ডিজিটেল ডেস্কঃ শনিবাৰে আফগানিস্তানৰ দক্ষিণ প্ৰান্তৰ হেলমান্দ সেনা শিবিৰত সন্ত্ৰসবাদী তালিবানে ভয়াবহ আক্ৰমণ চলোৱাৰ ফলত ৬ জনকৈ লোকৰ মৃত্যু হয়৷ জানিব পৰা মতে, হেলমান্দৰ নাদ আলি সেনাৰ শিবিৰৰ সমীপত কাৰ বোমা বিস্ফোৰণ কৰে তালিবানে৷ ফলত সেনা জোৱান সহ ৬গৰাকী লোকৰ মৃত্যু হয়৷

আনহাতে দেশৰ খনৰ কুন্দুজ প্ৰদেশৰ কালা-ই জল জিলাৰ সদৰত তালিবানে আক্ৰমণ চলাই নিজৰ দখললৈ নিয়াৰ খবৰ প্ৰকাশ পাইছে৷ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ মতে, কুন্দুজ প্ৰদেশৰ কালা-ই জল জিলাৰ আৰক্ষীৰ সদৰ দখল কৰে বিদ্ৰোহীয়ে৷ 

ৰাজ্যপালৰ ভৱনো দখল কৰিছে বিদ্ৰোহীয়ে৷ কুন্দুজ প্ৰদেশৰ পৰিষদৰ সদস্যই সংবাদ মাধ্যমক জনোৱা মতে, বিদ্ৰোহীয়ে দখল কৰা ঠই সমূহ পুনৰ উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে৷ আৰক্ষী সদৰ, ৰাজ্যপালৰ ভৱন আৰু ১০টা আৰক্ষীৰ পোষ্ট বিদ্ৰোহীয়ে দখল কৰিছে৷ ইমানে নহয় প্ৰদেশৰ কেইবাখনো বজাৰ কব্জা কৰে বিদ্ৰোহীয়ে৷