লিডুঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে শুকুৰবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত ড্ৰাগছ আৰু কানিৰ ব্যাপক হাৰত ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন কৰি ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন প্ৰান্তত অবাধ গতিত চলি থকা নিচা জাতীয় দ্ৰব্যৰ বেহা বন্ধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ টিৰাপ-জাগুন আঞ্চলিক সমিতিৰ শাতধিক নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰশাসনক কেৰেপ নকৰি ড্ৰাগছ-কানি মাফিয়াই মহকুমাটোৰ জনগোষ্ঠীয় এলেকাসমূহত ৰমৰমীয়া ব্যৱসায় চলাই থকা কাৰ্যই সচেতন মহলক চিন্তিত কৰি তোলাত জাতীয় সংগঠন প্ৰতিবাদ সাব্যস্ত কৰে আহিছে যদিও গা নলৰে প্ৰশাসনৰ ৷ 

পুনৰ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ টিৰাপ-জাগুন আঞ্চলিক সমিতিয়ে স্থানীয় মহিলাসকলৰ সহযোগত লেখাপানী, জাগুন, টিৰাপ আদি জনগোষ্ঠীয় এলেকাসমূহৰ ড্ৰাগছ-কানিৰ ব্যৱসায় বন্ধ কৰা দাবী জনায়। জাগুন বজাৰৰ মাজমজিয়াত ১৫৩নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ জৰিয়তে তিনিচুকীয়া জিলা প্ৰশাসনক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ 

সংগঠনটোৰ নেতা অভিজিৎ শৰ্মা আৰু সভাপতি মৱোৰঞ্জন চেতিয়াই ড্ৰাগছ গাঞ্জা, কানিৰ বেহা এক মাৰাত্মক ৰূপ ধাৰই কৰিছে বুলি কয়। আৰক্ষী-প্ৰশাসনে বিক্ৰেতা আৰু সেৱনকাৰীক আটক কৰি শাস্তি প্ৰদান নকৰিলে সংগঠনটোৱে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হ'লে সংগঠনক জগৰীয়া কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে ৷

সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰী থানাৰ অন্তৰ্গত উলুপ, ইনথেম, নগাপথাৰ, লালমাটি, ব্ৰহ্মজান, কেটেটং আদি অঞ্চলত একাংশ কুখ্যাত ড্ৰাগছ-কানিৰ বেপাৰীয়ে নিচাজাতীয় সামগ্ৰীৰ এখন মুকলি বজাৰ গঢ়ি তোলা বুলি কৈ বিভাগীয় কৰ্তৃপক্ষৰ দুৰ্বলতাৰ বাবেই ড্ৰাগছ, কানি-গাঞ্জাৰ মুকলি বজাৰ গঢ়ি উঠা বুলি অভিযোগ উত্থাপন কৰে।