গুৱাহাটীঃ ৰাজ্য চৰকাৰে ইতিহাস সৃষ্টি কৰিব খুজি বিশ্বৰ বিভিন্ন দেশৰ বিনিয়োগকাৰীক ৰাজ্যখনৰ ৰাজধানী গুৱাহাটী মহানগৰীত একত্ৰিত কৰি অসমৰ বাণিজ্যিক পৰিস্থিতিৰ সৈতে মুখামুখি কৰাৰ চেষ্টা চলাই৷ 

বহুপ্ৰত্যাশিত এডভাণ্টেজ আচাম শীৰ্ষক বিশ্ব বিনিয়োগ সন্মিলন উদ্বোধন কৰা নৰেন্দ্ৰ মোডীয়ে অসমৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ স্থানীয় বিনিয়োগকাৰীসকলক নিৰাশ কৰাৰ অভিযোগ উত্থাপন হয়। কিছুসংখ্যক ব্যৱসায় বিশেষজ্ঞ আৰু স্থানীয় বিনিয়োগকাৰীয়ে মোডীৰ পৰা স্থানীয় বিনিয়োগকাৰীৰ বাবে নতুন ঔদ্যোগিক নীতি ঘোষণা কৰিব বুলি আশা কৰিছিল যদিও সেই লৈ সম্পূৰ্ণ নিৰাশ হয়। 

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ঔদ্যোগিক নীতিৰ ক্ষেত্ৰত মোডীয়ে আলোকপাত কৰিব বুলি আশা কৰা কিছুসংখ্যক বিনিয়োগকাৰীক হতাশ হোৱা দেখা গ’ল এডভাণ্টেজ আচামত। বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ প্ৰভুৱেও এই বিষয়ত কোনোধৰণৰ মন্তব্য কৰা পৰিলক্ষিত নহ'ল। তাৰ পৰিবৰ্তে ভাষণত জেটলীৰ শেহতীয়া বাজেট-বন্দনাহে শুনা গ’ল বুলি মত প্ৰকাশ কৰা দেখা গ’ল।

উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ হেতু কেন্দ্ৰ চৰকাৰে নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল এণ্ড ইনভেষ্টমেণ্ট প্ৰমোচন পলিচি চমুকৈ NEIIPP, ২০০৭ ঘোষণা কৰিছিল। পলিচিখনৰ ম্যাদ আছিল ১০ বছৰ। বিগত বৰ্ষৰ মাৰ্চ মাহত এই পলিচিখনৰ ম্যাদ উকলি যোৱাৰ পিছত বিনিয়োগকাৰীসকলে নতুন পলিচিৰ কেন্দ্ৰই ঘোষণা কৰিব বুলি আশা কৰিছিল।