ডিজিটেল ডেস্কঃ  দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত পৃথিৱী কপোৱা জাৰ্মানীৰ সেইসময়ৰ চেনচেলৰ এডলফ্ হিটলাৰৰ ফ্ৰান্সত থকা বাংকাৰটোৰ ভিতৰলৈ সাংবাদিক এজনে সাহসেৰে প্ৰৱেশ কৰি বাংকাৰটোৰ বহুতো ছবি সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ মিত্ৰশক্তি তথা বৃটিছ সৈন্যৰ পৰা পলাই থাকি ফ্ৰান্সৰ এই বাংকাৰটোটেই তেওঁ লুকাই আছিল৷ মাৰ্ক আছকাট নামৰ চহৰীয়া সংবাদ দাতা এজনে নিজৰ জীৱনক তুচ্চ কৰি সাহসেৰে ঘন কাঠনিবাৰীৰ মাজেৰে হিটলাৰৰ বহু চৰ্চ্চিত শেষ বাংকাৰটোৰ ভিতৰত প্ৰবেশ কৰি কেতবোৰ তথ্য সংগ্ৰহ কৰে৷

নাজী বাহিনীৰ প্ৰধান আৰু বিশ্বত্ৰাস হিটলাৰৰ সেই গোপন বাংকাৰৰ ভিতৰত বিশ্ব বুৰঞ্জীৰ ভয়ংকৰ অস্ত্ৰ ভাণ্ডাৰৰ মজুত আছিল আৰু ইয়াৰ সহায়তে জাৰ্মান সৈন্যই পৃথিৱী কপাইছিল৷ অৱশ্যে নিৰাপত্তাজনিত কাৰণত সাংবাদিক জনে বাংকাৰটোৰ প্ৰকৃত অৱস্থান ৰাইজক জনোৱা নাই যদিও ই উত্তৰ ফ্ৰান্সৰ ঘন কাঠনিবাৰী এখনত অৱস্থিত৷