newsnextone.com | ডিব্ৰুগড়ঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড়ত দেওবাৰে অসম গণ পৰিষদে এখন সভা অনুষ্ঠিত কৰি একপ্ৰকাৰ শক্তি প্ৰদৰ্শন কৰে। ডিব্ৰুগড় জিলাৰ চাবুৱা সমষ্টিৰ চাবুৱা সাহিত্য সভা ভৱনত ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি পোণাকন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখা কৰে কেন্দ্ৰীয় সমিতিৰ সম্পাদক নেত্ৰ প্ৰসাদে ৷ 

অগপৰ সাধাৰণ সম্পাদক তথা বিধায়ক প্ৰদীপ হাজৰিকাৰ উপস্থিতিত অনুষ্ঠিত সভাত কেইবাশতাধিক দলীয়া নেতা-কৰ্মী আৰু ৰাইজ উপস্থিত থাকে। সতীৰ্থ সন্মিলন সভাত চাবুৱা সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি, প্ৰাৰ্থী নিৰ্বাচন, বুথ সমিতি গঠন, বিজয়ৰ সম্ভাৱনা ইত্যাদি দিশ আলোচনা কৰা বুলি জানিব পৰা যায়। অগপ নেতা পুতুল সোণোৱাল, চন্দন গগৈ, নিত্য কলিতা, প্ৰমোদ ভেংৰাকে উপস্থিত থকা সভাত শতাধিক চাহ জনগোষ্ঠীয় যুৱক-যুৱতীয়ে অগপ দলত যোগদান কৰে৷

অগপই ডিব্ৰুগড় জিলাত ক্ৰমান্বয়ে শক্তিশালী হৈ উঠিছে আৰু সাংগঠনিক দিশ শক্তিশালী কৰিবলৈ সক্ষম হৈছে তাকেই প্ৰমাণ কৰে। কিয়নো যুৱ প্ৰজন্ম অগপৰ প্ৰতি আকৰ্ষিত হোৱা বুলি দাবী কৰে অগপই। 

উজনিৰ অগপৰ যুৱ নেতা পোণাকন বৰুৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাত যুৱ প্ৰজন্মই অগপ দলক বিকল্প হিচাপে লোৱা বুলি কয়। অনাগত দিনত দিছপুৰ দখল কৰিবলৈ যুৱ প্ৰজন্মই অগপ দলক আগবঢ়াই নিব বুলি আশা কৰে অগপ নেতাগৰাকীয়ে। প্ৰতিদিনে যুৱ প্ৰজন্ম ওলাই আহি অগপত চামিল হোৱা বুলি দাবী কৰি জাতীয়তাবাদী যুৱ প্ৰজন্মই ৰাষ্ট্ৰীয়তাবাদৰ পৰিৱৰ্তে আঞ্চলিকতাবাদৰ সৈতে তথা অগপৰ সৈতে থকা বুলি দাবী কৰে অগপৰ মুখপাত্ৰ পোণাকন বৰুৱাই।  

আগন্তুক পঞ্চায়ত নিৰ্বাচনত ডিব্ৰুগড় জিলাত অগপই ভাল খেলি প্ৰদৰ্শ কৰাৰ লগতে চাবুৱা অগপই অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি স্পষ্ট কৰে ৷ সভাত পোণাকন বৰুৱাক সভাপতি ৰতন বৰুৱাক কাৰ্যকৰী সভাপতি, নিপুল কোঁৱৰ আৰু পবিত্ৰ সোণোৱালক সম্পাদক হিচাপে লৈ চাবুৱা সমষ্টি সমিতি গঠন কৰা হ'য়৷ সভাই বিগত তিনিমাহে নিৰুদ্দেশ হৈ থকা প্ৰখ্যাত ফুটবলাৰ তথা পিচিজিৰ অন্যতম সদস্য ৰেৱতী ফুকনৰ সন্ধান উলিওৱাত চৰকাৰ ব্যৰ্থ হোৱাত গভীৰ উদ্বেগ কাশ কৰে ৷