প্ৰতীক ফটো
প্ৰতীক ফটো

ডিফু/চৰাইদেউঃ বিগত কিছুদিন ধৰি এক বিশেষ পৰিস্থিতিত বিহু সন্মিলনীৰ মঞ্চত হিন্দী গীত গাবলৈ দিয়া-নিদিয়াক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা বিতৰ্ক সন্দৰ্ভত আজি  অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ এক বিবৃতিত পৰিষদৰ সভাপতি বিৰাজ কুমাৰ তালুকদাৰ আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয় যে, সাত বিহুৰ দিনকেইটাতো কোনো শিল্পী বা গায়কে অসমীয়া আৰু জনগোষ্ঠীয় ভাষাৰ গীতৰ মাজত আৱদ্ধ থাকিব নোৱাৰাটো দুৰ্ভাগ্যজনক।

♦ শিল্পীসকলক মাতৃভাষাক গুৰুত্ব দিবলৈ আহ্বান
♦ হিন্দী গীত প্ৰসংগত ভেংকায়া নাইডুৱে কৰা মন্তব্যক গৰিহণা
♦ সাত বিহুত হিন্দী গাবলৈ মন যোৱাতো দুৰ্ভাগ্যজনক

"অসমৰ শিল্পীসকলে বিগত সময়ত অসমৰ উপৰিও বিভিন্ন ভাষাত হাজাৰ হাজাৰ গীত গাই অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন চহকী কৰি আহিছে ৷ সৈনিক শিল্পী বিষ্ণু ৰাভা, জ্যোতি প্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা, লুইত কোৱঁৰ ৰুদ্ৰ বৰুৱাকে ধৰি বিভিন্ন স্বনামধন্য শিল্পীয়ে সমৃদ্ধ কৰি যোৱা এইখন অসমত কিন্ত সাতবিহুৰ দিনকেইটাতো কোনো শিল্পী বা গায়কে অসমীয়া আৰু জনগোষ্ঠীয় ভাষাৰ গীতৰ মাজত আৱদ্ধ থাকিব নোৱাৰাটো দূৰ্ভাগ্যজনক আৰু ইয়াৰ প্ৰতিক্ৰিয়া স্বাভাবিকতে হ'বই"।-এইদৰে কয় নেতাদ্বয়ে।

শিল্পীৰ কোনো ভাষা নাই বুলিয়েই অসমৰ চহকী ভাষা সংস্কৃতিক বিহুৰ সময়তো অৱজ্ঞা কৰিব বিচৰা মানসিকতা কোনোপধ্যেই গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলিও পৰিষদে স্পষ্ট কৰি দিয়ে৷ পৰিষদৰ নেতাদ্বয়ে অনতিপলমে এনে বিতৰ্ক সামৰি গঠনমূলক পৰিৱেশৰ মাজত অসমীয়াৰ লগতে অসমৰ সকলো জনগোষ্ঠীয় ভাষা-সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হৈ সাংস্কৃতিক ঐক্যৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সকলো পক্ষকে আহ্বান জনায় ৷

মাতৃভাষাক সকলোতকৈ অধিক গুৰুত্ব দিয়াতো প্ৰকৃততে শিল্পীৰ প্ৰধান দ্বায়িত্ব বুলি মন্তব্য কৰি বিহুৰ নামত কৰা মঞ্চত অসমীয়া গীতৰ লগতে অসমৰ প্ৰতিটো জনগোষ্ঠীয় ভাষাৰ গীত পৰিৱেশনৰ মাজেদি অসমত এক সাংস্কৃতিক একতা গঢ়িবলৈ শিল্পীসকলক আহ্বান জনায়  সংগঠনটোৱে৷ লগতে বিহু মঞ্চৰ আয়োজকসকলকো জাতীয় সংস্কৃতিক সঠিক উপস্থাপন আৰু বৈশিষ্ট্যগত স্বকীয়তা ৰক্ষাৰ ক্ষেত্ৰত সচেতন হ'বলৈ আহ্বান জনায় ৷

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতাদ্বয়ে পুনৰ কয় যে, অসমৰ সমাজ জীৱন হিন্দী লবীৰ লগতে তেনেলেখীয়া বহিৰাগতৰ আগ্ৰাসনৰ বিৰুদ্ধে অতীজৰে পৰা সচেতন৷ তাহানিতে অম্বিকাগিৰি ৰায় চৌধুৰীকে ধৰি বিভিন্নজনে এনে ধৰণৰ আগ্ৰাসন সম্পৰ্কত ৰাইজক সচেতন কৰি সকীয়াই থৈ গৈছে ৷ দক্ষিণ ভাৰতৰ ৰাজ্যবোৰৰ বাসিন্দাসকলে তথাকথিত ৰাষ্ট্ৰভাষা হিন্দীৰ লগতে আন বহিৰাগত ভাষা সংস্কৃতিক নিজ ভাষা সংস্কৃতিৰ লগত সংমিশ্ৰণ হ'বলৈ নিদি সুৰক্ষিত কৰি ৰাখিবলৈ সততে যত্ন কৰি জাতীয়তাবাদৰ ভেটি আৰু দৃঢ়তা ৰক্ষা কৰি আহিছে ৷

ইফালে, মঙলবাৰে বিহু মঞ্চত হিন্দী গীত গাবলৈ উৎসাহিত কৰি কেন্দ্ৰীয় মন্ত্ৰী ভেংকয়া নাইডুৱে কৰা মন্তব্যক যুৱ-ছাত্ৰ পৰিষদে তীব্ৰ গৰিহণা দিয়ে ৷ পৰিষদৰ নেতাদ্বয়ে কয় যে, "কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এনে মন্তব্যৰ মাজত অসমৰ প্ৰতি বিগত সময়ছোৱাত দেখুৱাই অহা হিন্দী লবীৰ লোলুপ দৃষ্টি আৰু হিন্দীলবীৰ সামগ্ৰিক আগ্ৰাসনক অধিক তৰান্বিত কৰাৰ ষড়যন্ত্ৰ প্ৰকাশ পাইছে৷ "বিহু অসমৰ জাতীয় উৎসৱ আৰু ই লোকসংস্কৃতি" এই কথাখিনি এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে জনা উচিত বুলিও স্পষ্ট কৰি দিয়ে সংগঠনটোৱে।

বিহু সন্মিলনৰ মঞ্চতো হিন্দী গীত পৰিৱেশন কৰিবলৈ উৎসাহ প্ৰদান কৰাটোক যুৱ-ছাত্ৰ পৰিষদে সহজভাৱে ল'ব পৰা নাই বুলি উল্লেখ কৰি অসমবাসীক অধিক সচেতন হ'বলৈ আহ্বান জনায় ৷ ইতিমধ্যে এনে আগ্ৰাসনৰ জালত অসমৰ কোনো কোনো শিল্পীয়ে জ্ঞাত বা অজ্ঞাতভাবে বন্দী হৈ পৰিছে বা হবলৈ গৈ আছে  বুলিও মন্তব্য কৰে সংগঠনটোৰ নেতাদ্বয়ে৷

এনে পৰিপ্ৰেক্ষিতত সময় থাকোতে সকলো পক্ষকে সাৱধান হবলৈ আহ্বান জনাই পৰিষদে। অসমৰ ওপৰত তথাকথিত ৰাষ্ট্ৰভাষাৰ নামত হিন্দী ভাষাক জাপি নিদিবলৈকো সকীয়াই দিয়ে সংগঠনটোৱে।

নুনমাটিৰ বিহু সন্মিলনৰ পৰা আৰম্ভ হোৱা বিতৰ্কটোৰ লগতে কালি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰা মন্তব্যই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লগতে অসমৰ জনসাধাৰণক পুনৰ এবাৰ ভাবিবলৈ এক অৱকাশ প্ৰদান কৰা বুলিও নেতাদ্বয়ে বিবৃতিটোত মন্তব্য কৰে ৷