ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰাণালয়ে মেঘালয় আৰু অৰুণাচলৰ ৮ খন আৰক্ষী থানাৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰে৷ কেন্দ্ৰীয় চৰকাৰে এক ৰাজপত্ৰিত বিবৃতিৰ জৰিয়তে এই কথা ঘোষণা কৰে৷ ইয়াৰ লগতে মণিপুৰ, মিজোৰাম আৰু নাগালেণ্ডলৈ আহিব লগা বিদেশী নাগৰিক ক্ষেত্ৰত প্ৰতিবদ্ধকতা শিথিল কৰে৷ 

অৱশ্যে পাকিস্তান, আফগানিস্তান, আৰু চীনৰ নাগৰিকৰ ক্ষেত্ৰত পূৰ্বৰ নিয়মে বাহাল থাকিব৷ AFSPA অৰ্থাত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন, ১৯৫৮ উত্তৰ-পূৰ্বাঞ্চলত বলবৎ কৰি সেনাৰ হাতত সকলো নিয়ন্ত্ৰণ ন্যস্ত কৰাৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণে৷

২৭ ফেব্ৰুৱাৰীত অসমৰ ক্ষেত্ৰত সময়সীমা বৃদ্ধি কৰা হৈছিল ক’লা আইনখনৰ৷ কেন্দ্ৰীয় চৰকাৰে ৬ মাহৰ বাবে সময়সীমা বৃদ্ধি কৰিছিল সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ৷ উত্তৰ পূৰ্বাঞ্চলৰ লোকে বছৰ বছৰ ধৰি এই আইনখন বাতিল কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও দিল্লীৰ কেনো এখন চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই৷ ইমানে নহয়, মণিপুৰৰ লৌহ মানৱী ইৰম চানু শৰ্মিলাই ১৬ বছৰ অনশন কৰাৰ পিছতো চৰকাৰে এই ক'লা আইনখন বাতিল নকৰিলে৷ বাৰে বাৰে সময়সীমা বৃদ্ধি কৰি আহিছে চৰকাৰে৷

ইৰম চানু শৰ্মিলাই আইনখন প্ৰত্যাহাৰৰ দাবীত আমৰন অনশন কৰি ইতিহাস ৰচিছিল৷ মণিপুৰত একাংশ মহিলাই উলংগ হৈ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰা ঘটনাই বিশ্বজুৰি খলকনি তুলিছিল। প্ৰশ্ন উঠিছিল আইনখনৰ ন্যায্যতাক লৈ। আসাম ৰাইফলছে মণিপুৰী মহিলাক ধৰ্ষণ কৰাৰ বিৰুদ্ধে ৰাজপথত উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল৷ তৎস্বত্বেও নিজৰ সিদ্ধান্তত নাচোৰবান্দা আছিল চৰকাৰ। ক্ষোভ, বেদনা, অভিমান লৈ উত্তৰ পূৰ্বাঞ্চলবাসীয়ে প্ৰতিবাদ কৰি আহিছে যদিও জনসাধাৰণৰ থিয় দিবলৈ পক্ষপাতি নহয় চৰকাৰ৷

যোৱা লোক সভা নিৰ্বাচনৰ সময়ত এই আইনখন বাতিল কৰাৰ বাবে চিন্তা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বিজেপি চৰকাৰখনে ৫ বছৰ অতিক্ৰম কৰিবলৈ হ’ল যদিও এতিয়ালৈ আইনখন বাতিল কৰা দূৰৰ কথা, মাহৰ পিছত মাহ সময় বৃদ্ধি কৰি আহিছে৷ কিন্তু তাৰ মাজতে চৰকাৰে মাথো ৮ খন থানাৰ পৰাহে এই আইন প্ৰত্যাহাৰ কৰে৷ সংগ্ৰামী নেত্ৰী-মানৱাধিকাৰ কৰ্মী তথা লৌহ মানৱী ইৰম শৰ্মিলাই সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবীত সুদীৰ্ঘ ১৬ বছৰ কাল অনশন কৰি শৰ্মিলাই ২০১৭ চনৰ ৯ আগষ্টত অনশন ভংগ কৰে৷ কেন্দ্ৰীয় চৰকাৰে অসমক পুনৰ অশান্ত ৰাজ্য ঘোষণা কৰে৷ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ সময়সীমা আগন্তুক ছয় মাহৰ বাবে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল৷

উল্লেখ্য যে, ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে ২৮ ফেব্ৰুৱাৰীত সময় বৃদ্ধিৰ জাৰি কৰিছিল অধিসূচনা৷ ১৯৫৮ চনৰ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ ভিত্তিত ৰাজ্যখনক ‘অশান্ত ৰাজ্য’ হিচাপে ঘোষণা কৰিছিল অসমক আৰু উত্তৰ পূৰ্বাঞ্চলক৷ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ জৰিয়তে ৰাজ্যৰ সুৰক্ষাকৰ্মীসকলে বিভিন্ন অভিযান চলোৱাৰ অধিকাৰ আছে৷

এই আইনৰ জৰিয়তে সেনাই অশান্ত ক্ষেত্ৰসমূহত অভিযান চলাই যিকোনো লোকক তালাচী চলোৱাৰ লগতে গ্ৰেপ্তাৰ কৰিব পাৰিব আৰু প্ৰয়োজনত গুলীয়াই দিয়াৰো ক্ষমতা লাভ কৰে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে তেতিয়া কৈছিল, অসম আইন-ব্যৱস্থাজনিত পৰিস্থিতি বৰ্তমান অনুকুল হৈ আহিছে। হিংসা-প্ৰতিহিংসাও লাহে লাহে কমিব ধৰিছে। তেওঁ লগতে কয়, গণতন্ত্ৰ আলোচনাৰ জৰিয়তেহে আগুৱাই যায়, বন্দুকৰ দ্বাৰা নহয়। গৃহমন্ত্ৰী গৰাকীয়ে হিংসাৰ কোনো স্থান নাই বুলিও কৈছিল। উল্লেখ্য যে ১৯৯০ চনত অসমক প্ৰথমবাৰৰ বাবে অশান্ত ৰাজ্য হিচাপে ঘোষণা কৰিছিল কেন্দ্ৰই৷