file photo
file photo

newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পিছত এইবাৰ আৰএছএছৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব বিশিষ্ট উদ্যোগপতি ৰতন টাটাই৷ আৰএছএছে এই কথা মঙলবাৰে প্ৰকাশ কৰে৷ 

আৰএছএছ প্ৰধান মোহন ভাগৱত আৰু উদ্যোগপতি ৰতন টাটাই এখন মঞ্চতে উপস্থিত থাকিব৷ ইয়াৰ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে নাগপুৰৰ আৰএছএছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বিশেষ কাৰ্যসূচীত অংশ লৈছিল৷ প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে আৰএছএছৰ কাৰ্যসূচীত অংশ লোৱা বিষয়টোৱে দেশত ব্যাপক চৰ্চা লাভ কৰিছিল৷   

ৰতন টাটাই নানা পালকাৰ স্মৃতি সমিতিয়ে অহা ২৪ আগষ্টত আয়োজন কৰা অনুষ্ঠানত উপস্থিত থাকিব বুলি আৰএছএছৰ পদাধিকাৰীয়ে ৰাজহুৱা কৰে৷ সংঘৰ প্ৰচাৰক নানা পালকাৰৰ নামেৰে আৰএছএছে এটা স্বেচ্ছাসেৱী অনুষ্ঠানা চলাই৷ মুম্বাইৰ টাটা মেমৰিয়েল হস্পিতালৰ সমীপতে স্বেচ্ছাসেৱী অনুষ্ঠানৰ কাৰ্যালয় আছে৷ ৰতন টাটাই ইয়াৰ পূৰ্বে ২০১৬ চনত আৰএছএছৰ মুখ্য কাৰ্যালয়ত বিশেষ অনুষ্ঠানত উপস্থিত আছিল৷