ডিজিটেল ডেস্কঃ বিটিএডিৰ সীমাৰ বাহিৰে-ভিতৰে বড়ো জনগোষ্ঠীয় সকলো লোককে সুৰক্ষিত কৰা আৰু পৃথক বড়োলেণ্ডৰ দাবী জনাই আজি পুনৰাই প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যজুৰি সদৌ অসম বড়ো ছাত্ৰ সন্থাই।

বড়ো জনগোষ্টীৰ দীৰ্ঘদিনীয়া সমস্যা, পৃথক বড়োলেণ্ড গঠন অাৰু বিটিএডিৰ বাহিৰত বসৱাস কৰা বড়োসকলৰ নিৰাপত্তা আৰু ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰাৰ দাবীত সন্দৰ্ভত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ ফলত জনগোষ্ঠীটো উপেক্ষিত হৈ অহাৰ অভিযোগ উত্থাপিত কৰি প্ৰতাৰণা দিৱস পালন কৰা হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত। 

১৪ এপ্ৰিলৰ পূৰ্বে ৰাজনৈতিক পৰ্যায়ত আলোচনা অনুষ্ঠিত নকৰাৰ প্ৰতিবাদত আজি ওদালগুৰিত এবছু আৰু এন ডি এফ বি প্ৰগতিশীলে সমূহীয়া মূণ্ডন কৰে। প্ৰতিবাদী কাৰ্যসূচীত এবছু আৰু এন ডি এফ বি প্ৰগতিশীলৰ কেইবাশতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি পৃথক বড়োলেণ্ডৰ সমৰ্থনত বিভিন্ন শ্ল'গানৰে পৰিৱেশ উত্তাল কৰি তোলে। 

চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এবছুৱে পালন কৰা প্ৰতাৰণা দিৱসত পৃথক ৰাজ্য গঠন নকৰালৈকে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ হুংকাৰ দিয়ে সংগঠনটোৱে।

১৪ এপ্ৰিলৰ পূৰ্বে ত্ৰিপাক্ষিক বৈঠকৰ প্ৰতিশ্ৰুতি দি কেন্দ্ৰীয় চৰকাৰে বড়োলেণ্ড সন্দৰ্ভত ত্ৰিপাক্ষিক আলোচনাত আমন্ত্ৰণ নকৰি প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি আজি চিৰাং জিলা এবছুৰ উদ্যোগত সমূহীয়া মুণ্ডনেৰে প্ৰতিবাদ সাব্যস্ত কৰে। 

লখিমপুৰতো একেদৰে এবছুৱে পালন কৰে প্ৰতাৰণা দিৱস।‌ লখিমপুৰ জিলাৰ উত্তৰ কুলাবালিত পৃথক বড়োলেণ্ড আৰু দাবী সম্বলিত বড়োলেণ্ডৰ সীমাৰ বাহিৰত বাস কৰা বড়ো জনগোষ্ঠীৰ লোকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰে দীৰ্ঘদিন ধৰি কৰি অহা প্ৰতাৰণাৰ প্ৰতিবাদত সংগঠনৰ জিলা বড়ো ছাত্ৰই সামূহিক মুণ্ডনেৰে প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰে।