newsnextone.com | ডিজিটেল ডেস্কঃ বৰ্তমান দেশৰ পৰীক্ষা ব্যৱস্থাত চিন্তাৰ কাৰণ হৈ পৰিছে কাকত ফাদিল আৰু অসৎ উপায় অৱলম্বন কৰি প্ৰশ্ন উত্তৰ কৰা কাণ্ড৷ চলিত বছৰত সমগ্ৰ ভাৰত চিবিএছইৰ কাকত ফাদিল কাণ্ড আৰু অসমৰ কাকত ফাদিল কাণ্ডই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ সময়ে সময়ে নকল তথা অসৎ উপায় অৱলম্বন কৰাৰ অজুহাতত পৰীক্ষাৰ্থীক বহিষ্কাৰ কৰিব লগা হয়৷

কিন্তু আমাৰ দেশে নভবা চিন্তা কৰিছে অলজেৰিয়াই৷ অলজেৰিয়াই নকল তথা অসৎ উপায় অৱলম্বন কৰা আৰু কাকত ফাদিল হোৱা কাৰ্যক ৰোধ কৰিবলৈ এক পদক্ষেপ গ্ৰহণ কৰিছে৷ পৰীক্ষাৰ সময়ত অলজেৰিয়াই সমগ্ৰ দেশত ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰাখিব৷ পৰীক্ষা হ’লত স্মাৰ্টফোন, সকলো ইলেকট্ৰনিক সামগ্ৰী নিষিদ্ধ কৰে৷ জানিব পৰা মতে, বৰ্তমান দেশ খনত হাইস্কুল পৰীক্ষা পৰীক্ষা অনুষ্ঠিত হৈ আছে আৰু ২৫ জুনলৈকে এটা সময়ত ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে৷

বিবিচিৰ এক প্ৰতিবেদন মৰ্মে মোবাইলৰ ইণ্টাৰনেট সেৱা, লেণ্ড লাইন সেৱা বন্ধ কৰি দিয়া হয় পৰীক্ষাৰ সময়ত৷ পৰীক্ষাত নকল ৰোধ কৰিবলৈ আলজেৰিয়ই এই ব্যৱস্থা হাতত লৈছে৷ প্ৰত্যেক পৰীক্ষা কেন্দ্ৰত পৰীক্ষা আৰম্ভণিৰ এঘণ্টাৰ পূৰ্বে ইণ্টাৰনেট সেৱা বন্ধ কৰা হ’য়৷ ২০১৬ বৰ্ষত ব্যাপক হাৰত নকল কৰাৰ অভিযোগ উত্থাপনৰ অন্তত এই ব্যৱস্থা গ্ৰহণ কৰে৷ 

কিয়নো দেশখনত ২০১৬ বৰ্ষত অনুষ্ঠিত অনলাইন পৰীক্ষাৰ লগতে আন আন পৰীক্ষাত কাকত ফাদিল হৈছিল৷ অৱশেষত অধিকাৰীয়ে ২০১৭ চনত আন আন পদ্ধতি অৱলম্বন কৰি সফল নোহোৱাত আলজেৰিয়াৰ শিক্ষা মন্ত্ৰী নৌৰীয়া বেংগাব্ৰিটে ২০-২৫ জুনলৈ দেশত , ইণ্টাৰনেট সেৱাকে ধৰি ফেচবুক পৰ্যন্ত বন্ধ থাকিব বুলি জনায়৷ 

আনহাতে বিবিচিয়ে আলজেৰিয়াৰ মুঠ ২০০০টা পৰীক্ষা কেন্দ্ৰত ইণ্টাৰনেট সেৱা নিষিদ্ধ কৰাৰ লগতে ইলেক্ট্ৰনিক উপকৰণ সমূহক ছাত্ৰ-ছাত্ৰী তথা কৰ্মচাৰীসকলৰ বাবে নিষিদ্ধ কৰা বুলি কয়৷ শেহতীয়াকৈ পৰীক্ষা কেন্দ্ৰসমূহত প্ৰৱেশ দুৱাৰত মেটেল ডিটেক্টিভৰ ব্যৱস্থা কৰা হ’ব বুলি জানিব পৰা গৈছে৷