কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ সাপকাটাৰ পলাশগুৰী গাঁওৰ যমন হেমব্ৰম অাৰু ছোনীয়া টুডু নামৰ এহাল দম্পত্তিক ডাইনী সন্দেহত হত্যা কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌ যাঁওতেই জিলাখনৰ সুতাৰপাৰাত পুনৰাই ডাইনী সন্দেহত এগৰাকী মহিলাক হত্যা কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।

ডাইনী সন্দেহত হত্যাৰ বলি হোৱা মহিলাগৰাকী সুতাৰপাৰাৰ কুমিলা মুৰ্মু (৫০)বুলি জানিব পৰা গৈছে। প্ৰাপ্ত বাতৰি অনুসৰি সুতাৰপাৰাৰ বিধৱা মহিলা কুমিলা মুৰ্মু যোৱা ২৭ মাৰ্চৰ পৰা সন্ধানহীন হৈ অাছিল। কালি অৰ্থাৎ ২ এপ্ৰিলৰ দিনাখন কুমিলা মুৰ্মুৰ লৰা ৰাজা সৰেনে সন্ধানহীনতাৰ বিষয়ে বালাজান উপ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । কোকৰাঝাৰ জিলাৰ উপ আৰক্ষী অধীক্ষক প্ৰকাশ মেধি, কোকৰাঝাৰ সদৰ চহৰৰ ভাৰপ্ৰাপ্ত বিষয়া ৰবীন চৌধুৰী আৰু বালাজান উপ অাৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুভাষ কোচৰ নেতৃত্বত কালি নিশাৰে পৰা সুতাৰপাৰা এলেকাত অভিযান চলায় ।

পৰিয়ালৰ লোকে নিদিষ্ট কেইজনমানৰ বিৰুদ্ধে অভিযোগ কৰাত অাৰু ডাইনী বুলি তেওঁলোকক সন্দেহ কৰাৰ কথা অাৰক্ষীৰ অাগত ব্যক্ত কৰাত জিলা অাৰক্ষী অধীক্ষকৰ নিৰ্দেশত অভিযানকাৰী দলটোৱে অভিযান তীব্ৰতৰ কৰি তোলে অাৰু ৪ গৰাকী অভিযুক্তক আটক কৰি সোধপোচ কৰাত কুমিলা মুৰ্মুক হত্যা কৰি পুতি থোৱাৰ কথা স্বীকাৰ কৰে ।অাৰক্ষীৰ হেঁচাত অভিযুক্তই দেখুৱাই দিয়া অনুসৰি কুমিলা মুৰ্মুক হত্যা কৰি পুতি ৰখা স্থানত অাৰক্ষী উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত অাজি মৃতদেহ উদ্ধাৰ কৰে।

সুতাৰপাৰাৰ নিকটৰ তথা দোবৰাগাঁওৰ ওচৰৰ খেতিপথাৰৰ কেনেলৰ কাষত থকা এটি সৰু নলাৰ তলত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ পিছত অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃতদেহৰ মুৰত, বাঁও ভৰিত গভীৰ আঘাতৰ চিহ্ন থকাৰ উপৰিও দূৰ্ভগীয়া মহিলাগৰাকী মুৰৰ চুলি সম্পূৰ্ণৰূপে উভালি পেলাইছিল ঘাতকে।

উল্লেখ্য যে একমাত্ৰ ডাইনী সন্দেহতে হত্যাৰ বলি হোৱা কুমিলা মুৰ্মুৰ অাত্মীয় লক্ষীৰাম চৰেনে কিছুদিনৰ পৰা কঁকালৰ বিষত ভূগি অাছিল । কঁকালৰ বিষ ভাল নোহোৱাত লক্ষীৰাম চৰেনে বেজ মাতি অানি বেজৰ পৰামৰ্শ গ্ৰহণ কৰে। বেজে কঁকালৰ বিষ পৰীক্ষা কৰি ঘৰৰ মানুহেই বেজালি কৰি তেওঁৰ কঁকালৰ বিষ কৰা বুলি লক্ষীৰাম চৰেনক পতিয়ন নিয়াই কুমিলা মুৰ্মু প্ৰকৃততে এগৰাকী ডাইনী বুলি বেজে অভিহিত ব্যক্ত কৰাৰ পিছতেই লক্ষীৰাম অাৰু তেওঁৰ সঙ্গীসকলে কুমিলাক হত্যাৰ পৰিকল্পনা কৰে।

সেইমতে যোৱা ২৭ মাৰ্চতেই ৭-৮জনীয়া দল এটাই কুমিলাক হত্যা কৰি পুতি হয়। অাৰক্ষীয়ে এজাহাৰ লাভ কৰাৰ পিছতেই অভিযান চলাই কুমিলা মুৰ্মুৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনাৰে সতে চাৰিজনক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকল হ'ল ক্ৰমে পাত্ৰ চৰেন (২২), মাতা চৰেন(৫৫), সাঞ্জাৰাই চৰেন(৪৭)আৰু সামপ্ৰাই মুৰ্মু(৪৭)।অৱশ্যে ঘটনাৰ সতে জড়িত লক্ষীৰাম , কানুৰাম , জাবু আদি অভিযুক্তসকল সম্প্ৰতি পলাতক হৈ আছে। ঘটনা সন্দৰ্ভত বালাজান উপ অাৰক্ষী চকীত ভাৰতীয় দণ্ডবিধি অাইনৰ ১৪৩/১৪৯/৩০২/২০১ নং ধাৰাত এক গোচৰ ৰজু কৰা হৈছে ।