ডিজিটেল ডেস্কঃ এইমছত চিকিৎসাধীন আৰজেডিৰ নেতা লালু প্ৰসাদ যাদৱক সোমবাৰে সাক্ষাৎ কৰে ৰাহুল গান্ধীয়ে৷ ৰাহুল গান্ধীয়ে লালু প্ৰসাদ যাদৱক সাক্ষাৎ কৰাৰ লগে লগে নতুন বিতৰ্কৰ সূচনা হয়৷ পশু খাদ্য কেলেংকাৰীত দোষী সাব্যস্ত হৈ কাৰাবাস খাতি থকা এগৰাকী লোকক কেনেদৰে ৰাহুল গান্ধীয়ে সাক্ষাৎ কৰাৰ সুবিধা লাভ কৰিলে তাক লৈ বিতৰ্কৰ সৃষ্টি হয়৷ যোৱা ২৯ মাৰ্চত এইমছত ভৰ্তি হৈছিল লালু যাদৱ আৰু ৬ জনীয়া চিকিসকৰ দলে চিকিৎসা কৰি আহিছে৷ তাৰ মাজতে সোমবাৰে পুৱাই কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে সাক্ষাৎ কৰে৷ ৰাহুলে সাক্ষাৎ কৰাৰ পিছতে জামিনত নথকা লোকক কেনেদৰে সাক্ষাৎ কৰাৰ সুবিধা লাভ কৰিলে তাকে লৈ বিতৰ্কৰ সৃষ্টি হয়৷

জানিব পৰা মতে, ইতিমধ্যে লালু প্ৰসাদ যাদৱে চিকিৎসালয়ৰ পৰা ওলাই ৰেল যোগে ৰাঁচী অভিমুখে ৰাওনা হৈছে৷ তাৰ পূৰ্বে এইমছ কৰ্তৃপক্ষই আৰজেডিৰ নেতা প্ৰাক্তন বিহাৰৰ মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ অৱস্থা লাহে উন্নত হোৱা বুলি কয়৷ এইমছ কৰ্তৃপক্ষই ৰাঁচীলৈ লালুক নিব পৰাকৈ উন্নত হোৱাৰ লগতে তেওঁক ৰাঁচীৰ চিকিৎসা মহাবিদ্যালয়লৈ নিব পৰা হৈছে বুলি কোৱাত পৰিয়ালে মানি লব খোজা নাছিল৷

এইমছৰ কৰ্তৃপক্ষৰ এই ঘোষণা কৰাৰ পিছতে লালু পৰিয়ালে এই সিদ্ধান্তৰ আৰত আন কাৰণ আছে বুলি অভিযোগ উত্থাপন কৰে৷ লালু পুত্ৰ তেজস্বী যাদৱে কয় ‘‘হঠাও তেওঁক হস্পাতাল এৰিব দিয়াৰ কাৰণ কেৱল এইমছ কৰ্তৃপক্ষই হে জানিব৷’’ এইমছৰ এই সিদ্ধান্তত সুখী নহয় লালু প্ৰসাদ যাদৱ এই কথাকলৈ এখন চিঠি লিখি অৱগত কৰিছে৷ লালুৱে চিঠিত উল্লেখ কৰি কয় ‘‘মই এতিয়াও ৰাঁচীলৈ যাবৰ বাবে উন্নত হোৱা নাই৷  মই এতিয়াও ৰাঁচীলৈ উভতি যাব খোজা নাই৷ মোৰ ৰোগৰ  চিকিৎসা কৰাৰ সামগ্ৰী তাত নাই৷’’