newsnextone.com | নগাঁওঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপি দলৰ সৈতে অগপ দলৰ কোনো মিত্ৰতা নহয় ৷ সেয়ে দলৰ সংগঠন তৃণমূলৰ পৰা শক্তিশালী কৰি সকলো নেতা কৰ্মী অকলেই পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ন হ’বলৈ সাজু হওঁক ৷ পঞ্চায়ত দখল কৰিব পাৰিলেহে দল শক্তিশালী হ’ব আৰু পুনৰ বাৰ চৰকাৰ গঠন কৰিব পাৰিব ৷ এই মন্তব্য অগপ নেতা তথা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ। দেওবাৰে বটদ্ৰৱাত অগপই অনুষ্ঠিত কৰা সতীৰ্থ সন্মিলনত উপস্থিত থাকি এই মন্তব্য প্ৰকাশ কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই ৷ 

পুৱা ১০ বজাৰ পৰা চকলাঘাট ৰাস মন্দিৰ প্ৰেক্ষাগৃহত অগপৰ কেন্দ্ৰীয় মহিলা পৰিষদৰ কাৰ্যকৰী সভানেত্ৰী তথা বটদ্ৰৱা অগপৰ সভানেত্ৰী মামনি বৰাৰ সঞ্চালনাত সমষ্টিটোৰ ২৬খন আঞ্চলিক সমিতিৰ নেতা-কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত সতীৰ্থ সন্মিলনত  ৰাজ্যিক পৰ্যবেক্ষক বিধায়ক কলিতাই এন আৰ চিৰ সন্দৰ্ভত মত ব্যক্ত কৰি কয় যে অসম চুক্তিক উলংঘা কৰা কোনো কথা অগপই মানি নলয় ৷ সভাত আগন্তত লোকসভা আৰু পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত প্ৰতিখন আঞ্চলিক সমিতিৰ মতামত গ্ৰহণ কৰা হয় ৷ 

সভাত ৰাজ্যিক পৰ্যবেক্ষকগৰাকীৰ সন্মুখতে অগপই বিজেপিৰ মিত্ৰতাক লৈ প্ৰায়বোৰ আঞ্চলিক সমিতিয়েই নিজৰ ক্ষোভ প্ৰকাশ কৰি এনে সন্মানহীন মিত্ৰতা ভংগ কৰিব লাগে বুলি অভিমত ব্যক্ত কৰা দেখা যায় ৷ সতীৰ্থ সন্মিলনৰ সভানেত্ৰীৰ আসনৰ পৰা জ্যেষ্ঠ অগপ নেত্ৰী মামনি বৰাই সকলো বাদ বিবাদ পৰিহাৰ কৰি সকলো নেতা-কৰ্মীকে তৃণমূল পৰ্যায়ৰ পৰা দলটো শক্তিশালী কৰিবলৈ আহ্বান জনায় কয় যে দল থাকিলেহে কৰ্মীৰ মান থাকিব ৷ 

সন্মিলনত জিলা অগপৰ সভাপতি অতুল মেধি, উপ-সভাপতি দেৱাজ আগবৰ, সাধাৰণ সম্পাদক নিৰঞ্জন বৰা আৰু  ইনামূল হক, বিষয়-ববীয়া কুলেন বৰা, ফটিক বৰা, চন্দ্ৰমোহন বৰা, সংখ্যালঘু পৰিষদ, যুৱ পৰিষদ, মহিলা পৰিষদ আৰু  কৃষক পৰিষদৰ বিষয়-ববীয়া সকলে অংশ লয় ৷ বটদ্ৰৱাৰ বিভিন্ন আঞ্চলিকৰ বিষয়-ববীয়াই সমষ্টিৰ বিজেপিৰ নেতাসকলৰ লগতে বিধায়িকা আঙুৰলতা ডেকাই অগপৰ কৰ্মীক কোনো গুৰুত্ব নিদিয়ে বুলি ক্ষোভ প্ৰকাশ কৰে ৷