গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰত যোৱা ২১ মাৰ্চত গোৰেশ্বৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ মধ্যাহ্ন ভোজন প্ৰস্তুত কৰা সা সামগ্রীৰ লগতে বিভিন্ন আইৰণ যুক্ত টেবলেটসমূহ বিতৰণ নকৰি ১৪২ নং গোৰেশ্বৰ নিম্ন বুনিয়াদী বিদ্যালয়ত উদ্ধাৰ হয়।

বিগত তিনি বছৰ ধৰি ম্যাদ উকলা ঔষধৰ লগতে অনেক সামগ্রী বিতৰণ নকৰি শ্ৰেণীকোঠা এটিৰ ভিতৰত ৰাখি থোৱাৰ গোপন খবৰৰ ভিত্তিত যুৱ-ছাত্র পৰিষদৰ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ এটা সজাতি দলে উক্ত সামগ্ৰীসমূহ উদ্ধাৰ কৰে।

এই সম্পৰ্কে শুকুৰবাৰে বাগসা জিলা উপায়ুক্তৰ লগতে বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ সুকীয়া সুকীয়াকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে পৰিষদে। পৰিষদৰ গোৰেশ্বৰ আঞ্চলিকৰ সভাপতি-সম্পাদক ক্ৰমে সীমান্ত বায়ন আৰু ৰেজেকুদ্দিন আহমেদে স্মাৰক পত্ৰত কয় যে অবৈধ ভাবে মজুদ কৰা সামগ্ৰী সম্পৰ্কে গোৰেশ্বৰ খণ্ড শিক্ষা বিয়ষাই অজ্ঞতা প্ৰকাশ কৰে।

ইতিমধ্যেই এই সামগ্ৰীসমূহ গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াই চমজি লৈছে যদিও সঠিক তদন্ত হ'বলৈ এতিয়াও বাকী আছে। গোৰেশ্বৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ অধীনত থকা সামগ্ৰীসমূহ কোনে কি কাৰণে বিতৰণ কৰা নাছিল তাৰ উচিত তদন্ত কৰি দোষী ব্যক্তিক শাস্তি দিয়াৰ বাবে স্মাৰক পত্ৰ যোগে দাবী জনোৱা হৈছে। অন্যথা যুব-ছাত্র পৰিষদে গণতান্ত্রিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলিও সকীয়াই দিছে।