newsnextone.com | ডিজিটেল ডেস্কঃ এনআৰচিৰ খচৰা প্ৰকাশৰ পিছতে বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে। তৃণমূল কংগ্ৰেছে ৰাজনীতি আৰম্ভ কৰিছে সদনৰ বাহিৰে ভিতৰে। তৃণমূলৰ সাংসদে সদন উত্তাল কৰাৰ তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে পুনৰ এনৰচিৰ খচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

মমত বেনাৰ্জীয়ে দিল্লীৰ কনষ্টটিউচন ক্লাবত অনুষ্ঠিত 'Love For Neighbour' শীৰ্ষক কাৰ্যসূচীত অংশ লৈ পুনৰ অসমৰ এনআৰচি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

মমতাই কয় যে অসমত কি হৈছে? এনআৰচিৰ সমস্যা কেৱল বঙালীৰে নহয়, এয়া সংখ্যলঘূ, হিন্দু, বাঙালী, বিহাৰীৰ সমস্যা। ক্ষমতাত থকা লোকে ৪০ লাখকতৈও অধিক লোকৰ ভোট লাভ কৰিছিল। ভোট দিয়াসকলে কিন্তু হঠাৎ শাসকৰ স্বাৰ্থত শৰণাৰ্থী হ'ব লগা হ'ল। আমি সেই সকলক বাংলাত সোমাব নিদিও। আমি তাতেই থাকিম। সেইসকল লোকে এতিয়াৰ পৰা ভোট দিব নোৱাৰিব। 

 মমতাই আৰু কয় যে আমি আচৰিত হৈ পৰিছোঁ প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ পৰিয়ালৰ নাম নাই এনআৰচিৰ খচৰাত। আমি আৰু কি কম। এন বহু লোক আছে যাৰ এনআৰচিৰ খচৰাত নাম নায়। যদি বিহাৰীয়ে কয় বঙালীয়ে থাকিব নোৱাৰিব, দক্ষিণ ভাৰতৰ লোকে যদি কয় সেই ঠাইত থাকিব নোৱাৰিব, উত্তৰ ভাৰতেও যদি কয় তাত থাকিব নোৱাৰিব থাকিব ক'ত। এইখন দেশৰ অৱস্থা কি হ'ব। আমি সদায় একেলগে আছোঁ।

অসমত গৃহযুদ্ধৰ সূচনা কৰা হৈছে। খ্ৰীষ্টান, মুছলমান, দলিতক দেশৰ পৰা উলিয়াই দিয়াৰ ষড়যন্ত্ৰ কৰিছে। ইয়াৰ বিৰুদ্ধে কলে অপৰাধ কৰা হয়। আমি অপৰাধ কৰিবলৈ সাজু। আজি অসমত পশ্চিম পশ্চিম বংগত এনে কৰিব।

আমাৰ দেশ এটা পৰিয়াল। আমি আশা কৰিছোঁ মাতৃভূমিত এনে পৰিৱেশ নহ'ব। আমি এনে পৰিবেশ চাব ইচ্ছা কৰা নায়। আমাৰ মাতৃভূমিক আমি বিভক্ত হোৱাটো বিচৰা নায়।