সময় চমু চাপি আহিছে। মাজত আৰু মাত্ৰ কেইটামান দিন, তাৰ পিছতে উলহ মালহেৰে প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব ৰাম মন্দিৰৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতেৰেই কৰা হ’ব ৰাম মন্দিৰৰ অভিষেক। বিগত কেইবাদশক ধৰি ধৰ্মীয় আৰু ৰাজনীতিক বিষয় হিচাপে পৰিগণিত হৈ অহা ৰাম মন্দিৰ নিৰ্মাণৰ কৃতিত্বও প্ৰধানমন্ত্ৰীকে প্ৰদান কৰিছে বিজেপি আৰু হিন্দুত্ববাদী সংগঠনসমূহে। আনকি ৰাম মন্দিৰ নিৰ্মাণ কৰা নৰেন্দ্ৰ মোদীক ‘ভগৱান ৰামৰ অৱতাৰ’ বুলিও বিজেপি নেতাৰ দ্বাৰা অভিহিত কৰা হৈছে।

২২ জানুৱাৰীত অযোধ্যাত অভিষেক কৰা হ’ব ৰাম মন্দিৰৰ। ইতিমধ্যে এই অভিষেক অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে ৭ হাজাৰ গৰাকী অতিথিক, যাৰ ভিতৰত আছে ৩ হাজাৰ গৰাকী ভিআইপি অতিথিও। অভিষেকৰ দিন ওচৰ চাপি অহাৰ লগে লগে এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত কোনে অংশগ্ৰহণ কৰিব, কোনে নকৰে তাক লৈ জল্পনা-কল্পনা বৃদ্ধি পাইছে। 

বিশ্ব হিন্দু পৰিষদে প্ৰকাশ কৰা মতে, ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানলৈ দেশৰ সকলো প্ৰধান ৰাজনৈতিক দলৰে মুখ্য নেতাকে আমন্ত্ৰণ জনোৱা হৈছে। কংগ্ৰেছৰ পৰা চিপিএমলৈকে দলৰ প্ৰধান নেতাসকলে লাভ কৰিছে বিশেষ নিমন্ত্ৰণী পত্ৰ। কিন্তু কংগ্ৰেছ, চিপিএমকে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ নেতাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে, আন বহুতে উত্সাহ ব্যক্ত কৰিছে।

অযোধ্যাৰ ৰাম মন্দিৰৰ উদ্বোধন অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লোৱা সকলৰ ভিতৰত আছে দেশৰ চাৰি পীঠৰ ৪ গৰাকী শংকৰাচাৰ্যও। অৱশ্যে শংকৰাচাৰ্য কেইগৰাকীয়ে বিবৃতি জাৰি কৰি আন সকলোকে এই অনুষ্ঠানত ভাগ ল’বলৈ আহ্বান জনাইছে।

হিন্দু ধৰ্মত শংকৰাচাৰ্যৰ গুৰুত্ব কি?

৪ শংকৰাচাৰ্যই ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ কথা স্পষ্ট কৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই অনুষ্ঠানত অংশগ্ৰহণ নকৰো বুলি কোৱা শংকৰাচাৰ্য স্বামী অবিমুক্তেশ্বৰানন্দ মহাৰাজে অংশ নোলোৱাৰ কাৰণ হিচাপে কয় যে নিৰ্মাণ সম্পূৰ্ণ নোহোৱা ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰাটো ধৰ্মীয় নিয়ম বিৰোধী। 

উল্লেখ্য যে হিন্দু ধৰ্মত শংকৰচাৰ্যৰ মহত্ব অনেক বেছি। বিশ্বাস অনুসৰি শংকৰাচাৰ্য হৈছে হিন্দু ধৰ্মৰ সৰ্বোচ্চ ধৰ্মীয় গুৰু পদ। হিন্দু ধৰ্মত শংকৰাচাৰ্যক সন্মান আৰু বিশ্বাসৰ দৃষ্টিৰে চোৱা হয়। ইয়াৰোপৰিও আদি শংকৰাচাৰ্য হিন্দু ধৰ্মৰ দাৰ্শনিক ব্যাখ্যাৰ বাবেও পৰিচিত। শংকৰাচাৰ্য আছিল অষ্টম শতিকাৰ এগৰাকী দাৰ্শনিক-সাধু। তেওঁক হিন্দু ধৰ্মৰ অদ্বৈত বেদান্ত বিদ্যালয়ৰ প্ৰতিষ্ঠাপক হিচাপেও গণ্য কৰা হয়। অদ্বৈত মানে অদ্বৈতবাদ, আৰু ই হৈছে ব্ৰহ্ম একমাত্ৰ বাস্তৱ, আৰু ব্যক্তিগত আত্মা আৰু পৰিঘটনা জগতকে ধৰি বাকী সকলো বস্তুৱেই এক ভ্ৰম বা মায়া বুলি ধাৰণা। 

শংকৰাচাৰ্যই সমগ্ৰ ভাৰত ভ্ৰমণ কৰি বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম, মীমাংসা, সাংখ্যা আদি অন্যান্য ক্ষেত্ৰৰ বিভিন্ন পণ্ডিতৰ সৈতে যুক্তিবাদত অংশ লৈ পিছত বেদান্তৰ অগ্ৰণী প্ৰতিষ্ঠাপক হিচাপে নিজৰ কৰ্তৃত্ব প্ৰতিষ্ঠা কৰিছিল। তেওঁ ঊপনিষদ, ব্ৰহ্মসূত্ৰ, ভাগৱত আদিৰ ওপৰত বহুতো টীকা ৰচনা কৰাৰ লগতে বিবেকচুড়ামণি আৰু উপদেশাসহশ্ৰী আদি মৌলিক গ্ৰন্থও ৰচনা কৰিছিল। তেওঁ শিকাইছিল যে মানৱ জীৱনৰ চূড়ান্ত লক্ষ্য হৈছে ব্ৰহ্মৰ সৈতে নিজৰ পৰিচয় উপলব্ধি কৰা, যিটো বৈষম্য, বিচ্ছিন্নতা আৰু ধ্যান-ধাৰণাৰ দ্বাৰা লাভ কৰিব পৰা যায়। 

বৌদ্ধ ধৰ্মৰ উত্থানৰ ফলত ভাৰতত যেতিয়া হিন্দু ধৰ্মৰ প্ৰতি সাধাৰণ মানুহৰ আস্থা হ্ৰাস পাইছিল তেতিয়াই তেওঁ হিন্দু ধৰ্মৰ মঠৰ পৰম্পৰাকো পুনৰুজ্জীৱিত কৰি ভাৰতৰ চাৰিটা কোণত চাৰিখন মঠ প্ৰতিষ্ঠা কৰে। এই মঠবোৰৰ কাম আছিল ধৰ্মৰ প্ৰচাৰ। এই চাৰি মঠ হ’ল- তামিলনাডুৰ ৰামেশ্বৰমৰ  শ্ৰীংগেৰী মঠ। এই মঠৰ শংকৰাচাৰ্য হৈছে ভাৰততীৰ্থ মহাৰাজ। ওড়িশাৰ পুৰীত অৱস্থিত গোবৰ্ধন মঠৰ শংকৰাচাৰ্য হৈছে স্বামী নিশ্চলানন্দ সৰস্বতী মহাৰাজ। গুজৰাটৰ দ্বাৰকাস্থিত সাৰদা মঠ, এই মঠৰ শংকৰাচাৰ্য হ’ল সদানন্দ মহাৰাজ আৰু উত্তৰাখণ্ডৰ বদ্ৰিকাত অৱস্থিত জ্যোতিৰ্মঠ, যাৰ শংকৰাচাৰ্যৰ নাম অবিমুক্তেশ্বৰানন্দ মহাৰাজ।

হিন্দু ধৰ্মৰ সৰ্বোচ্চ পদ হিচাপে গণ্য কৰি অহা শংকৰাচাৰ্য পদত অধিষ্ঠিত হ’বলৈ কেইবাটাও যোগ্যতাৰ মাপকাঠী নিৰ্ধাৰণ কৰি গৈছে আদি শংকৰাচাৰ্যই। আদি শংকৰাৰ গ্ৰন্থ 'মথামনয়ম’ত উল্লেখ থকা অনুসৰি এগৰাকী শংকৰাচাৰ্য হ’বলৈ হ’লে এজন ব্যক্তি ব্ৰাহ্মণ আৰু সন্যাসী হোৱাটো নিতান্তই বাঞ্ছনীয়। তদুপৰি তেওঁৰ নিজৰ ইন্দ্ৰিয় আৰু মনৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব লাগিব। ইয়াৰোপৰি চাৰি বেদ আৰু ছয় বেদাংগৰ জ্ঞান থাকিব লাগিব আৰু বিভিন্ন চিন্তাধাৰাৰ অন্যান্য পণ্ডিতৰ সৈতে আলোচনাত সক্ষম হ’ব লাগিব। 

স্বামী সদানন্দ আৰু স্বামী অবিমুক্তেশ্বৰানন্দ

শংকৰাচাৰ্য হ’বলৈ হ’লে এগৰাকী সন্তই বিদ্বান বেদান্তীসকলৰ শাস্ত্ৰ পৰীক্ষা কৰি ১৩খন আখাড়া (তপস্বীৰ আদেশ), আচাৰ্য মহামণ্ডলেশ্বৰ (আখাড়াৰ সৰ্বোচ্চ মুৰব্বী) আৰু সন্ত সভাৰ সন্মতি ল’ব লাগিব। তদুপৰি তেওঁ বাৰাণসীত অৱস্থিত পণ্ডিত পৰিষদৰ কাশী বিদ্বৎ পৰিষদৰ অনুমোদনও লাভ কৰিব লাগিব। এগৰাকী সন্ত বা সন্যাসী শংকৰাচাৰ্য হিচাপে নিৰ্বাচিত হোৱাৰ পিছত আদি শংকৰাই প্ৰতিষ্ঠা কৰা মঠৰ পৰম্পৰা অনুসৰি দশনামী সম্প্ৰদায়ৰ দহটা নামৰ এটা নাম গ্ৰহণ কৰে, আৰু তাৰ পিছত শংকৰাচাৰ্যই তেওঁ নেতৃত্ব দিয়া বিশেষ মঠটোৰ শিক্ষা আৰু আচাৰ-ব্যৱহাৰ অনুসৰণ কৰি সাধকসকলক আধ্যাত্মিক পথ প্ৰদৰ্শন কৰে।

ৰাম মন্দিৰৰ অভিষেকলৈ কিয় নাযায় শংকৰাচাৰ্য?

জ্যোৰ্তিমঠ শংকৰাচাৰ্য অবিমুক্তেশ্বৰানন্দ সৰস্বতীয়ে কয় যে অহা ২২ জানুৱাৰীত দেশৰ চাৰিওগৰাকী শংকৰাচাৰ্যই প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণ নকৰে। শংকৰাচাৰ্য অবিমুক্তেশ্বৰানন্দ সৰস্বতীৰ মতে এই অনুষ্ঠানটো শাস্ত্ৰমতে আয়োজন কৰা হোৱা নাই। মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাকৈয়ে প্ৰাণ প্ৰতিষ্ঠা কৰাতো শাস্ত্ৰসন্মত নহয় বুলিও কয় শংকৰাচাৰ্যগৰাকীয়ে। আনহাতে শ্ৰীংগেৰী মঠৰ শংকৰাচাৰ্য ভাৰতী তীৰ্থ মহাৰাজেও এক বিবৃতিযোগে এই অনুষ্ঠানত অংশগ্ৰহণ নকৰে বুলি জনায়।

শংকৰাচাৰ্য অবিমুক্তেশ্বৰানন্দৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। এই ভিডিঅ'টোত শংকৰাচাৰ্য অবিমুক্তেশ্বৰানন্দই কোৱা দেখা গৈছে, "যদি এইটো ৰমানন্দ পন্থাৰ মন্দিৰ হয়, তেন্তে চম্পট ৰায়ে তাত কি কৰি আছে? এই মানুহবোৰ তাৰ পৰা আঁতৰি যাব লাগে। একাষৰীয়া কৰি ৰামানন্দ পন্থাৰ হাতত মন্দিৰটো অৰ্পণ কৰক। আমি মোদী বিৰোধী নহয় যদিও ধৰ্মতত্ত্ব বিৰোধী হ’ব নিবিচাৰো।”

শ্ৰীৰাম জন্মভূমি ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পট ৰায়ে অলপতে ৰাম মন্দিৰ ৰামানন্দ পন্থাৰ অন্তৰ্গত বুলি কৈছিল। এই সন্দৰ্ভত তেওঁ কয়, "চাৰিওগৰাকী শংকৰাচাৰ্য কোনো মোহ বা ঘৃণাৰ বাবে নহয়, কিন্তু শাস্ত্ৰ অনুসৰণ কৰি সম্পন্ন কৰাটো শংকৰাচাৰ্যৰ দায়িত্ব। এতিয়া তাত শাস্ত্ৰক আওকাণ কৰা হৈছে। মন্দিৰটো এতিয়াও সম্পূৰ্ণ হোৱা নাই আৰু পবিত্ৰ কৰা হৈছে। এনে পৰিস্থিতি নাই যে হঠাতে কৰিব লগা হৈছে। কেতিয়াবা ৰাতি সেই মূৰ্তিটো তাতেই ৰখা হৈছিল, সেইটো এটা পৰিস্থিতি আছিল। ১৯৯২ চনত যেতিয়া এই গাঁথনিটো ভাঙি পেলোৱা হৈছিল তেতিয়া কিছু শুভ মুহূৰ্ত পৰ্যবেক্ষণ কৰা হৈছিল। সেই সময়ত কোনো শংকৰাচাৰ্যই প্ৰশ্ন উত্থাপন কৰা নাছিল কাৰণ তেতিয়াৰ পৰিস্থিতি এনেকুৱা আছিল।"

শংকৰাচাৰ্য অবিমুক্তেশ্বৰানন্দই কয়, ‘আজি আমাৰ সুনাম ভালদৰে গঢ়ি তোলাৰ সুযোগ আছে। সেইবাবেই যদি আমি কথা কৈছোঁ তেন্তে আমাক মোদী বিৰোধী বুলি কোৱা হৈছে। আমি নিজেও ধৰ্মশাস্ত্ৰ অনুসৰণ কৰিব বিচাৰো আৰু জনসাধাৰণক নেতৃত্ব দিব বিচাৰো। ধৰ্মতত্ত্বই নিজেই আমাক কৈছে যে ৰামৰ অস্তিত্ব আছে। একেখন শাস্ত্ৰৰ পৰাই আমি ৰামক চিনি পাওঁ, একেখন শাস্ত্ৰৰ পৰাই আমি প্ৰাণ প্ৰতিষ্ঠাকো চিনি পাওঁ। সেইবাবেই কোনো শংকৰাচাৰ্য তালৈ নাযায়।”

পুৰীৰ গোবৰ্ধন মঠৰ শংকৰাচাৰ্যই কি ক’লে?

গোবৰ্ধন মঠৰ শংকৰাচাৰ্য নিশ্চলানন্দ স্বামীয়ে এটা চেনেলৰ আগত কয়, "মোৰ হৃদয় এনেকুৱা নহয় যে প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে নিমন্ত্ৰিত হ'লে মই গৌৰৱ অনুভৱ কৰিম আৰু নিমন্ত্ৰণ নিদিলে খং উঠিব। শাস্ত্ৰ অনুযায়ী ৰাম জীক শ্ৰদ্ধা কৰাটো প্ৰয়োজনীয়। বৰ্তমান শাস্ত্ৰ অনুসৰি অভিষেক কৰা হোৱা নাই, সেয়েহে মোৰ বাবে তালৈ যোৱাটো উপযুক্ত নহয়। এটা নিমন্ত্ৰণ আহিছে যে আপুনি এজন ব্যক্তিৰ সৈতে আহিব পাৰে।”

নিশ্চলানন্দ স্বামীয়ে লগতে কয়, “কোনে মূৰ্তিটো স্পৰ্শ কৰিব লাগে আৰু কোনে স্পৰ্শ কৰিব নালাগে, সেই বিষয়ে সাৱধান হোৱা উচিত। পুৰাণত লিখা আছে যে দেৱতা (মূৰ্তি) ৰীতি-নীতি অনুযায়ী কৰিলেহে পবিত্ৰ কৰা হয়। যদি এই কাম সঠিকভাৱে কৰা নহয়, তেন্তে দেৱ-দেৱীসকল ক্ৰোধিত হয়। এয়া ধেমালি নহয়। সঠিকভাৱে কৰিলেহে দেৱতাৰ মহিমা সকলোৰে বাবে ভাল, নহ’লে ভয়ানক হৈ পৰে।”

তেওঁ কয়, "মোদী জীয়ে প্ৰতিমূৰ্তি উদ্বোধন কৰিব, প্ৰতিমূৰ্তিটো স্পৰ্শ কৰিব আৰু মই তাত হাত চাপৰি বজাম নে আৰু উল্লাস কৰিম নে? মই হিন্দু ধৰ্মৰ আটাইতকৈ উচ্চ পদটোত বহি আছো। মোৰ পদৰ মৰ্যাদাৰ বাবে মই চিন্তিত। মই যেতিয়া তালৈ যাওঁ তেতিয়া মোদী জীয়ে অধিক চিন্তা  কৰা উচিত। মই ইয়াৰ পৰাই প্ৰণিপাত জনাম। মই অযোধ্যাৰ প্ৰতি বিৰক্ত নহয়। তাত মোৰ সম্পৰ্ক চিন্ন হৈ নাযায়। কিন্তু প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে মই অযোধ্যালৈ যোৱাটো উপযুক্ত নহয়।”

প্ৰধানমন্ত্ৰী মোদীৰ হাতেৰে অভিষেক সন্দৰ্ভত তেওঁ কয় যে দুবছৰৰ পাছতো যদিহে মোদীয়ে এই অভিষেক কৰিলেহেঁতেন তেন্তে মই এই প্ৰশ্নটো উত্থাপন কৰিলোঁহেঁতেন যে প্ৰতিমূৰ্তিটো সঠিকভাৱে পবিত্ৰ কৰা উচিত। বৰ্তমান অযোধ্যাত শাস্ত্ৰ অনুসৰণ কৰা হোৱা নাই। আন কোনো কাৰণ নাই। মই কোনো দলৰ নহয়। মই একেবাৰে ক্ষুব্ধ হোৱা নাই।

এই সন্দৰ্ভত এটা বিবৃতিও ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে পুৰীৰ শাৰদাপীঠৰ শংকৰাচাৰ্যই। এই বিবৃতিত কোৱা হৈছে - "শংকৰাচাৰ্য সদানন্দ মহাৰাজে কোনো বিবৃতি সম্প্ৰচাৰ কৰা নাই। আমাৰ গুৰুদেৱে ৰাম মন্দিৰৰ বাবে বহু প্ৰচেষ্টা চলাইছিল, এই বিবাদ ৫০০ বছৰৰ পিছত শেষ হৈছে।" বিবৃতিটোত লগতে কোৱা হৈছে, "আমি বিচাৰো যে প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানটো বেদ, শাস্ত্ৰ আৰু ধৰ্মৰ মৰ্যাদা অনুসৰণ কৰি অনুষ্ঠিত হওক।”

ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ নিমন্ত্ৰণ প্ৰত্যাখান কংগ্ৰেছৰো

ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানলৈ কংগ্ৰেছৰ তিনি শীৰ্ষ নেতাক নিমন্ত্ৰণ জনোৱা হৈছিল।  এই অনুষ্ঠানলৈ নিমন্ত্ৰিত হৈছিল দলটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন অধ্যক্ষ ছোনীয়া গান্ধী আৰু ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰী। অনেক জল্পনা-কল্পনাৰ অন্তত বুধবাৰে কংগ্ৰেছে এই নিমন্ত্ৰণ প্ৰত্যাখান কৰি অভিষেক অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ কথা ঘোষণা কৰে।

এক বিবৃতিযোগে কংগ্ৰেছে কয়, "ভগৱান ৰামক কোটি কোটি ভাৰতীয়ই পূজা কৰে। ধৰ্ম মানুহৰ ব্যক্তিগত বিষয়, কিন্তু বিজেপি আৰু আৰএছএছে বছৰ বছৰ ধৰি অযোধ্যাৰ ৰাম মন্দিৰক ৰাজনৈতিক প্ৰকল্প হিচাপে গঢ়ি তুলিছে। এইটো স্পষ্ট যে এটা অৰ্ধনিৰ্মিত মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কেৱল নিৰ্বাচনী সুবিধা লাভৰ বাবেহে কৰা হৈছে।"

কংগ্ৰেছে কয়, "২০১৯ বৰ্ষৰ সন্মানীয় উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত গ্ৰহণ কৰি, ৰাইজৰ বিশ্বাসৰ প্ৰতি সন্মান জনাই মল্লিকাৰ্জুন খৰ্গে, ছোনিয়া গান্ধী আৰু অধীৰ ৰঞ্জন চৌধুৰীয়ে এই অনুষ্ঠানৰ বাবে বিজেপি আৰু আৰএছএছৰ আমন্ত্ৰণ সন্মানসহকাৰে নাকচ কৰিছে। 

স্বাভাৱিকতে কংগ্ৰেছৰ বাবে সহজ নাছিল এই সিদ্ধান্ত গ্ৰহণ কৰা। কাৰণ সমগ্ৰ দেশত এতিয়া লাহে লাহে বলিবলৈ আৰম্ভ কৰিছে লোকসভা নিৰ্বাচন বতাহ। এনে পৰিপ্ৰেক্ষিতত ৰাম মন্দিৰৰ বিষয়টোক কেন্দ্ৰ স্থাপন কৰা হৈছে আগন্তুক লোকসভা নিৰ্বাচনৰ ৰাজনৈতিক এজেণ্ডা। এনে পৰিস্থিতিত অনুষ্ঠানত অংশগ্ৰহণৰ সিদ্ধান্তক লৈ বিমোৰত পৰিছিল কংগ্ৰেছো। কংগ্ৰেছৰ শীৰ্ষ নেতাসকলক নিমন্ত্ৰণ কৰাৰ পিছৰে পৰা কংগ্ৰেছৰ বাবে এইটো এটা ডাঙৰ সমস্যা হিচাপে দেখা গৈছিল। নিমন্ত্ৰণ পোৱাৰ পিছত যেতিয়াই সংবাদ মাধ্যমে এই সন্দৰ্ভত প্ৰশ্ন কৰে তেতিয়াই কংগ্ৰেছে বাৰে বাৰে কৈছিল যে পিছত সিদ্ধান্ত লোৱা হ’ব, কিন্তু অৱশেষত বুধবাৰে কংগ্ৰেছে উপস্থিত নাথাকিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে।

আমন্ত্ৰণ প্ৰত্যাখান কৰি ৰাজনৈতিক ৰিস্ক লৈছে কংগ্ৰেছে!

ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে, ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ আমন্ত্ৰণ প্ৰত্যাখান কৰি কংগ্ৰেছে ৰাজনৈতিক ৰিস্ক লৈছে। বুধবাৰে কংগ্ৰেছে ইয়াক বিজেপি আৰু আৰএছএছৰ কাৰ্যসূচী বুলি অভিহিত কৰে। যি সময়ত কংগ্ৰেছৰ একাংশ নেতাই ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীলৈ কংগ্ৰেছ নোযোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে বিজেপিয়ে বিৰোধী দলটোক হিন্দু বিৰোধী প্ৰতিপন্ন কৰিবলৈ উঠিপৰি লগা দেখা গৈছে। এনে পৰিস্থিতিত কংগ্ৰেছৰ বাবে অসুবিধা আছিল যে যদিহে ৰাম মন্দিৰৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লয় তেন্তে দলটোৰ ধৰ্মনিৰপেক্ষ ভাবমূৰ্তিক লৈ প্ৰশ্ন উত্থাপন হ’ব আৰু যদি উপস্থিত নথকাৰ সিদ্ধান্ত লয়, তেন্তে বিজেপিয়ে কংগ্ৰেছক হিন্দু বিৰোধী দল হিচাপে প্ৰচাৰ কৰিব। কংগ্ৰেছে নিজৰ ধৰ্মনিৰপেক্ষ ভাবমূৰ্তি ৰক্ষাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও এতিয়া লোকসভা নিৰ্বাচনৰ উত্তাপৰ মাজতে বিজেপিয়ে হিন্দু বিৰোধী দল হিচাপে কংগ্ৰেছৰ আখ্যান সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে যাতে সংখ্যাগৰিষ্ঠ ভোট একত্ৰিত হৈ থাকিব পাৰে।

কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে কংগ্ৰেছৰ স্বভাৱ, চৰিত্ৰ আৰু মুখ কেতিয়াও সলনি হ’ব নোৱাৰে। বিজেপি নেতাজনে কয়,  “এই কংগ্ৰেছ দলেই শ্ৰীৰামক কাল্পনিক আখ্যা দি শপতনামা দিছিল। এই কংগ্ৰেছ দলেই নিৰ্বাচনত জয়ী হৈ আহিলে পুনৰ একে ঠাইতে বাবৰি মছজিদ নিৰ্মাণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল।” ইফালে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে কয় যে কংগ্ৰেছৰ প্ৰকৃত মুখখন উন্মোচিত হৈছে। প্ৰভু ৰাম বিৰোধী কংগ্ৰেছৰ মুখখন দেশৰ সন্মুখলৈ আহিছে বুলিও তেওঁ কয়। কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে কংগ্ৰেছে ইয়াৰ বাবে আক্ষেপ কৰিব। এই প্ৰশ্ন কংগ্ৰেছে উত্থাপন কৰিছিল যে বিজেপিয়ে ৰাম মন্দিৰৰ সুবিধা ল’ব বিচাৰে। এতিয়া বহু বিজেপি নেতাই প্ৰশ্ন কৰিছে যে কংগ্ৰেছে নগৈ কি লাভ অৰ্জন কৰিব বিচাৰিছে।

কেতিয়াও কংগ্ৰেছৰ নাছিল ৰাম মন্দিৰৰ বিষয়

ৰাজনৈতিক বিশ্লেষক বিশ্বনাথ চতুৰ্বেদীয়ে কয় যে বিজেপি নেতাসকলৰ বক্তব্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে নিৰ্বাচনতো বিজেপিয়ে কংগ্ৰেছক ৰাম বিৰোধী আৰু হিন্দু বিৰোধী বুলি প্ৰচাৰ চলাব আৰু ইয়াৰ উত্তৰ কংগ্ৰেছৰ বাবে কঠিন হ’ব। কংগ্ৰেছে এতিয়াও গাত লাগি থকা ইতিমধ্যে থকা হিন্দু আৰু মুছলমান বিৰোধী পক্ষপাতিত্বৰ দাগ ধুব পৰা নাই। এনে পৰিস্থিতিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈ আকৌ এবাৰ বিজেপিক সুযোগ দিয়া হৈছে। কংগ্ৰেছ নোযোৱাটোৱেই বিচাৰি বিজেপিয়ে নিমন্ত্ৰণ জনাইছিল বুলিও দাবী কৰে ৰাজনৈতিক বিশ্লেষকগৰাকীয়ে।  তেওঁৰ মতে, কংগ্ৰেছে এই অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্তৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

একে সময়তে জ্যেষ্ঠ সাংবাদিক ৰছিদ কিড়ৱাইয়ে কয় যে নিমন্ত্ৰণ পোৱাৰ পিছত কংগ্ৰেছে কি কৰিব তাক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। ৰাম মন্দিৰৰ বিষয়টো কেতিয়াও কংগ্ৰেছৰ নাছিল। এই বিষয়টো আৰম্ভণিৰে পৰা বিজেপিৰ আছিল আৰু মন্দিৰ নিৰ্মাণৰ সমান্তৰালকৈ ইয়াৰ কৃতিত্ব প্ৰধানমন্ত্ৰী মোদীক দিয়া হৈছে। কংগ্ৰেছ নেতাসকলে হয়তো চিন্তা চৰ্চা কৰি এই কথা বুজি পাইছে যে হিন্দুত্ববাদী দেখুৱাবলৈ গ’লে ৰাজনীতিত ঋণাত্মক প্ৰভাৱ পৰিব পাৰে।  দলটোৰ এটা সিদ্ধান্তই কেৰালাৰ দৰে ৰাজ্যত বিপৰ্যয়ৰ সৃষ্টি কৰিব পাৰে আৰু লোকসভাৰ সদস্যৰ সংখ্যাও হ্ৰাস পাব পাৰে। 

অন্যহাতে জ্যেষ্ঠ সাংবাদিক সিদ্ধাৰ্থ কালহান্সে কয় যে কংগ্ৰেছে অযোধ্যালৈ নাযায় বুলি যি স্থিতি গ্ৰহণ কৰিছে, সেই স্থিতিয়ে দলটোৰ ভোট বেংকত বিশেষ প্ৰভাৱ নেপেলায়। ৰাম মন্দিৰৰ অভিষেক কাৰ্যসূচীৰ জৰিয়তে বিজেপিয়ে নিজৰ কৰ্মীসকলক উত্সাহিত কৰিব বিচাৰিছে। কিন্তু এতিয়া ৰাম মন্দিৰ বিষয়টোৱে কোনো নতুন ভোট বেংকত কোনো প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা নাই। এনে পৰিস্থিতিত কংগ্ৰেছে নিজৰ ধৰ্মনিৰপেক্ষ মতাদৰ্শগত ভাবমূৰ্তিৰ কাষত থিয় দিয়াৰ সিদ্ধান্ত লৈছে সকলো সুবিধা-অসুবিধাৰ হিচাব কৰি। এইটো সঁচা যে কংগ্ৰেছক হিন্দু বিৰোধী বুলি চিত্ৰিত কৰিবলৈ বিজেপিয়ে প্ৰয়াস কৰিব, কিন্তু এইটো এটা অতি পুৰণি বিষয়। কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ আৰু বিজেপিৰ মাজত বিতৰ্ক বৃদ্ধি পাব। বিজেপিয়ে পৰম্পৰাগতভাৱে কংগ্ৰেছক সংখ্যালঘুৰ আৱেগ অনুসৰি কাম কৰাৰ অভিযোগ উত্থাপন কৰিব, কিন্তু ইয়াৰ দ্বাৰা বিশেষ পাৰ্থক্য নহ’ব।


প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!


সিদ্ধাৰ্থ কালহান্সে কয় যে বিজেপিয়ে এতিয়া কংগ্ৰেছক ৰাম বিৰোধী আৰু হিন্দু বিৰোধী বুলি প্ৰচাৰ কৰিব, কিন্তু কংগ্ৰেছে ইয়াৰ সৈতে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আহিছে। বিজেপিৰ হিন্দুত্ববাদৰ সন্মুখত কংগ্ৰেছে কোমল হিন্দুত্বৰ চেষ্টা কৰিলে, কিন্তু সফল নহ’ল। ৰাহুল গান্ধীৰ পৰা প্ৰিয়ংকা গান্ধীলৈকে মন্দিৰ দৰ্শন কৰে। শেহতীয়া বিধানসভা নিৰ্বাচনতো কমল নাথৰ পৰা ভূপেশ বাঘেললৈকে সকলোৱে কোমল হিন্দুত্ববাদৰ পথ অনুসৰণ কৰিছিল যদিও ভোটাৰসকলে বেয়াকৈ নাকচ কৰিছিল। কংগ্ৰেছে বুজি পাইছে যে বিজেপিৰ হিন্দুত্ববাদৰ প্ৰতি সঁহাৰি জনাই খেলপথাৰলৈ আহিলে কাম নহ’ব। ইয়াৰ বিপৰীতে নিজাকৈ নতুন এজেণ্ডা নিৰ্ধাৰণ কৰিব লাগিব, যাৰ বাবে কংগ্ৰেছে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। 

ৰামানন্দ পন্থা মানেনো কি?

ৰাম মন্দিৰ ন্যাসৰ প্ৰধান সম্পত ৰায়ে জনোৱা মতে ৰাম মন্দিৰৰ পূজা পদ্ধতি ৰামানন্দ পৰম্পৰাৰে সম্পন্ন কৰা হ’ব। মন্দিৰটোৰ মুখ্য পূজাৰীৰ দায়িত্ব লাভ কৰিব সত্যেন্দ্ৰ দাসে। বিগত ৫০ বছৰ ধৰি তেওঁ মন্দিৰটোত পূজাৰী হিচাপে সেৱা আগবঢ়াই আহিছে। ৮৬ বছৰীয়া পূজাৰীগৰাকী হনুমানগঢ়ীৰ নাগা আৰু সংস্কৃতৰো প্ৰধানাচাৰ্য আছিল। হিন্দী দৈনিক 'অমৰ উজালা'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ আৰু কয় যে ৰাম মন্দিৰটো ৰামানন্দ সম্প্ৰদায়ৰ। গতিকে ইয়াত সন্যাসী তথা শৈৱ আৰু শাক্তসকলৰ পৰম্পৰাৰ বিশেষ গুৰুত্ব নাথাকে। তাৎপৰ্যপূৰ্ণ যে চাৰি শংকৰাচাৰ্য হৈছে শৈৱ পন্থাৰ উপাসক। 

ৰাম মন্দিৰ হিন্দুৰ ৰামানন্দ পন্থাৰহে বুলি সম্পট ৰায়ে কৰা এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে যোশীমঠৰ শংকৰাচাৰ্য স্বামী অবিমুক্তেশ্বৰানন্দ সৰস্বতী মহাৰাজে। ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ কথা ঘোষণা কৰি তেওঁ কয়, “যদি এইটো ৰামানন্দ পন্থাৰ মন্দিৰ হয়, তেন্তে চম্পট ৰায়ে তাত কি কৰি আছে? এই মানুহবোৰ তাৰ পৰা আঁতৰি যাব লাগে। একাষৰীয়া কৰি ৰামানন্দ পন্থাৰ হাতত মন্দিৰটো অৰ্পণ কৰক। আমি মোদী বিৰোধী নহয়, কিন্তু আমি ধৰ্মতত্ত্ব বিৰোধীও হ’ব নিবিচাৰো।”

শংকৰাচাৰ্য স্বামী অবিমুক্তেশ্বৰানন্দ সৰস্বতী মহাৰাজে লগতে স্পষ্ট কৰি দিয়ে যে শংকৰাচাৰ্যৰ নিজা কোনো মন্দিৰ নাই। কেৱল ধৰ্মীয় ব্যৱস্থাহে দিয়ে। তেওঁ লগতে কয় যে চম্পট ৰায়ে জনা উচিত যে শংকৰাচাৰ্য আৰু ৰামানন্দ পন্থাৰ ধৰ্মতত্ত্ব বেলেগ নহয়। তেওঁ কয় যে যদি ৰাম মন্দিৰ ৰামানন্দ পন্থাৰ সৈতে জড়িত লোকৰ হয়, তেন্তে এই মন্দিৰ পবিত্ৰ কৰাৰ পূৰ্বে ৰামানন্দ পন্থাৰ সৈতে জড়িত লোকসকলক দিব লাগে। এই ক্ষেত্ৰত কাৰো আপত্তি নাথাকিব। চাৰি পীঠৰ শঙ্কৰাচাৰ্য্যৰ কোনো শত্ৰুতা নাই যদিও শাস্ত্ৰ অনুসৰণ নকৰাকৈ প্ৰতিমা স্থাপন কৰাটো উপযুক্ত নহয়। শংকৰাচাৰ্যই কয় যে নিৰ্মোহী আখৰাক পূজাৰ অধিকাৰ দিয়াৰ সমান্তৰালকৈ ৰামানন্দ পন্থাক মন্দিৰৰ ব্যৱস্থাৰ দায়িত্ব দিয়া উচিত।

ৰাম মন্দিৰ ন্যাসৰ সচিব আৰু শংকৰাচাৰ্যৰ মাজৰ এই ধৰ্মীয় মতভেদৰ পিছতে সাধাৰণ বহু লোকৰ মনত এই প্ৰশ্নৰ উদ্ৰেক ঘটিছে ৰামানন্দ পন্থা আৰু শংকৰাচাৰ্য পৃথক হয় নে নহয়। উল্লেখ্য যে, ৰামানন্দ আছিল পঞ্চদশ শতিকাৰ এগৰাকী কবি-সাধু। প্ৰয়াগৰাজ (এলাহাবাদ)ত জন্মগ্ৰহণ কৰা ৰামানন্দই বাৰাণসী আৰু আগ্ৰাত তেওঁৰ নীতিৰ প্ৰচাৰ কৰিছিল। তেওঁৰ অনুগামীসকলক ৰামানন্দী বুলি কোৱা হয়। তেওঁ প্ৰথমে বিশিষ্টদ্বৈত বা যোগ্যতাসম্পন্ন অদ্বৈতবাদৰ পোষকতা কৰা আন এগৰাকী বিশিষ্ট বেদান্ত গুৰু ৰামানুজৰ অনুগামী আছিল। ৰামানুজে শিকাইছিল যে ব্ৰহ্ম অৰ্থাৎ পৰম বাস্তৱতা ব্যক্তিগত আৰু ইয়াৰ বৈশিষ্ট্য আছে আৰু ব্যক্তিগত আত্মা ব্ৰহ্মৰ অংগ আৰু তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰি মুক্তি লাভ কৰিব পাৰি। 

ৰামানন্দই ৰামানুজৰ শিক্ষাৰ পৰিৱৰ্তন কৰি জনসাধাৰণৰ বাবে অধিক সুলভ কৰি তুলিছিল। তেওঁ জাতি ব্যৱস্থা আৰু ব্ৰাহ্মণৰ আধিপত্যক অগ্ৰাহ্য কৰি, নাৰী আৰু অস্পৃশ্যকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ শিষ্যক গ্ৰহণ কৰিছিল। তেওঁ ভক্তিমূলক গীত ৰচনা কৰিবলৈ সংস্কৃতৰ পৰিৱৰ্তে হিন্দী ভাষাৰ স্থানীয় উপ-ভাষাও ব্যৱহাৰ কৰিছিল। তেওঁ বিষ্ণুৰ অৱতাৰ ৰামক মোক্ষৰ মাধ্যম হিচাপে ভক্তি বা প্ৰেমময় ভক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। পঞ্চদশ শতিকাৰ বৈষ্ণৱ ভক্ত ৰামানন্দয়েই প্ৰতিষ্ঠা কৰিছিল এই ৰামানন্দ পন্থা।

উল্লেখ্য যে, হিন্দু পৰম্পৰাত একাধিক সম্প্ৰদায় আছে, যেনে বৈষ্ণৱ, শৈৱ, শাক্ত, বৈদিক আৰু চাৰ্বাক আদি। এই সম্প্ৰদায়সমূহৰ উপ-সম্প্ৰদায়ো আছে। মূলতঃ ভগৱান বিষ্ণুক উপাসনা কৰা লোকসকল হৈছে বৈষ্ণৱ সম্প্ৰদায়। এই সম্প্ৰদায়ৰ আকৌ ৪টা ভাগ আছে। ৪টা ভাগৰ প্ৰধান ভাগটো আকৌ শ্ৰী সম্প্ৰদায়। এই শ্ৰী সম্প্ৰদায়ৰ দুটা শাখা ৰামানন্দ আৰু ৰামানুজ। ৰামানন্দ সম্প্ৰদায়ৰ লোকসকলৰ আৰাধ্য ভগৱান হৈছে ভগৱান ৰাম আৰু সীতা। তেওঁলোকৰ মূল মন্ত্ৰ হৈছে 'ওম ৰামায় নমঃ’। এই সম্প্ৰদায়টোত জাত-পাত, অস্পৃশ্যতাৰ পৰিৱৰ্তে ভক্তিমাৰ্গৰ গুৰুত্ব অধিক। ৰামানন্দ লোকসকলে শুক্লশ্ৰী, বিন্দুশ্ৰী, ৰক্তশ্ৰী, লস্কৰি আদি তিলক লগাই আহিছে।

কেতিয়া নিৰ্মাণ সম্পূৰ্ণ হ’ব ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্য?

আধৰুৱা বা নিৰ্মাণ অসম্পূৰ্ণ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ বিৰোধ কৰি ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ নিমন্ত্ৰণ প্ৰত্যাখান কৰিছে চাৰি পীঠৰ শংকৰাচাৰ্যই। ২০২০ চনতে নিৰ্মাণকাৰ্য আৰম্ভ কৰা হৈছিল ৰাম মন্দিৰৰ। প্ৰথম অৱস্থাত ১৪ মাহৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব বুলি ৰাম মন্দিৰ তীৰ্থ ক্ষেত্ৰ ন্যাসে দাবী কৰিছিল যদিও পিছত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ সময়সীমা ৩ বছৰলৈ বৃদ্ধি কৰা হৈছিল। কিন্তু এতিয়া চাৰে তিনিবছৰত তিনি মহলীয়া ৰাম মন্দিৰৰ কেৱল তলৰ মহলাৰহে নিৰ্মাণ সম্পূৰ্ণ কৰাটো সম্ভৱ হৈছে।

ৰাম মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত দাবী কৰা মতে, ২০২৪ৰ ডিচেম্বৰ মাহৰ ভিতৰত ৰাম মন্দিৰৰ দ্বিতীয় আৰু তৃতীয় মহলাৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব। তেওঁ কয় যে, ৰাম মন্দিৰটো এক দীঘলীয়া সময়লৈ অক্ষত কৰি ৰখাৰ পৰিকল্পনাৰে অতি সুক্ষ্ম পৰ্যবেক্ষণৰে নিৰ্মাণ কাৰ্য চলাই থকা হৈছে। এই ৰাম মন্দিৰটো আগন্তুক এহাজাৰ বছৰলৈ অক্ষত হৈ থাকিব বুলিও দাবী কৰে নৃপেন্দ্ৰ মিশ্ৰই। আনহাতে মন্দিৰৰ নিৰ্মাণত কোনো কাৰণতে মৰ্যাদা পুৰুষোত্তম ৰামৰ নীতি-নিয়মত যাতে আঘাত নপৰে, তাৰ প্ৰতি অতি সচেতনতাৰে গুৰুত্ব প্ৰদান কৰা হৈছে।

ইফালে নিৰ্মাণ বিশেষজ্ঞসকলৰ মতে, ২০২৪ৰ ভিতৰত ৰাম মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰাটো কোনোপধ্যেই সম্ভৱ নহয়। বিগত চাৰে তিনিবছৰত মাত্ৰ এটা মহলাৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথা উল্লেখ কৰি নিৰ্মাণ বিশেষজ্ঞসকলে কয় যে সম্পূৰ্ণ মন্দিৰটোৱে কেতিয়া পূৰ্ণাংগ ৰূপ লাভ কৰিব সেয়া কোনেও নিশ্চিতভাৱে ক’ব নোৱাৰে। এই মন্দিৰটো নিৰ্মাণত কংক্ৰিটৰ সলনি শিল ব্যৱহাৰ কৰা হৈছে, যাৰ বাবে নিৰ্মাণকাৰ্য লেহেমীয়া হৈছে। এতিয়াও মন্দিৰৰ আধাতকৈ অধিক অংশৰ নিৰ্মাণকাৰ্য বাকী আছে।