বিমান আক্ৰমণত ওছামা বিন লাডেনৰ ১২ বছৰীয়া নাতিৰ মৃত্যু

Printer-friendly versionSend by email

ডিজিটেল ডেস্কঃ বিশ্ব ত্ৰাস ওছামা বিন লাডেনৰ নাতিৰ মৃত্যু হোৱাৰ এক খবৰে সমগ্ৰ বিশ্বতে চৰ্চা আৰম্ভ হৈছে৷ পাকিস্তান-আফগানিস্তান সীমান্তত বিমানৰ আক্ৰমণত ওছামা বিন লাডেনৰ ১২ বছৰীয়া নাতিৰ মৃত্যু হোৱাৰ খবৰ কেইবাটাওঁ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পায়৷

সোমবাৰে সংবাদ গোষ্ঠীসমূহে বাকৰি প্ৰকাশ কৰি এই দাবী কৰে৷ নিহত কিশোৰগৰাকীৰ পিতৃ হামজা বিন লাডেনৰ উত্তৰসূৰি হিচাপে কাম কৰি আহিছে বুলি কয় সংবাদ মাধ্যমে৷

সম্প্ৰতি পোহৰলৈ অহা অল কায়দাৰ এখন চিঠিৰ জৰিয়তে এই কথা জানিব পৰা যায় বুলি কয় সংবাদ মাধ্যমে৷ এই চিঠি খনত উল্লেখ আছে লাডেনৰ নাতিৰ মৃত্যুৰ খবৰ৷ চিঠি খনৰ মতে চলিত বছৰৰ জুলাই নতুবা আগষ্ট মাহত মৃত্যু হৈছে কিশোৰগৰাকীৰ৷