newsnextone.com | কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেওবাৰে পুৱাই এটা এশিঙীয়া গঁড়ৰ মৃতদেহ উদ্ধাৰ হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত পিতনিৰ পাৰত উদ্ধাৰ হয় এশিঙীয়া গঁড়ৰ মৃতদেহটো। ইতিমধ্যে বন বিভাগৰ লোকে গঁড়টোৰ মৰণোত্তৰ পৰীক্ষা কৰি মৃত্যুৰ কাৰণ জানিবলৈ চেষ্টা কৰা বুলি জানিব পৰা গৈছে।

উদ্যানৰ বনকৰ্মীয়ে টহল দি থকাৰ সময়ত গঁড়টোৰ মৃতদেহ প্ৰত্যক্ষ কৰে।গঁড়টোৰ মৃত্যু স্বাভাৱিক বুলি কব খোজে বনবিভাগে। বনবিভাগে মৃত গঁড়টোৰ খৰ্গটো অক্ষত অৱস্থাত উদ্ধাৰ কৰে।