চৰাইদেউঃ জলসিঞ্চন বিভাগৰ সচিব কুজেন্দ্ৰ দলেৰ গ্ৰেপ্তাৰে আকৌ এবাৰ উদঙাই দিলে আমোলা-বিষয়াৰ প্ৰকৃত স্বৰূপ। বন বিষয়া মহৎ তালুকদাৰ দৰে অবাধ ধনৰ পাহাৰ গঢ়া দলৈ হৈছে দুৰ্নীতি নিবাৰক শাখাৰ শেহতীয়া চিকাৰ।

দুৰ্নীতিৰ ক্ষেত্ৰখনত মহৎ তালুকদাৰৰ গ্ৰেপ্তাৰতকৈও কুজেন্দ্ৰৰ গ্ৰেপ্তাৰ অধিক গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। কিয়নো চৰকাৰৰ হৃদপিণ্ড স্বৰূপ জনতা ভৱনতে দুৰ্নীতি নিবাৰক শাখাৰ হাতত হাতে-লোটে ধৰা পৰিছে দুৰ্নীতিৰ নায়ক স্বৰূপ এইগৰাকী বিষয়া।

কেৱল সিমানেই নহয় সমগ্ৰ ঘটনাটোৰ সৈতে পৰিৱৰ্তনৰ সপোন দেখুওৱা নতুন চৰকাৰখনৰ বিভাগীয় মন্ত্ৰী ৰঞ্জিৎ দত্ত জড়িত থকাৰো অভিযোগ উত্থাপিত হৈছে। পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰখনৰ মন্ত্ৰীৰ নাম এনেদৰে দুৰ্নীতিৰ সৈতে সাঙোৰ খাই স্বাভাৱিকতে হতচকিত হৈ পৰিছে ৰাজ্যখনৰ সৰ্বসাধাৰণৰ লগতে বিভিন্ন দল-সংগঠন।

এই সন্দৰ্ভত আজি এক বিবৃতিযোগে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে। সংগঠনটোৱে দুৰ্নীতিপৰায়ণ বিষয়াজনক গ্ৰেপ্তাৰ কৰা কাৰ্যক আদৰণি জনায় যদিও মন্ত্ৰী ৰঞ্জিৎ দত্ত সন্দৰ্ভত নীৰৱতা অৱলম্বন কৰাত আশ্চৰ্য প্ৰকাশ কৰে। বিভাগীয় মন্ত্ৰীৰ আশীষধন্য নোহোৱাকৈ এজন বিষয়াই সচিবালয়তে কিদৰে দুৰ্নীতিৰ গাদী গঢ়ি তুলিব পাৰে বুলিও বিবৃতিযোগে প্ৰশ্ন কৰে সংগঠনটোৰ সভাপতি বিৰাজ তালুকদাৰ আৰু সম্পাদক পলাশ চাংমাইয়ে।

'বিভাগীয় মন্ত্ৰীৰপৰা সহযোগিতা নোপোৱাকৈ এজন সচিবে নিজ কাৰ্যালয়ত লক্ষ লক্ষ ধন মজুত কৰি ৰখাতো অসম্ভৱ যেন লাগে। তাতে যদি দুৰ্নীতি পৰায়ণ বিষয়াজনে নিজ মুখে মন্ত্ৰীজনো সমগ্ৰ ঘটনাৰ সৈতে জড়িত  বুলি স্বীকাৰ কৰে তেন্তে বিষয়টো কোনোপধ্যে উলাই কৰিব পৰা নাযায়।’- এনেদৰে সকলো বিষয় স্পষ্ট হৈ পৰাৰ পিছতো পৰিৱৰ্তনৰ চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাটোক দুৰ্ভাগ্যজনক আখ্যা দি বিবৃতিটোত এইদৰে কয় সংগঠনটোৰ নেতাদ্বয়ে।

সংগঠনটোৱে আৰু অভিযোগ কৰে যে ৰাইজক দেখুৱাই সৰ্বানন্দ সোণোৱাল চৰকাৰে যিমানেই স্বচ্ছ আৰু নিকা প্ৰশাসনৰ কথা নকওক কিয় ভিতৰি ভিতৰি একাংশ বিষয়াৰ সহায়ত দুৰ্নীতিৰে মিতিৰালি কৰি আহিছে। দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰা বিষয়া কুজেন্দ্ৰই মন্ত্ৰী ৰঞ্জিৎ দত্ত জড়িত থকা বুলি স্বীকাৰ কৰা কাৰ্যই তাকেই প্ৰমাণ কৰে বুলিও দাবী কৰে সংগঠনটোৱে।

চৰকাৰ সলনি হ’লেও বৰ্তমানো সচিবালয়ত প্ৰতিটো বিভাগতে আমোলা-বিষয়াৰ পৰা আৰম্ভ কৰি ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীলৈকে দুৰ্নীতিত নিমজ্জিত হৈ আছে বুলিও অভিযোগ কৰে যুৱ-ছাত্ৰ পৰিষদে। পৰিষদৰ নেতাদ্বয়ে আৰু কয় যে সচিবালয়ত দুৰ্নীতি এনে পৰ্যায়ত শিপাইছে যে ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীয়েও অতি বিলাসী বাহন আৰু বিলাসী অট্টালিকা ক্ৰয় কৰিবলৈ সমৰ্থ হৈছে।

ইয়াৰ তথ্য-প্ৰমাণ সময়ত সদৰী কৰা হ’ব বুলিও বিবৃতিটোত উল্লেখ কৰে নেতাদ্বয়ে। এনে পৰিপ্ৰেক্ষিটত চৰকাৰ-প্ৰশাসনক প্ৰকৃতাৰ্থত যদি স্বচ্ছ আৰু নিকা ৰূপ দিব বিচাৰিছে তেন্তে ভাষণৰ ফুলজাৰি মৰাতকৈ সচিবালয়ৰ আমোলা-বিষয়াৰ পৰা আৰম্ভ কৰি ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীলৈকে সকলোৰে সম্পত্তিৰ হিচাপ লোৱাৰ ব্যৱস্থা কৰিবলৈকো দাবী জনায় নেতাদ্বয়ে। 

চৰকাৰৰ নিকা ভাৱমূৰ্তি অক্ষুণ্ণ ৰাখিবলৈ হলে জলসিঞ্চন বিভাগৰ শেহতীয়া দুৰ্নীতিৰ ঘটনাৰ সৈতে নাম সাঙোৰ খাই পৰা মন্ত্ৰী ৰঞ্জিৎ দত্তকো তদন্তৰ আওতালৈ আনিবই লাগিব বুলিও বিবৃতিযোগে দাবী জনায় সংগঠনটোৱে। অন্যথাই চৰকাৰৰ স্বচ্ছ আৰু নিকা প্ৰশাসনৰ দাবী বুমেৰাং হৈ পৰিব বুলিও স্পষ্ট কৰি দিয়ে পৰিষদে।