা প্ৰনিতা মৰাঙে পোন প্ৰথমে মহিলাগৰাকীক  বস্ত পৰিধান কৰিবলৈ দিয়াৰ লগতে কিছু খাদ্য সামগ্ৰী খাৱলৈ দিয়ে ৷ ইয়াৰ পিছত বহু সময় বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰাৰ অন্তত লীনা বনিয়া জিলা আইন সেৱা প্ৰাধিকাৰীৰ দলটোৰ লগত নগাঁৱলৈ আহিৱলৈ সন্মত হয় | আজিৰ এই অভিযানত নগাঁৱৰ অধিৱক্তা শ্বাহনাজ চুলতানা,ৰূপালী গোস্বামী,নগাঁৱৰ অৰ্ধআইনী স্বেচ্চাসেৱক দ্বীপেন শইকীয়া ,দ্বীপ্তি চেতিয়া,মায়া  ডেকা , বিতুপন কোৱঁৰ ,পাপু বৰা আদিয়ে অংশগ্ৰহন কৰে | কাজেই,নগাঁও জিলা আইনসেৱা প্ৰাধিকাৰীৰ দলটোৰ এনে পদক্ষেপক সচেতন মহলে প্ৰশংসা কৰিছে ৷