ৰঙিয়াঃ প্ৰাক্তন শিক্ষা মন্ত্ৰী অগপৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োক ওভতাই আনিব দলৰ মজিয়ালৈ৷ আজি ৰঙিয়া চহৰৰ সমীপৰ বৈদ্যগড়ত অনুষ্ঠিত ৰঙিয়া জিলা অগপৰ এখন গুৰুত্বপূৰ্ণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত সভাখনত জিলা সমিতি আৰু আঞ্চলিক সমিতিসমূহৰ প্ৰায় ডেৰ শতাধিক বিষয়ববীয়া উপস্থিত আছিল।

অগপ ৰঙিয়া জিলা সমিতিৰ সভাপতি দেৱেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অগপ কেন্দ্ৰীয় সমিতিৰ সম্পাদক তথা কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা, কেন্দ্ৰীয় সমিতিৰ সম্পাদক তথা ৰঙিয়া সমষ্টি সমিতিৰ সম্পাদক ধ্ৰুৱ শৰ্মা, জিলা সমিতিৰ সম্পাদক নাজিমুদ্দিন আহমেদ, সুৰেন ডেকা, ৰঙিয়া পৌৰ সভাৰ সভানেত্ৰী দৈৱকী বড়ো উপস্থিত থাকে।

সভাখনত সাংগঠনিক দিশ আৰু প্ৰক্তন মন্ত্ৰী থানেশ্বৰ বড়োক দললৈ ওভতাই অনা সন্দৰ্ভত আলোচনা কৰা হয়। উল্লেখ্য যে, যোৱা নিৰ্বাচনত দলৰ টিকট লাভ নকৰি দলটোৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰঙিয়া সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাই নহয় দলটোৰ পৰাও আতৰি আছিল৷ জ্যেষ্ঠ নেতাগৰাকীয়ে দলটোৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে পুনৰ দললৈ ওভতাই অনাৰ পোষকতা কৰে সকলোৱে।

সভাত উপস্থিত থাকি কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দলটোৰ সাংগঠনিক দিশ শক্তিশালী কৰিবলৈ নেতা-কৰ্মীক আহ্বান জনায়। যোৱা বিধানসভা নিৰ্বাচনত অগপ দলৰ কৰ্মীৰ মাজত সৃষ্টি হোৱা সংঘাতসমূহ আঁতৰ কৰাৰ বাবেও বিধায়কগৰাকীয়ে অনুৰোধ জনায়। ৰঙিয়া পৌৰ সভাৰ গঠন তথা ভঙা-পতাত তেওঁ কোনোদিনেই জড়িত নহয় বুলিও স্পষ্ট কৰি দিয়ে।

পূৰ্বৰ বিজেপি সমৰ্থিত পৌৰপতি সীমা বৈশ্যক ৱাৰ্ড কমিছনাৰসকলে অনাস্থা দিয়াৰ পিছত কেইজনমান ৱাৰ্ড কমিছনাৰৰ লগতে বৰ্তমানৰ পৌৰপতি দৈৱকী বড়োৱে অগপত যোগদান কৰাৰ অন্তত অগপৰ সাংগঠনিক স্বাৰ্থৰ খাতিৰত বিধায়কগৰাকীয়ে দৈৱকী বড়োক সমৰ্থন কৰা বুলি জানিবলৈ দিয়ে।

এই ক্ষেত্ৰত বিজেপি দলৰ কোনো বিৰোধিতা কৰা নাই বুলিও কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই স্পষ্ট কৰি দিয়ে। আনহাতে উক্ত সভাখনত বিভিন্ন কাৰণত উভতি যোৱা দলটোৰ কৰ্মীসকলক পুনৰ ওভতাই অনা, জুলাই মাহৰ ভিতৰত দলটোৰ ভাতৃ-ভগ্নী সংগঠনসমূহক লৈ হাজোত এখন কৰ্মী সভা অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়।