newsnextone.com | গুৱাহাটীঃ ৰাজ্যত হিন্দু বাংলাদেশী সংস্থাপন আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ গৃহীতকৰণৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন৷ অসমে কেতিয়াও হিন্দু বাংলাদেশীৰ বোজা গ্ৰহণ নকৰে বুলি দাবী কৰি দল-সংগঠনসমূহে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে৷ 

আনহাতে হিন্দু বাংলাদেশীৰ সংস্থাপনে অসমত অসমীয়াৰ অস্তিত্ব নহোলা কৰিব বুলি দাবী উত্থাপন কৰি দল-সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিজন অসমীয়াক ওলাই আহিবলৈ আহ্বান জনাইছে৷ এতিয়াই যদি প্ৰতিবাদ নকৰে, তেন্তে এদিন নিজৰ মাটিতে ভগনীয়া হ’ব লাগিব বুলি সতৰ্ক কৰি দি গণসচেতনতা গঢ়ি তুলিবলৈ চেষ্টা চলোৱা হৈছে৷

ইফালে নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰ কৰাৰ দাবীত দেওবাৰৰ পৰা কৃষক মুক্তিয়ে গণসচেতনতা অভিযান কাৰ্যসূচী গ্ৰহণ কৰিছে৷ নাগৰিকত্ব সংশোধনী বিধেয়কখনে অসমলৈ কি কি অশনী বিপদ মাতি আনিব, সেয়া ৰাইজক বুজাই সজাগ কৰি তুলিবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই অভিযান কাৰ্যসূচী হাতত লৈছে৷ 

দেওবাৰে কৃষক নেতা অখিল গগৈয়ে শ্বহীদ দুলাল শৰ্মাৰ প্ৰতিমূৰ্ত্তিৰ ওচৰত বন্তি জ্বলাই এই অভিযানৰ আৰম্ভনি কৰে৷ মহানগৰীৰ ৰাজপথেৰে সমদল উলিয়াই কৃষক নেতাগৰাকীয়ে জনতাক বিধেয়কখনৰ বিৰুদ্ধে ওলাই আহিবলৈ আহ্বান জনায়৷ 

এই কাৰ্যসূচীৰ পাছতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওলাই আহিবলৈ প্ৰচাৰ পত্ৰ বিতৰণ কৰিব৷ মহানগৰীৰ বেলতলা বজাৰৰ পৰা আৰম্ভ কৰিবলগীয়া এই অভিযানৰ দ্বাৰা অসমীয়া জাতিক ৰক্ষা কৰাৰ স্বাৰ্থত সমূহ অসমীয়াক একত্ৰিত হৈ ওলাই আহিবলৈ আহ্বান জনায় কৃষক নেতা অখিল গগৈয়ে৷