গুৱাহাটীঃ ভাৰতীয় গণতন্ত্ৰত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সৰ্বকালৰ প্ৰতাৰক প্ৰধানমন্ত্ৰী৷ এই বিস্ফোৰক অভিযোগ কৃষক নেতা অখিল গগৈৰ৷ আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গান্ধীবস্তিৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনাৰে তুলাধুনা দিয়া অখিলে আৰু কয় যে মোদীৰ নেতৃত্বতে কেন্দ্ৰীয় চৰকাৰে সৰ্বাধিক উদ্যোগ-প্ৰতিষ্ঠান বিদেশী কোম্পানীৰ হাতত বিক্ৰী কৰিছে৷

পূৰ্বৰ মনমোহন চৰকাৰৰ দিনত ৰাজহুৱা উদ্যোগ-প্ৰতিষ্ঠান বিক্ৰীৰ অভিযান আৰম্ভ হোৱা প্ৰক্ৰিয়াটো নৰেন্দ্ৰ মোদীয়ে আৰু অধিক আগুৱাই নিছে৷ বৰ্তমানলৈ মোদীয়ে ৪০টাতকৈ অধিক চৰকাৰী তথা ৰাজহুৱা বিভাগ প্ৰত্যক্ষ বিনিয়োগৰ জৰিয়তে বিদেশী কোম্পানীৰ হাতত তুলি দিছে বুলি অভিযোগ উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে৷

বিজেপিয়েই ভাৰতৰ আটাইতকৈ ডাঙৰ শত্ৰু। দেশত হিন্দু-মুছলমানৰ সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰে দেশ বিক্ৰীৰ ভয়ংকৰ পৰিকল্পনা কৰিছে গেৰুৱা দলটোৱে৷ দেশৰ দৰিদ্ৰ জনতাৰ নামত দিয়া তিনিটকীয়া চাউল কাঢ়ি নিয়াৰ লগতে বিজেপি চৰকাৰে অৰ্থনৈতিক লুন্ঠনৰ ক্ষেত্ৰতো ইতিহাস ৰচনা কৰিছে৷

কৃষি আৰু পশুপালন, চাহ, ৰবৰ, কফি উদ্যোগ, খনি, পেট্ৰ’লিয়াম, প্ৰাকৃতিক গেছ, ৰে’লৱেত ১০০ শতাংশ বিদেশী বিনিয়োগৰ জৰিয়তে দেশৰ অৰ্থনীতিক ধ্বংসৰ মুখলৈ ঠেলি দিয়া বুলি সংবাদমেলত অভিযোগ উত্থাপন কৰে অখিলে৷

ইয়াৰ উপৰি অসামৰিক বিমান পৰিবহণ, বিমানঘাটিত ১০০ শতাংশ, ছপা মাধ্যম বাতৰি কাকতত ২৬ শতাংশ তথা টিভি চেনেলত ১০০ শতাংশ বিদেশী বিনিয়োগৰ জৰিয়তে মোদী চৰকাৰে অভিলেখ সৃষ্টি কৰাৰো অভিযোগ উত্থাপন কৰে৷ শৗেচালয় নিৰ্মাণৰ ক্ষেত্ৰতো ধন ঘটিছে বুলি দাবী কৰে অখিলে৷ গৰুক আধাৰ কাৰ্ড দিয়াৰ দৰে হাস্যকৰ আৰু নোহোৱা-নোপোজা ঘটনা মোদী চৰকাৰৰ দিনত আৰম্ভ হোৱাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে গগৈয়ে৷