ঢেকীয়াজুলিঃ বৰছলা বিধান সভা সমষ্টিত বিজেপি, কংগ্ৰেছ এৰি দুৰ্দিন সত্বেও অগপলৈ ঢাপলি মেলিছে ৰাষ্ট্ৰীয় দল দুটাৰ বহু নেতা-কৰ্মী৷ এই অনুযায়ী অগপৰ বৰছলা বিধান সভা সমষ্টি সমিতিৰ অন্তৰ্গত পশ্চিম বৰগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত আজি এখন সাধাৰণ সভা আনুষ্ঠিত হয়৷

উক্ত সাধাৰণ সভাত বৰছলা সমষ্টিৰ বহু বিজেপি-কংগ্ৰেছ নেতাই অগপত যোগদান কৰে৷ সভাত উপস্থিত থাকি তেজপুৰ জিলা অগপৰ উপ-সভাপতি তথা দলটোৰ জ্যেষ্ঠ নেতা ৰাতুল নাথে অসমত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ বিকাশৰ পথ অগপই হে মুকলি কৰিব পাৰিব বুলি কয়৷

জ্যেষ্ঠ নেতাগৰাকীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপ দলে কোনো দলৰে সৈতে মিত্ৰতা নকৰাকৈ অকলেই যুঁজ দিব বুলি স্পষ্ট কৰে৷ এই সভাতেই বহু কেইগৰাকী আঞ্চলিক পৰ্যায়ৰ নেতাই বিজেপি আৰু কংগ্ৰেছ দল ত্যাগ কৰি অগপত যোগদান কৰে৷

পশ্চিম বৰগাঁও আঞ্চলিক সমিতিৰ সভাপতি দুৰ্গেশ্বৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখন বৰগাঁও জিলা পৰিষদৰ অগপ সদস্য নোমল দৈমাৰীৰ তৎপৰতাত অনুষ্ঠিত হয়৷ সভাখনত দলটোৰ সাংগঠনিক দিশত বিশদ আলোচনা কৰাৰ লগতে আঞ্চলিকৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখনো গঠন হয়৷ তেজপুৰত মিত্ৰতা এৰি অগপই অকলেই প্ৰতিদ্বন্দিতা কৰিব বুলি অগপই আজিৰ সাধাৰণ সভাতে ঘোষণা কৰে৷