গুৱাহাটীঃ সোমবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ সন্দৰ্ভত অসমৰ দল-সংগঠনে নিজ নিজ মতামত তথা সাক্ষ্য প্ৰকাশ কৰিব৷ গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে সাক্ষ্যদান প্ৰক্ৰিয়া৷ পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হৈছে সাক্ষ্য দান৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা কৃষক নেতা অখিল গগৈয়ে সাক্ষ্য প্ৰদান কৰিব আহি নাম নোলোৱাকৈ একাংশ জাতীয় সংগঠনক তীব্ৰ আক্ৰমণ কৰে৷ সাক্ষ্য প্ৰদান কৰিব নহা জাতীয় সংগঠনক জাতিদ্ৰোহী আখ্যা দিয়ে৷ 

অখিলে কয় ‘‘যিসকল জাতীয় সংগঠন এতিয়াও সাক্ষ্যদান কৰিব অহা নাই নাইবা নাহে তেওঁলোক জাতিদ্ৰোহী৷ যিসকলে অসমীয়া চিনেমা চাব লাগে বুলি আন্দোলন কৰে কিন্তু অসমীয়া ভাষা, অসমীয়া জাতি শেষ হৈ যাব তাৰ বাবে কোনো কথা বাৰ্তা নাই৷ তেনে হলে অসমীয়া জাতি বাচি নাথাকে৷ কেৱল চান্দা তুলিবলৈ, পইচা খাবলৈ কোনে সংগঠন কৰি আছে নাজানো৷ কিন্তু অসমীয়া জাতিৰ সমৰ্থনত থকা সকল আজি উবুৰি খাই পৰক৷ হিল’ দল ভাঙি আহক সকলোৱে স্মাৰক দিয়ক৷’’