newsnextone.com | ডিজিটেল ডেস্কঃ সমকামী বা একে লিংগৰ প্ৰতি থকা আকৰ্ষণ কোনো আচৰিত কথা নহয়৷ শৰীৰত হৰমনৰ গঠনৰ ওপৰত এজন ব্যক্তিৰ কামুকতা নিৰ্ভৰ কৰে৷ এটা সময়ত সমকামী আচৰণ সমাজ বিৰোধী বুলি গণ্য কৰা হৈছিল যদিও এতিয়া বিশ্বৰ প্ৰায়বোৰ দেশেই ইয়াক স্বীকৃতি প্ৰদান কৰিছে৷ 

তেনে এক সময়তে সমকামী হিন্দু বিৰোধী আখ্যা দি বিতৰ্কৰ আবৰ্তত সোমাই পৰিছে বিজেপি সাংসদ সুব্ৰমনিয়াম স্বামী৷ প্ৰায়ে বিতৰ্কিত মন্তব্য কৰি সংবাদ মাধ্যমত চৰ্চা লাভ কৰা সুব্ৰমনিয়াম স্বামীয়ে মঙলবাৰে সমকামিতাক উদ্দেশ্যে কৰি কয় যে সমকামী হোৱাটো নতুবা একে লিংগৰ প্ৰতি আকৰ্ষণ থকাটো হিন্দুত্বই কেতিয়াও মানি ল’ব নোৱাৰে৷ ইয়াক ৰোধ কৰাৰ বাবে উচিত চিকিৎসা শাস্ত্ৰৰ গৱেষণাৰ প্ৰয়োজন বুলিও উল্লেখ কৰে স্বামীয়ে৷

বিজেপি দলৰ জ্যেষ্ঠ নেতা স্বামীয়ে কয়, ‘সমকামিতা স্বাভাবিক বিষয় নহয়৷ এয়া আমি কেতিয়াও মানি ল’ব নোৱাৰো৷ এই ৰোগ উপশমৰ বাবে মেডিকেল গৱেষণা হোৱাটো অতি জৰুৰী৷’

উল্লেখ্য যে, বিশ্বৰ বিভিন্ন দেশত সমকামিতাক অপৰাধ হিচাপে গণ্য কৰা নহয় যদিও ভাৰতীয় দণ্ডবিধিৰ ৩৭৭ নং ধাৰাত সমপ্ৰেম বা সমকামিতাক অপৰাধ হিচাপে দেখুওৱা হৈছে৷ উচ্চমত ন্যায়ালয়ৰ সাংবিধানিক বেঞ্চত ইয়াৰ বিৰুদ্ধে দাখিল কৰা পিটিচনৰ শুনানি আৰম্ভ হোৱাৰ দিনটোত এই বিতৰ্কিত মন্তব্য প্ৰকাশ কৰে ৰাজ্যসভাৰ সাংসদ সুব্ৰমনিয়াম স্বামীয়ে৷ পিটিচনত লেছবিয়ান, গে’, বাইচেক্সুৱেল তথা এলজিবিটি সকলৰ সামাজিক নিৰাপত্তা প্ৰদান কৰাৰ বাবে আবেদন জনোৱা হৈছে৷

৭৮ বৰ্ষীয় স্বামীৰ মতে, সাংবিধানিক বেঞ্চৰ পৰিৱৰ্তে এই আবেদনৰ শুনানি ৭ বা ৯ জনীয়া বিচাৰপতিৰ বেঞ্চত হোৱা উচিত৷ আনহাতে চলিত বৰ্ষৰ জানুৱাৰী মাহত সমকামীসকলে যৌন প্ৰবৃতি প্ৰকাশ কৰিলে শাস্তি পায়, তাৰ বাবে ৩৭৭ নং ধাৰা বাহাল ৰখাৰ বাবে কোৱা হৈছিল৷