চৰাইদেউঃ সশস্ত্ৰ নগা বিদ্ৰোহী সংগঠন এনএছচিএন আৰু ভাৰত চৰকাৰৰ মাজত বিগত ২০১৫ চনত স্বাক্ষৰিত প্ৰাৰম্ভিক চুক্তি সন্দৰ্ভত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে পুনৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

বিগত দুদিন ধৰি হেব্ৰণত অনুষ্ঠিত সভাত ইমান দিনে লুকাই ৰখা প্ৰাৰম্ভিক চুক্তিখনৰ কিছু কথা প্ৰকাশিত হোৱাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিৰাজ তালুকদাৰ আৰু পলাশ চাংমাইয়ে কয় যে পৰিষদে প্ৰতিটো জাতিসত্বাৰ আত্ম-নিয়ন্ত্ৰণৰ সংগ্ৰামক সমৰ্থন কৰে।

• উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাজত সংঘাত বিচাৰিছে কেন্দ্ৰই
• অসমৰ এক ইঞ্চি মাটিও নাগালিমলৈ যাবলৈ দিয়া নহ'বঃ যুৱ-ছাত্ৰ পৰিষদ

একালৰ বৰ অসমৰ অংগ নগাসকলে নিজৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত থাকি কৰা আত্ম-নিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে বিগত সময়ত যিদৰে ৰাষ্ট্ৰৰ বিপক্ষে সংগ্ৰাম কৰি আহিছে, তাত আপত্তি কৰিবলগীয়া একো নাই বুলি উল্লেখ কৰি নেতাদ্বয়ে স্পষ্ট কৰি দিয়ে যে সংগ্ৰামক লৈ আপত্তি নাথাকিলেও তাৰ পৰা উদ্ভৱ হ'ব পৰা অনাকাংক্ষিত পৰিস্থিতিক কোনোপধ্যেই সমৰ্থন কৰিব নোৱাৰি ৷

বিশেষকৈ সকলোকে অন্ধকাৰত ৰাখি ষড়যন্ত্ৰমূলকভাৱে সম্পাদনা কৰা এই ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট সম্পৰ্কত যি সমূহ কথা সম্প্ৰতি পোহৰলৈ আহিছে তাত অসমৰ স্বাৰ্থৰ কথা জড়িত হৈ পৰাত বিষয়টো অতি স্পৰ্শকাতৰ হৈ পৰিছে বুলিও মন্তব্য কৰে সংগঠনটোৰ শীৰ্ষ নেতৃত্বই।

এই চুক্তিখন সম্পাদন কৰাৰ সময়ত অসম চৰকাৰক জড়িত নকৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে সংগঠনটোৰ নেতাদ্বয়ে। চুক্তিখনত যি বৃহত্তৰ নাগালিম গঠনৰ কথা মানি লোৱা বুলি NSCN পক্ষই সদৰী কৰিছে সেয়া কোনোপধ্যে মানি লোৱা নহ'ব ৷

পৰিষদে কোনো কাৰণতে অসমৰ এক ইঞ্চিও ভূমি নগালিমৰ অন্তৰ্ভূক্ত কৰিবলৈ দিয়া নহ'ব বুলি দৃঢ়তাৰে দাবী কৰে আৰু অসম বিৰোধী সকলো ষড়যন্ত্ৰৰ পৰা কেন্দ্ৰীয় চৰকাৰকে ধৰি সকলো পক্ষকে আতৰি থাকিবলৈ পৰিষদে তীব্ৰ সকীয়নি প্ৰদান কৰে ৷

প্ৰকৃততে কেন্দ্ৰই ষড়যন্ত্ৰমূলকভাবে অসম আৰু নগালেণ্ডৰ মাজত সংঘাত সৃষ্টি কৰিব বিচাৰিছে বুলি পৰিষদৰ নেতৃত্বই ক্ষোভেৰে প্ৰকাশ কৰে ৷ এইক্ষেত্ৰত অসম চৰকাৰৰ তৰফৰ কোনো প্ৰতিক্ৰিয়া আজি পৰ্যন্ত প্ৰকাশ নকৰাটো ৰহস্যজনক বুলিও কয় ৷ অসমৰ সীমান্তৱৰ্তী আন্তঃৰাজ্যিক সীমা বিবাদৰ বিষয়টো দীৰ্ঘদিনীয়া আৰু কেন্দ্ৰৰ কোনো এখন চৰকাৰেই আজি পৰ্যন্ত এই বিবাদসমূহৰ সমাধানৰ পদক্ষেপ গ্ৰহণ নকৰাৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে অসম আৰু অসমৰ সীমান্তবাসী জনসাধাৰণ ৷

নেতাদ্বয়ে কয় যে অসমৰ সীমামূৰীয়া অঞ্চলত নগালেণ্ডৰ আগ্ৰাসন আৰু অসমৰ ভূমিৰ অবাধ বেদখলে অনাহুত পৰিস্থিতিৰ মাজলৈ থেলি দিছে সীমান্তবাসী অসমীয়াক আৰু বিভিন্ন সময়ত সংঘটিত বিক্ষিপ্ত সংঘাতৰ পিছতো কেন্দ্ৰই কেতিয়াও আন্তৰিকতাৰে সীমা সমস্যা মীমাংসাৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৷

এতিয়া আকৌ ভূতৰ ওপৰতে দানহ জাপি দিয়াৰ দৰে অসমবাসীক সম্পূৰ্ণ অন্ধকাৰত ৰাখি সম্পাদিত এই প্ৰাৰম্ভিক চুক্তিখনে অসমীয়াৰ স্বাৰ্থ যে বিঘ্নিত কৰিব সেয়া নিশ্চিত বুলি উল্লেখ কৰি ইয়াক কোনো কাৰণতে মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিয়ে। লগতে পৰিষদে কেন্দ্ৰক এই চুক্তিখন অতি শীঘ্ৰে ৰাজহুৱা কৰিবলৈকো দাবী জনায়।

পৰিষদে অসম চৰকাৰ আৰু অসমৰ পৰা নিৰ্বাচিত হৈ দিল্লীলৈ যোৱা সাংসদসকলক অসমৰ স্বাৰ্থত দিল্লীত সজোৰে কথা ক'বলৈ আহ্বান জনায় ৷ পৰিষদে ক্ষোভেৰে কয় যে কেন্দ্ৰই উত্তৰ-পূবত লুণ্ঠন অব্যাহত ৰাখিবলৈ অঞ্চলটোৰ ৰাজ্যসমূহৰ মাজত সংঘাত বিচাৰে।

কেন্দ্ৰৰ এনে অভিসন্ধি কোনো কাৰণতে বাস্তৱ হ'বলৈ দিয়া নহয় বুলি উল্লেখ কৰি জাতীয় সংগঠনটোৰ নেতাদ্বয়ে যিকোনো প্ৰকাৰে উত্তৰ-পূবত শান্তিৰ পৰিৱেশ বৰ্তাই ৰাখিবলৈকে আহ্বান জনায়। উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাসিন্দাসকলে উত্তৰ পুবৰ ৰাজ্যসমূহৰ মাজত পৰস্পৰ সংঘাট বিবৰ্জিত পৰিবেশ সৃষ্টি কৰি নিজৰ নিজৰ ভৌগলিক পৰিসীমাৰ ভিতৰত থাকি আত্মনিয়ন্ত্ৰণৰ অধিকাৰ সাব্যস্তকৰণৰ সংগ্ৰাম আৰম্ভ কৰিব লাগে; নহলে কেন্দ্ৰৰ শোষণ বঞ্চনাৰ অন্তহীন পৰিক্ৰমা অবিৰতভাবে চলি থাকিব বুলি মন্তব্য কৰে ৷